পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অদৃষ্ট

(১)

 ধনীৰামৰ ককায়েক চাহ বাগিছাৰ মহৰি। তেওঁৰ টকা-কড়ি, ধন-বিত, সাজ-সম্পত্তি যথেষ্ট। গাৱঁত ধনী, মানী, প্ৰখ্যাত লোক আছিল।

(২)

 ধনীৰামৰ বিয়ালৈ পাঁচ দিন আছে। ককায়েকে ভাবিছিল, অগেয়ে মাৰৈ-পূজা এটা কৰি পাছত বিয়া পাতিব। ছোৱালীৰ ঘৰলৈ জোৰণ-ভোজন যি দিব লাগে সকলোকে দিয়া হৈছে। সুতৰাং মাৰৈ-পূজাৰ পাছতে বিয়া পাতিবলৈ একো দিগদাৰি নাছিল।

 পাঁচ দিন থকাত গধূলি ককায়েক ঘৰলৈ আহিল। সেই দিন পূজাৰ জাগনী। পুৱতি ৰাতি তেওঁ এবাৰ বাহিৰলৈ গল; তাৰ পাছতে বতিয়ালে। পাছ দিনা এপৰমান বেলা হোৱাত হাইজাত ককায়েকৰ মৃত্যু হল। আনন্দৰ কোঢ়াল শোকৰ কান্দনত তল পৰিল।

(৩)

 বিয়া নহল, অশৌচত পৰিল। অশৌচ যোৱাত বৌৱেক তেওঁৰ মাকৰ ঘৰলৈ গল। অশৌচৰ ভিতৰতে টকা-কড়ি