পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অদৃষ্ট ভৰিৰ আধ্যা নোহোৱা কৰিছে! নিশা মহৰ কামোবত তত নাপাই থুপাৰ ধোৱা দি বৰষুণৰ টোপালত ভিজা মজিয়াত কিছুমান আধা-ভিজা খেবৰ ওপৰত ভিজা কানি এখন পাৰি আৰু তেনে বিধৰে কাপোৰ এখন পিন্ধি ধনীৰামৰ নবোঢ়া বধূ! গত দহ, দহ, কৰে জ্বৰ! এয়ে দুখীয়াৰ প্ৰণয়ৰ উপহাৰ! এয়ে দুখীয়াব প্ৰাণিব পুতলীৰ আদৰ! হায় দাবি! এইজনী সুন্দৰী—যাব নিপোটল সুঠাম দেহ, স্বৰ্ণ-গৌৰকান্তি, অনিন্দিত শৰীৰৰ লাবণ্যই ৰাজপাটো শুৱনি কৰিব পাৰিলেহেতেন, বামুণৰ বন্ধা দৰিদ্ৰ ধনীৰমৰ হাতত পৰি তেওঁৰ এই দশা! কম দুখত কবিয়ে কোৱা নাই—“দাৰিদ্ৰঃ-দোযয গুণৰাশি- নাশী”। গিৰীয়েকে দিনে ৰাতিয়ে খাটি টেপু-বাপুৰ ঘৰতে থাকে—ঘৰত যে সুন্দৰী ষোড়শী গাভৰু ছোৱালী এজনীয়ে একান্ত নিৰ্ভৰ কৰি তাৰেই ফালে চাই আছে—ভোক গুচাবৰ যাবে, লাজ গুচাবৰ বাবে, আশ্ৰয় পাবৰ বাবে-সেই কথা ভাবিবলৈ ধনীৰামৰ অবসৰ নাই। থাকিলেও, দীঘল ইমুনিয়াটোকো চেপা মাৰি ধৰি সি নিৰ্বাক নিস্পন্দ হৈ সকলো আঁতৰাই থয়। | আজি তিন দিন ঘৈণীয়েকে খাবলৈ পোৱা নাই; পিন্ধিবলৈ কাপোৰ নাই; ঘৰটো বৰষুণত উৰুষে। চাৰিওফালে বোকা- পানী। ঘৈণীয়েকৰ পুৱাৰপৰা জ্বৰ। কোনে খবৰ কৰে দুখীয়াৰ প্ৰণয়িনীৰ! সেই সময়তে সংসাৰত কিমান সহ- কোটি টকা খেলা বা আমোদত নাইবা অনাৱশ্যকীয় স্বচ্ছন্দতাত