পৃষ্ঠা:গল্পাঞ্জলি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
গল্পাঞ্জলি

খৰচ হৈছে! কিমান অৰ্থই প্ৰণয়ত আৰিলতা আৰু ভোগত অনৰ্থ আনিছে! কিন্তু যি এটি টকাই এনে হিয়া-ভঙা দুখ গুচাব পাৰে, তেনে টকা এটি সংসাৰত কত! নিৰ্থক ব্যয়ৰ সহস্ৰকোটি-ভাগৰ এটা ভাগো নো নাই নে যিহে এই নব-পৰিণীত দম্পতীৰ এই দুৰ্ভগ শোক লাঘব কৰি দিব পাৰে! ভাগ্যবানে নতুন প্ৰণয়িনীৰ সুখৰ নিমিত্তে, মনত এখন্তক আনন্দ দিবৰ কাৰণে, কিমান খৰচ, কিমান যত্ন কৰে! এই দুখীয়াৰো তো নতুন তিৰোতা, সিহঁতো তো মানুহ! সিহঁতৰো বাঞ্ছা আছে, সুখ আছে, দুখ আছে! কিন্তু থাকিলে কি হব, সিহঁত যে দুখীয়া, বামুণৰ বন্ধা!

 ধনীৰামে গামোচাৰ লোচত মনে মনে— বামুণনীয়ে দেখিলে সৰ্ব্বনাশ— নিজৰ ভাগৰ ভাত কেইটা বান্ধি আনিছিল। সি ভাবি চিন্তি ইয়াকে মুঠে বুদ্ধি পাইছিল, যি উপায়ে ঘৈণীয়েকক খাবনোপাৱাকৈ মৰাৰপৰা সৰুৱাব পাৰে।

 অতি সন্তৰ্পণে আহি বেজাৰৰ বোজা থোৱাদি ধনীৰামে সেই খেৰৰ শেতেলীৰ এমূৰে বহিল। লাহেকৈ নিজৰ কঠুৱা হাত খন ঘৈণীয়েকৰ হাতত থলে— সেই স্পৰ্শতো যেন কি সুখ! ঘৈণীয়েকে চকু মেলি চালে— সেই চোৱাতেই যেন কিমান প্ৰণয়ৰ আবেগ! মাতিব নোৱাৰিলে, বৰ জ্বৰ, গা হাত দিব নোৱৰা তপত! ধনীৰামে মাতিলে— “মালতি! কেনে পাইছ?” মালতীয়ে চকু দুটি মেলি গিৰীয়েকৰ মুখৰ ফালে চালে মাত্ৰ— কি কাতৰতা, কি নিৰ্ভৰতা, কি প্ৰেম, কি শোক আৰু দুখৰ