কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/প্ৰাণৰ জিতেন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২৮১ ]

প্ৰাণৰ জিতেন।

“—Yet is remembrance of those virtues dear
Yet fresh the memory of that beauteous face-
Still they call forth my warm affection's tear,
Stil my heart retain there wanted place.”
     ⸻Lord Byron
“—True—has forced thee from my breast
Yet in my heart thou keepest thy seat
There, there thine image still must rest
Until the heart shall cease to beat.”
    ⸻⸻Lord Byron.

⸺ফুলনিৰ মোৰ
গোলাপ জুপিত
ধৰিলি চাৰিটী কলি!
চাৰিটীৰে এটি
কিয়, ঐ জিতেন!
থিতাতে লেৰেলি গ’লি?
ফুলনী শুৱাই
আছিলি সোনাই!
তোক কিহেঁ নিলে হৰি?
চকু পচাৰতে
হিয়া উদঙ্গাই
দিনতে আন্ধাৰ কৰি?

[ ২৮২ ]

নিৰদয় পোকে
কুটিলে কি তোক
শুৱনী গোলাপ পাহি?
চ’তালী ৰদে কি
পেলালে লেৰেলা,
নাহাঁহ মধুৰ হাহি?
বাসন্তী কুলিৰ
‘কুউ’ শবদত
নহয় শীতল প্ৰাণ!

   (তোৰ) মউসনা কথা

আধা আধা ফুটা
অমৰা পুৰৰ গান!
পূৰ্ণীমাৰ জোন
নহয় ধুনীয়া
তাতো কলঙ্কৰ ছিন!
তোৰ যে মুখনি
কেনুৱা শুৱনী
কাৰেনো তুলনা দিম?
মোৰ সংসাৰৰ
শুৱনী গোলাপ
নিলে কোনে আজি হৰি?
কিয় অকস্মাত
শুন্দৰ ফুলনী
পৰিলে আন্ধাৰে ভৰি?

[ ২৮৩ ]

কিয় ধৰিছিলি
গোলাপৰ কলি?
নাপালি ফুলিৰ দেহি!
অকালতে গ’লি,
ঢোপাতে শুকালি,
থিতাতে পৰিলি খহি!
সোন ঐ
– কত হেপাহেৰে
তুলিছিলো তোক,
জুই দি কিয়নো গ’লি?
"মা-গ"-দেই তাক
ক’তনো এৰিলি,
কিয় এনেকুৱা হ’লি?
“বুৰী আইতা”ক
আৰু কি নামাত,
কোলাত নবহ সোন?
আৰু কি নাহাঁহ
মিচিকীয়া হাহি,
আউশী নিশাৰ জোন?
যদি সেয়ে হয়!
কিয় আহিছিলি
মাথোন দুদিনলই?
কিয়নো মিছাতে
মৰম লগালি

[ ২৮৪ ]

মউসনা কথা কই?
মৰম লগাই
বুকত সোমাই
বুকতে কুঠাৰ দিলি!
মৰমৰ বস্তু!
নহ’ল মৰম,
কিয়নো নিৰদয় হলি?"
মাইকী বাপেকূ
আমি দুয়োটীৰে
আছিলি স্নেহৰ অতি,
“বুৰি আইতা”ৰ
পৰাণতো প্ৰিয়,
কিন্তু কি কৰিলি গতি?
মাইকী এৰিলি,
বাপেকী এৰিলি,
ত্যজিলি ককাই ভাই;
এৰিলি কাপোৰ
পিন্ধাৰ সজুলী,
হেপাহ একোতে নাই?
পূৰ্ব্ব জনমত
শতুৰু আছিলি,
শতুৰু শীলিলি, গ’লি!
বন্ধুৰ সাজেৰে
শতুৰু আছিলি

[ ২৮৫ ]

এতিয়া চিনাকি দিলি!
সোন ঐ!
নহয়, নহয়,
নহয় শতুৰু,
সোনটী প্ৰাণৰ তই!
যেনে মৰমৰ
আছিলি আগেয়ে,
থাকিবি তেনুৱা হই!
পৰাণৰ সোন,
চিৰকালে সোন,
আৰু কি দোছোৰা হ'ব!
মৰিও সোনাই
জীয়ায়ো সোনাই,
সোনাই সোনায়ে ৰ’ব!!
জীৱন মৰণ
একে সোনকলি!
মৰণ বৰঞ্চ ভাল!
বিষাদৰ কন্দা
নাথাকে তেতিয়া
অন্তৰ নদহে কাল!
সংসাৰৰ দুখ
নউ পাওতেই
গইছ সংসাৰ এৰি!
সুখৰ জীৱটী

[ ২৮৬ ]

গ’লি সুখতেই
সুখেৰে লাহৰী ফেৰি!
বিষম সংসাৰ,
গতি বিষময়,
সংসাৰ অশান্তিময়,
কাল চক্ৰে তাত
নৰ প্ৰাণ কান্দে
দুখে জৰ্জ্জৰিত হই॥
কাল সংসাৰৰ
কালৰ চক্ৰত
নউ বুৰোতেই তই!
নউ কান্দোতেই
দুখৰ কান্দোন
দুধাৰি চকুলো লই;
এৰিলি সংসাৰ
অশান্তিৰ ঠাই
ভালে ভালে সোন কনি!
স্বৰগৰ জীৱ!
পালি পুনু স্বৰ্গ,
অনন্ত সুখৰ খনি॥
দেৰ কন্যা সবে
নিতে কোলা ল’ব
অতি যে সাদৰ কৰি,
শুবৰ বেলিকা!

[ ২৮৭ ]

কাষত শুৱাব,
দিঙ্গিত সাবতি ধৰি।
কান্দিব খুজিলে
নিচুকাব তাত,
আছে জগতৰ আই।
ভোকৰ বেলিকা
অন্নদা খুৱাব,
দুখ কোনোটিতে নাই।
কিন্তু⸻
যদি কেতিয়াবা
“দে-তা”ক বিচাৰ,
“মা-গ"লৈ মনত পৰে,
ৰাতি সপোনত
আহি দেখা দিবি,
জানো বা হেপাহ পূৰে॥
স্বপ্নত একোলা
ল’ম, সোন কনি!
স্বপ্নতে এচুমা খাম!
এখন্তেক জানো
শান্ত হয়, সোন!
বাপেকী মাকৰ প্ৰাণ!!
হৃদয়ৰ জুই
জানোবা খন্তেক
নজ্বলে নুমাই যায়

[ ২৮৮ ]

জানোবা জুড়ায়
দুচকু আমাৰ
স্বপ্নতে দেখিব পাই!
সোন ঐ!    
দৰ্জ্জিৰ হাতেদি
শিয়ালো চাৰিটী
ছোলা হাবিয়াস কৰি;
তিনিৰ তিনটী
পায়েই পিন্ধিলে
তোৰটী থাকিল পৰি!
আপোন আপোন
পিন্ধিলে তিনিয়ে
তোৰটো নিপিন্ধ কিয়?
জাৰৰ দিনত
উদঙ্গে থাকিবি
জাৰত কপাই জীৱ?
বেলাটোতে, সোন!
পিন্ধ তিনি বেলি
তিনটা ছোলা নতুন!
দিনে দিনে লাগে!
নতুন “চুলিয়া” (১)
নিতউ নতুন ধুন॥
নতুন দেখিলে
(১) অৰ্থাৎ “চুৰিয়া”।

[ ২৮৯ ]

পেলাৱ পূৰণি,
নতুন মাথোঁন বাৰু।
তেনুৱা নতুন
ছোলাকো নিপিন্ধ,
নালাগে “চুলিয়া” আৰু
নে,— সংসাৰ এৰিলে
একোকে নালাগে
উদঙ্গে স্বৰ্গত থাকে?
ছোলা চুৰিয়া
সংসাৰৰ বস্তু!
ইয়াতে মাথোন লাগে?
 *  *  *
 *  *  *
“মোৰ” কথা নেকি
মাথোঁ সংসাৰত
স্বৰগত ই কথা নাই?
তিয়াগি সংসাৰ
গ’লে স্বৰগত
“মোৰ” কথা পাহৰি যায়?
পাহৰিছ যদি
পাহৰ সোনাই! .
নুবুলিবি আৰু ‘মোৰ’!
“মোৰ” বুলিবলৈ
নাই সংসাৰত,

[ ২৯০ ]

সংসাৰ যে ভ্ৰান্তি ঘোৰ
*  *  *
*  *  *
মোৰ মোৰ বুলি
“দে-তা”ক ধৰহি,
নিদিছিলি কাকো চুব।
“মোৰ মা-গ” বুলি
লগে লগে ফুৰ,
এতিয়া কোননে যাব?
“মোৰ” বুলিছিলি
“পৰ" ভাবি ললি
হঠাতে তিযাগি গ’লি!
যি “আপোন” তোৰ
এৰিলি সবকে,
“পৰক বিচাৰি ল’লি।
*  *  *
*  *  *
দয়াময়     
অসাৰ সংসাৰ
সকলো অসাৰ
সংসাৰত একো নাই?
কোনো লোকে কয়
সংসাৰেহে সাৰ
সংসাৰতে মোক্ষ পায়!

[ ২৯১ ]

সংসাৰ ক্ষেত্ৰত
তযু লীলা প্ৰভূ।
বুজিব নোৱাৰো একো
স্বাৰ্থত ব্যাঘাত
লাগিলে মাথোন
চকুৰ চকুলো টোকোঁ
সাৰ কি অসাৰ
ই ভৱ সংসাৰ
বুজিব নোৱাৰোঁ আমি
সংসাৰ ৰহস্য
তুমি মাথোঁ জানা
সৰ্বজ্ঞ অন্তৰ্য্যামি
জানো মাথোঁ আমি
জগতৰ পিতা
মূল সকলোৰে তুমি
স্ৰজোঁতা মাৰোতা,
দিওঁতা, নিওতা,
পালোতা সকলো প্ৰাণী
সকলোৰে আদি,
অনাদি কাৰণ
তোমাৰ বিভূৰ্ত ভৱ,
তোমাৰ ঐশ্বৰ্য্য
তিনিও ত্ৰৈলোক্য
তোমাৰে সকলো জীৱ

[ ২৯২ ]

সন্তান সন্ততি
দিছিলা চাৰিটী
তুমিয়ে মাথোন, হৰি
চাৰিটীৰে এটি
নিলা! তুমি নিজে,
তুমি কাল মূৰ্ত্তি ধৰি
আপোনাৰ বস্তু
নিলা যে আপুনি
তাত কি মাতিম আমি?
সংসাৰ হাটত
তযু লীলা খেলা,
অহা যোৱা কৰে প্ৰাণী॥
কিবা ভাব কৰি
দিছিলা পঠাই
লাহৰী জিতেন ফেৰি
কি বা মন হ’ল,
নিলা পুনৰায়,
কি সাধ্যে ৰাখিম ধৰি
দুদিনৰ হেতু
দিছিলা পঠাই,
দুদিন সমাপ্ত হ’ল
জীৱনৰ লীলা
কৰি সমাপন
মোৰে যে জিতেন গ’ল

[ ২৯৩ ]

তোমাৰেই মায়া
(সংসাৰৰ মায়া)
সি মায়া-জালতে পৰি
সোনক হেৰাই
কান্দি উঠে প্ৰাণ,
ওলাব চকুলো ধাৰি
সি মায়া দোলতে
বান্ধ খাই, প্ৰভু
তালই চিতনী লাগে,
জনো সি পুৰিতো
“মা-গ দে-ইতা”ক
নেদেখি জিতেন কান্দে
যদি কোনো দিন
কান্দে সোনে তাত
আমাৰ সলনি; হৰি
কোলা লই তাক
চুমা এটী দিবা
দিঙ্গিত সাবতি ধৰি
জগতৰ পিতা
দিবা জিতেনক
বাৎসল্য স্নেহৰ ভাগ
কুমলীয়া ল’ৰা
অকলে নেৰিবা,
ছাগকে ভাবিব বাঘ

[ ২৯৪ ]

নজনা লৰাই
যদি দুষ্ট কৰে
তুমি নোকোবাবা তাত
আদৰৰ বস্তু
থ’বা আদৰত,
দুখৰ নিদিবা ছাত॥
তুমি দয়াময়
জগতৰ পতি
তুমি ব্ৰহ্মা বিষ্ণু হৰি
তোমাৰ কাষত
ইয়াকে খাটিলো
দুখানি চৰণ ধৰি॥


কমতাপুৰ ধ্বংস কাব্য (page 294 crop)