সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
বিৰহিণী বিলাপ কাব্য।

মৃত্যুৰ পাছত আমি
তাত গলে পাম নেকি বিচাৰি তোমাক?
আপোনাৰ, বুলি জানো চিনিবা আমাক?
এই স্নেহ ভাল পোৱা
ৰঙ্গে উদঙাই হিয়া
তাতো কি আমাক দিবা প্ৰাণৰ লাহৰি?
দিবা কি লাহৰী চুমা মুখত সাদৰি।
তাতো “মাজুকাই” বুলি
মাতিবা কি সোনকনি?
তাতো নেকি দিবা স্নেহ ভনিতী প্ৰাণৰ?
মৰম চুমাৰে মুছি ছবি বিষাদৰ?
ভনিতি!        
অন্তৰত এয়ে দুখ
অন্তিম কালত মুখ
নেদেখিলো দুচকুৰে তোমাৰ লাহৰি!
দুৰ্ভাগাৰ আশা, পূৰ্ণ নকৰিলে হৰি॥
পীড়িতা ঘৰত তুমি,
দাসত্ব দোলেৰে আমি
দূৰ দূৰস্ত বন্ধা;অন্তিম কালত
নাপালো শুনিব মাত তোমাৰ মুখত
কত যে হেপাহ কৰি
নৰ জীৱন এৰি
যাব খোজোঁ সি ৰাজত গইছা য’লই,
সংসাৰৰ মায়া মোহ সংসাৰতে থই॥