পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৯০
বিৰহিণী বিলাপ কাব্য।

মানৱৰ প্ৰাণ তাত হৰিষ সদাই?
তাত কি, ভনিতি! দুখ কনা মাত্ৰো নাই?
তাতনে কি ফুলি ফুল
গোন্ধত আমোল মোল?
সি দেশত ৰ'দে নেকি ফুল নুশুকায়?
সদাই বসন্ত তাত, জাৰ নেকি নাই?
কুৱা কুল কৰি নই
তাত কি ধীৰেৰে বয়?
ডকা ঢউ, ধলনীৰ পানী তাত নাই?
পাৰৰ ফুলনী তাত নিনিয়ে উটাই?
স্নেহৰ ভনিতি! তুমি গইছা ক’লই?
যি দেশত গ’লা তুমি
সি দেশ কি ৰম্য ভূমি?
কেনেকুৱা পথতাৰ, কেনি গ'লে পায়?
বাটত যাওতে বোকা ক'তো কি নাপায়?
সি দেশ কিমান দূৰ?
সেয়ে কি অমৰাপুৰ?
ভাত নেকি ভাৰতীয়ে “কছপী” বজায়
সা-ৰে-গা মা-পা-ধা-নি-সা বীণাত মিলাই?
সেয়ে নেকি স্বৰ্গ পুৰি?
ভাত নেকি থাকে হৰি,
অগতিৰ গতি প্ৰভু পতিত পাৱন
যোগী মুনি নিতে যাৰ আৰাধে চৰণ?
গ'লে নেকি সেই ঠাই