পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৫৪
গল্পাঞ্জলি

হব পাৰে— সি বামুণৰ ঘৰৰ কাম-কাজৰ কাৰণেই; অথবা ধনীৰামৰ সংসাৰৰ প্ৰতি বিৰাগৰ বাবেই!

 টেপু-বাপুৰ— আৰু বিশেষকৈ তেওঁৰ গৃহিণীৰ, মিঠা মাতত ধনীৰামৰ মন সদাই ইমান আমুৱাই থাকে যে ঘৰলৈ গৈ সি আৰু মিঠা মাত মুখেৰে আনিব নোৱাৰাত পৰিল। হাল লৈ যোৱাত পলম হল, খালে বামুণ-খোৱাই; পথাৰৰপৰা অহা সোনকাল হল, বামুণৰ মঙহ খালে। পাত কটাত অলপ বেলি হল, মোহিনীয়েক-বাঁৰী-হোৱাই বাৰীত বহি থাকিল! ভোক লাগি পন্তা ভাত খুজিলে, পাইছে খাব ‘তিন টেকেলি’ মাৰি। ইত্যাদি প্ৰকাৰে নানা প্ৰকাৰ বিশেষণেৰে সম্বোধিত হৈয়ো ধনীৰমে কাকো এক আষাৰ কথা নকয়; নিজ মনে কাম কৰে আৰু ৰোৱাই থোৱাই পেটত এমুঠি পেলাই বামুণ-বামুণনী শুলে নিশা ঘৰক যায়।

(৬)

 ঘৰ! দুখীয়াৰ আকৌ ঘৰ! দুখীয়াৰো আকৌ লৰা-তিৰোতাৰ প্ৰতি মৰম-দয়া! দুখ— নে নিজ কৰ্ম্মৰ ফল-ভোগ।

 বাৰিষাৰ দিন— জিপ্‌-জিপ্‌ জুপ-জুপকৈ দিনে-ৰাতিয়ে বৰষুণ, চাৰিও ফালে বোকা পানী। যতে ততে মহ, জোক, ভেকুলী, কেঁচু, সাপ, দুৰ্গন্ধ আৰু নৰিয়া।

 ঘৰৰ চাৰিওফালে পচা খালৰ আৰু গোবৰৰ দুৰ্গন্ধ। চোতালত ভৰি দিব নোৱাৰি আঠু-সমান পোত! পেঁকে খাই