পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অদৃষ্ট কৰে কেইজনে! সংসাৰৰ চাৰিওফালে ইমান শোকৰ আৰু দুখৰ হাহাকাৰ যে কি শোকে যে কাৰ হিয়াখনি ফটাই দিছে, কি দুখে যে কাৰ জীৱনটোৰ ওপৰত দাঙিব নোৱাৰা ভাৰ তুলি দিছে তাৰ হিচাব কৰিব কোনে! আৰু কৰিয়ে বা অন্ত পাব কোনে! সাত-কুৰি টকাৰ বন্ধা! প্ৰথম বছৰত কাট মুঠতে ৬ টকা। টেপু-বাপু বামুণ মানুহ। আগেয়ে যেই নহওক, কিছুদিন ‘বঙাল’ত থকাৰ পৰা তেওঁৰ টকা কেইশমান গোট খাইছিল। তাৰেই ‘তেজাতি’ কাৰবাৰ কৰি তেওঁ সদাগৰ হল! পাছত ‘তেজাতি’ কাৰবাৰৰ তেজতে দুই চাৰি ঘৰ যজমাননা কৰি ললে। তেওঁৰ গৃহস্থিৰ ভিতৰত তেওঁ আৰু বামুণনী। পুতেক চাৰিজন, চাৰিওজনে ‘বিলাত কৰিছে। টেপু-বাপুৰ ঘৰত বামুণনীৰ মতে কাম কাজ মুঠেই নাই। ধনীমে খাই শুই বহি হে দিন কটায়, মুঠতে হালখন যি দুই এপাক ঘূৰাই আনে; তাকে। কেঁৰা-দিপৰত। ধনীৰাম আগেয়ে সুখীয়া মানুহৰ ঘৰৰ লৰা; জানি শুনিও যে তাক বাপুৱে বন্ধ। ৰাখিলে সেইবাবে নো কিমান দিন এই দম্পতীৰ ভিতৰত ৰোহ কাজিয়া, ভাত-নোখোৱা-নোবোলা আৰু হৈছিল তাক ইয়াত লেখ দিয়াৰ সকাম নাই। যি হওক, পুৱাৰেপৰা ৰাতি ডেৰ পৰলৈ ধনীৰামে একে গাৱঁতে থাকিও ঘৰত এবাৰ আহিবৰ, নাইবা নতুনকৈ ঘৰত অনা ছোৱালী জনীৰে সৈতে এবাৰ সুখ-দুখৰ কথা পাতিবৰ সময় নাপাইছিল।