পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


গল্পাঞ্জলি অলঙ্কাৰ-পত্ৰ ভায়েকৰ হাতত পলুৱাইছিল। যাওঁতে বাকী- খিনিও লৈ গল। কেঞা মহাজনৰ তত ককায়েকৰ কিবা বাকী আছিল। ছল-চক্ৰান্ত কৰি সি মাটি-বৃত্তি গোটাইখিনি নিলাম ডাকি ললে। ধনীৰাম নিতান্ত দুখীয়া হল। সময়ৰ লগত, নিজৰ গাৰ কানি-কাপোৰ বেচি-কিনি হে পেট প্ৰবৰ্তাই থাকিব লগাত পৰিল। | হব-খোজা শহুৰেকে ধনীৰামলৈ ছোৱালী নিদিয়া কেতিয়াবাই ঠিক হৈ গৈছিল আৰু ছোৱালীৰ আন ঠাইত বিয়া হৈ গৈছিল। ধন-বিত, অৰ্থ-সম্পত্তি একো নাই; তেনে স্থলত বিয়া দিলে ছোৱালী নো কি খাই প্ৰবৰ্তিলেহেতেন? কিন্তু মানবী জন্মত জনম আৰু মৰণৰ নিচিনা বিয়াও তো এটা অৱশ্যে হবলগীয়া কাৰ্য! সুতৰাং ভাই-ককাই, আত্মীয়-বন্ধু সকলোৰে উপদেশ মতে ধনীমে টেপু-বাপুৰ ঘৰত সাত কুৰি টকাত বন্ধ সোমাই এশ টকা আনিলে আৰু তাৰ দ্বাৰাই কোনোবা এজনী মাউৰী ছোৱালীৰ পাণিগ্ৰহণ কৰি নিজৰ জীৱনটোক ধন্য কৰিলে। আৰু পিতৃ-পিতামহকে পুন্নাম নৰকৰপৰা উদ্ধাৰৰ বাটটো মুকলি কৰি দিলে। নিঃকিনৰ দুখৰ লেখ লয় কোনো দুখীয়াৰ দুখ দেখি পুতৌ।