কথা-গীতা/একাদশ অধ্যায়
একাদশ অধ্যায়।
ভগৱন্তে পৰম কৃপায়ে বিভূতিবৈভব কহি অৰ্জ্জুনৰ দেখিবে ইছা দেখি বিশ্বৰূপ দেখাইলা। পূৰ্ব্ব অধ্যায়ৰ অন্তত এক অংশে মঞি জগতক ধৰিছো বুলি বিশ্বৰূপ পৰমেশ্বৰক কহিলা। তাকে দেখিবে ইছায় পূৰ্ব্বোক্ত অভিনন্দা কৰি অৰ্জ্জুনে পোছন্ত। হে পৰমেশ্বৰ, মোৰ শোক নিবৃত্তিৰ অৰ্থে পৰম গোপনি পৰমাত্মনিষ্ঠ আত্মানাত্মবিবেক দ্বিতীয় অধ্যায়ৰ পৰা ষষ্ঠাধ্যায় পৰ্য্যন্ত যি বাক্য কহিলা, সেই বচনে মোৰ মোহ নষ্ট হৈল। তুমাৰ সকাশত জগতৰ সৃষ্টি প্ৰলয় হয় আকো বিস্তৰ শুনিলো। হে কমললোচন! তুমাৰ অব্যয় মহিমাকো শুনিলো। জগতৰ সৃষ্টি আদি কৰ্ত্তা হৈলেও অধিকাৰ, সৰ্ব্বনিয়ন্তা হৈলেও অবৈষম্য, শুভাশুভ কৰ্ম্ম কৰাইতেও অসঙ্গ বন্ধমোক্ষ, বিচিত্ৰ ফল দিতেও উদাসীন, ইত্যাদি লক্ষণ অপৰিমিত মহিমা শুনিছো। এতেকে তুমাৰ পৰতন্ত্ৰলোকৰ অহঙ্কৰ্ত্তা হেন মোহ দূৰ গৈল। হে পৰমেশ্বৰ! ইদানীক কহিছা এক অংশে জগতক ধৰিছো, আতো মোৰ অবিশ্বাস নাই। তথাপি হে পুৰুষোত্তম! জ্ঞান ঐশ্বৰ্য্য শক্তি বীৰ্য্য তেজ সম্পন্ন তুমাৰ ঈশ্বৰৰূপক মঞি কৌতুকত থাকি দেখিবে ইছা কৰো। তাক যদি ভাল দেখা মঞি যদি দেখিবে শক্য হঞু তেবে হে যোগেশ্বৰ! সেই ৰূপক মোক দেখাৱা। এমনে অত্যন্ত অদ্ভুত ৰূপ দেখাইতে প্ৰাৰ্থনা কৰিলে সাৱধান হৱা বুলি অৰ্জ্জুনক সমুখ কৰান্ত। হে অৰ্জ্জুন! মোৰ নানাবিধ দিব্য শতসহস্ৰৰূপ দেখা, যত নানা বৰ্ণ, আকাৰ আছে। এক ৰূপ হন্তেও নানাবিধ পদে বহুবচন কহিলা। মোৰ ৰূপত দ্বাদশ আদিত্য, অষ্টবসু, একাদশ ৰুদ্ৰ, দুই অশ্বিনীকুমাৰ, উনপঞ্চাশ বায়ু, আন অপূৰ্ব্ব অদৃষ্ট আশ্চৰ্য সব দেখা। তৈতে তৈতে ফুৰন্তা জনে বৰ্ষকৌটীও দেখিবে অশক্য চৰাচৰ জগতক এই মোৰ দেহত একে ঠাই দেখা। আননা জগতৰ কাৰণৰূপ আশ্ৰয় জয় পৰাজয়দিয়ো যাক যাক দেখিবে ইছা কৰা তাক মোৰ ৰূপত দেখা। এই আপুনাৰ চৰ্ম্মচক্ষুয়ে মোক দেখিবে শক্য নহৈবা, এতেকে অলৌকিক দিব্য জ্ঞানচক্ষু তুমাক দেঞু, যি চক্ষুয়ে মোৰ অসাধাৰণ ঐশ্বৰ্য্যক অঘটঘটনা চাতুৰ্য্যক দেখা। এই কথা ধৃতৰাষ্ট্ৰক প্ৰতি সঞ্জয়ে কহন্ত।
এই বুলি ভগৱন্তে অৰ্জ্জুনক প্ৰতি ঈশ্বৰ ৰূপ দেখাইলা। যাত অনেক মুখ নেত্ৰ নানাবিধ দিব্য অলঙ্কাৰ অদ্ভুত অনেক আয়ুধ অনেক আশ্চৰ্য্য দৰ্শন আছে। দিব্য পুষ্প বস্ত্ৰ পৰিধান কৰিছা দিব্য গন্ধচন্দন যাত আছে, যি সকল আশ্চৰ্য্য প্ৰায় প্ৰকাশময় অপৰিচ্ছিন্ন সৰ্ব্বতোমুখ বিশ্বৰূপ দীপ্তিৰ নিৰূপম কহন্ত। যদি আকাশত একেলগে সূৰ্য্য সহস্ৰ উদয় হয়, তাৰো যদি একেলগে প্ৰভাস ৰহয়, তেবে বিশ্বৰূপ দীপ্তিৰ কথঞ্চিত সদশ হয়। সেই ভগৱন্তৰ শৰীৰত নানাৰূপে স্থিত সকল জগতক পাণ্ডবে দেখি মহা বিস্ময় লভি লোমাঞ্চিত হুয়া ভগৱন্তক শিৰে প্ৰণাম কৰি কৃতাঞ্জলি হুয়া বুলিবে লাগিলা।
হে দেব! তুমাৰ দেহত দেবসব দেখোঁ, প্ৰাণীসমূহ, নিঃশেষ ঋষি, মহা সৰ্পসব, সবাৰে ঈশ্বৰ ব্ৰহ্মাক তুমাৰ নাভি পদ্মত দেখোঁ। তুমাকে অনেক বাহু উদৰ মুখ নেত্ৰ অনন্তৰূপ আদি অন্ত মধ্য শূন্য বিশ্বৰূপ দেখো। হে বিশ্বেশ্বৰ! বিস্তৰ কিৰীটি গদা চক্ৰ ধৰিছা, সৰ্ব্বতো দীপ্তিমন্ত তেজঃপুঞ্জ ৰূপ দেখিবাকো অশক্য দীপ্তিমন্ত অগ্নি সূৰ্য্যসম প্ৰমাণ কৰিতে অশক্য দেখো৷ এতেকে জানে পৰমব্ৰহ্ম মুমুক্ষুৰ বেদ্য বিশ্বৰ আশ্ৰয় অব্যয় নিত্য ধৰ্ম্মপালক সনাতন পুৰুষ, উৎপত্তি স্থিতি লয় শূন্য অনন্তবীৰ্য্য অনন্তবাহু যাৰ নেত্ৰত চন্দ্ৰ সূৰ্য্য মুখত অগ্নি আপুনাৰ তেজে বিশ্বক প্ৰকাশ কৰিবে লাগিছা। স্বৰ্গ পৃথ্বীৰ মধ্য আকাশক দশো দিশক তুমি একেলায় ব্যাপি আছা। তুমাৰ অপূৰ্ব্ব অদৃষ্ট অদ্ভুত ঘোৰ ৰূপ দেখি তিনিয়ো লোক অতি ভীত হৈল। দেবসমূহ সব শৰণ পৈশে, কতোসব মহা ভয় হুয়া দূৰতে থাকি অঞ্জলি কৰি জয় জয় ৰক্ষ ৰক্ষ বুলি প্ৰাৰ্থনা কৰন্ত। মহৰ্ষিসব সিদ্ধসব স্বস্তি বুলি নানা স্তোত্ৰ পঢ়ি স্তুতি কৰন্ত। ৰুদ্ৰগণ আদিত্যসব অষ্টবসুসব সাধ্যসমূহ বিশ্বেদেবগণ অশ্বিনীকুমাৰ মৰুতগণ পিতৃগণ গন্ধৰ্ব্ব যক্ষ অসুৰসব সিদ্ধগণ এই সব বিস্ময় হুয়া চায়া আছে। হে মহাবাহো! তুমাৰ বিস্তৰ মুখ নেত্ৰ বাহু দন্ত উৰু পাদযুক্ত অতিশয় ঘোৰ ৰূপ দেখি সকলে লোক মঞি সমে মহাভয় হুয়া আছে। তুমাৰ আকাশ ব্যাপি দীপ্ত তেজোযুক্ত অনেক বৰ্ণ ব্যাত্তমুখ বিশাল নেত্ৰ ৰূপ দেখি ব্যথিতচিত্ত হুয়া শান্তি ধৃতি দুইকো নপাঞু।
হে দেবেশ! কৰালদন্তযুক্ত প্ৰলয়াগ্নি সম মুখসব দেখি মহাভয়ে দিশ বিদিশ নজানো, সুখকো নলভো। হে জগন্নিবাস! প্ৰসন্ন হৱা। এই ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্য্যোধনাদি বীৰসব জয়দ্ৰথাদি ৰাজাগণ সমে ভীষ্ম দ্ৰোণ কৰ্ণ, আমাসবৰো শিখণ্ডী ধৃষ্টদ্যুম্ন আদি বীৰসবো মহাবেগে যায়। তুমাৰ মহাদন্তে ঘোৰ ভয়ঙ্কৰ মুখত প্ৰবেশ হয়। কতোসব চূৰ্ণীকৃতশিৰ হুয়া দন্ত সন্ধিত লগ্ন হুয়াছে। যেনে অনেক পথে নদীসব আসি সম্মুখে সাগৰত প্ৰবেশ হয়, তেমনে এই লোকৰ বীৰসব আসি তুমাৰ দীপ্তিমন্ত মুখত প্ৰবেশ হয়৷ অনিছা প্ৰবেশত দৃষ্টান্ত কহি বুদ্ধি পূৰ্ব্বক প্ৰবেশত দৃষ্টান্ত কহন্ত। যেন প্ৰদীপ্ত অগ্নিত ফড়িঙ্গসব মহাবেগে আসি মৰিতে লাগি পড়ে, তেমনে লোকসবো তোমাৰ মুখত পৈশে। তুমিও সকল বীৰকে জাজ্বল্যমান মুখে অতিশয় মতে ভক্ষণ কৰা। হে বিষ্ণো! তুমাৰ উগ্ৰদীপ্তি সব সকল লোকক ব্যাপিয়া প্ৰকাশ কৰে। তুমি উগ্ৰৰূপ কোন আক মোত কহা! হে দেববৰ! তোমা নমঃকাৰ কৰো, প্ৰসন্ন হৱা। তুমি আদি পুৰুষক জানিবে ইছা কৰো, কি নিমিত্তে তুমি এমনে প্ৰবৰ্ত্তা তাক নজানো।
এই প্ৰাৰ্থনা শুনি শ্ৰীভগৱন্তে কহন্ত। হে অৰ্জ্জুন! মঞি (লাকক্ষয়কৰ্ত্তা উৎকট কাল, লোকক সংহৰিবে লাগি প্ৰবৰ্ত্তিছোঁ। তুমাত বিনে এই যুদ্ধত কেঞো অবশেষ নবহিব, এতেকে তুমি যুদ্ধক লাগি উঠা। দুৰ্জ্জয় ভীষ্মাদিক জিনি যশস্যা লভা। অযত্নে শত্ৰুক জিনি সমৃদ্ধ ৰাজ্য ভোগ কৰা। এই তোমাৰ শত্ৰু সব তুমাৰ যুদ্ধত পূৰ্ব্বে মঞি কালৰূপে হতপ্ৰায় কৰিলো তুমি তথাপি, সব্যসাচি নিমিত্ত মাত্ৰ হৱা। যাক যাক অৰ্জ্জুনৰ শঙ্কা তাকে দূৰ কৰন্ত। দ্ৰোণ ধনুৰ্ব্বেদৰ আচাৰ্য্য পৰ্শুৰামৰ শিষ্য দিব্যাস্ত্ৰে সম্পন্ন আপুনাৰো গুৰু ইষ্ট; ভীষ্ম স্বচ্ছন্দমৃত্যু দিব্যাস্ত্ৰত নিপুণ পৰ্শুৰামকো দন্দ্বযুদ্ধে সন্তোষিছা; জয়দ্ৰথৰো পিতা তপ আচৰে, মোৰ পুত্ৰ শিৰ যি ভূমিত পেহ্লাৱে তাৰো শিৰ পৰিবেক বুলি; কৰ্ণ সূৰ্য্য পুত্ৰ ইন্দ্ৰদত্ত শক্তিয়ে অমোঘ যুদ্ধসম্পন্ন। এমনে তুমি যাক যাক শঙ্কা কৰা তাক মঞি আগে বধিলো। তাকে তুমি বধিতে কিছো শঙ্কা নকৰিবা। অৱশ্যে যুদ্ধত দুৰ্য্যোধনাদি শক্ৰসবক জিনিবা। এই কথাক ধৃতৰাষ্ট্ৰক প্ৰতি সঞ্জয়ে কহন্ত।
এমন কেশবৰ বচন শুনি অৰ্জ্জুন কম্পমান হুয়া অঞ্জলি কৰি অবনত হুয়া নমস্কাৰ কৰি মহাভয় হুয়া গদ্গদ বচনে বুলিবে লাগিলা। হে হৃষীকেশ! তুমি অদ্ভুতপ্ৰভাব ভক্তবৎসল, এতেকে তুমাৰ মাহাত্ম্য সংকীৰ্ত্তনে মঞি মাত্ৰ হৰ্ষ পাঞো ই নহে কিন্তু সকল জগতে হৱে, অনুৰাগো লভে। ৰাক্ষসসব মহা ভয় হুয়া দশোদিশে পলাই, সকল সিদ্ধ সমুহ নমস্কাৰ কৰে ই যুক্ত হয়। হে অনন্ত! হে দেবেশ! হে জগন্নিবাস! হে মহাত্মন! কিহেতু তুমাক লোকে নমস্কাৰ নকৰিব যাত তুমি ব্ৰহ্মাৰো গুৰু পিতৃ কাৰ্য্য কাৰণ পৰব্ৰহ্ম তুমি আদিদেব পুৰাণপুৰুষ জগতৰ লয়স্থান সবাৰো বেত্তা জ্ঞাতব্য বস্তু পৰম আশ্ৰয় অপৰিমিত বিশ্বক তুমি ব্যাপিছা। বায়ু যম অগ্নি বৰুণ চন্দ্ৰ প্ৰজাপতি আদি সকল দেবতা তুমি এতেকে পুনু পুনু সহস্ৰবাৰ প্ৰণাম কৰো। শ্ৰদ্ধা ভক্তিৰ অতিশয়ে নমস্কাৰত তৃপ্তি নহৈ বাৰম্বাৰ নমস্কাৰ কৰন্ত। হে সৰ্ব্বস্বৰূপ! আগে পাচে সকল দিশে তুমাক নমস্কাৰ হৌক। তুমি অনন্তবীৰ্য্য অপৰিমিতবিক্ৰম সকল বিশ্বকে বাহিৰে ভিতৰে ব্যাপি আছা। ইদানীক ভগৱন্তক ক্ষমা কৰান্ত। তুমাক প্ৰাকৃত সখী মানি হঠাতে অবজ্ঞা কৰি কৃষ্ণ যাদব সখী বুলিলো৷ তুমাৰ মহিমা বিশ্বৰূপ নজানি প্ৰমাদত স্নেহত বা পৰিহাসৰ অৰ্থে বিহাৰ শয্যা আসন ভোজন সময়ত সখীসবৰ আগত কেবলে বা যি তিৰস্কাৰ কৰিলো, তাক অচিন্ত্য প্ৰভাব তুমাক ক্ষমা কৰাঞোঁ। হে অনুপম প্ৰভাব চৰাচৰ জগতৰ তুমি পিতৃ পূজ্য গুৰু! তিনিয়ো লোকত তোমাৰ সমান নাই অধিক কৈত আছে। এতেকে, জগতৰ ঈশ্বৰ তোমাক দণ্ডৱতে পড়ি প্ৰসন্ন কৰাঞো। যেন পুত্ৰৰ অপৰাধক পিতৃয়ে সহে, মিত্ৰৰ দোষক মিত্ৰে নধৰে, প্ৰিয়ৰ অবজ্ঞাক প্ৰিয়ে নগণে, তেমনে মোৰ অপৰাধক তুমি সহিবে যোগ্য হৱা। এমনে ক্ষমা কৰায়া প্ৰাৰ্থনা কৰন্ত। হে দেব! পূৰ্ব্ব অদৃষ্ট তুমাৰ ৰূপ দেখি প্ৰথমে হৰ্ষ হৈলো, পাচে ভয়ে কম্পিলো। এতেকে মোৰ কথা নিবৃত্তিৰ অৰ্থে হে দেবেশ! হে জগন্নিবাস! প্ৰসন্ন হুয়া সেই ৰূপ দেখাৱা, যাৰ শিৰত কিৰীটি হস্তত চক্ৰ গদা যেমনে পূৰ্ব্বতো দেখিছো। হে সহস্ৰবাহো! হে বিশ্বমূৰ্ত্তে! ইৰূপ সংহাৰ কৰি সেই চতুৰ্ভুজ ৰূপে আবিৰ্ভাব হৱা। আতে জানি অৰ্জ্জুনে পূৰ্ব্বতো চতুৰ্ভুজ ৰূপ দেখন্ত৷ এমনে প্ৰাৰ্থিত হয়া আশ্বাস কৰি ভগৱন্তে বোলন্ত, হে অৰ্জ্জুন! কেনে ভয় কৰা, মঞি প্ৰসন্ন হুয়া কৃপায়ে তুমাক আপুনাৰ যোগমায়া বলে ই ৰূপ দেখাইলোঁ। এই তেজোময় বিশ্বাত্মক অনন্ত আদ্য মোৰ ৰূপক তুমাৰ সমান ভক্ত বিনে আন কেঞে নতু দেখে। যজ্ঞ বেদপাঠ দান কৰ্ম্ম তপ আচৰিয়ো ই ৰূপ দেখিবে শক্য নহে, কিন্তু তুমি মোৰ প্ৰসাদে দেখি কৃতাৰ্থ হঞা। এই মোৰ ৰূপ দেখি তুমাৰ বৃথা মোহ নহোক। নিৰ্ভয় হুয়া প্ৰীতমনে পুনু মোৰ সই ৰূপ দেখা। সঞ্জয়ে কহন্ত, শ্ৰীবাসুদেবে অৰ্জ্জুনক এই বাক্য বুলি আপুনাৰ শ্যাম সুন্দৰ কমললোচন চতুৰ্ভুজ শঙ্খচক্ৰ-গদাপদ্মধৰ ৰূপক দেখাইলা।
তথাপি অৰ্জ্জুনৰ ভয় দেখি কৃপায়ে মনুষ্যাকাৰ সৌম্যৰূপ হুয়া আশ্বাস কৰিল। তেবে নিৰ্ভয় হুয়া অৰ্জ্জুনে বোলন্ত, হে জনাৰ্দ্দন! তুমাৰ শান্ত মানুষৰূপ দেখি মঞি প্ৰসন্ন চিত্ত হৈলোঁ, তুমাকে জানিলোঁ, সুস্থ হৈলোঁ। আপুনি যি অনুগ্ৰহ অৰ্জ্জুনক কৰিলা তাক দুৰ্ল্লভ। ভগৱন্তে বোলম্ভ, হে সখি! তুমি মোৰ যি বিশ্বৰূপ দেখিলা আক অত্যন্তৰূপে দেখিবে অশক্য। দেবসবো ই ৰূপক সদাই দেখিবে ইছা কৰে, নেদেখে৷ তাৰ হেতু শুনা, বেদপাঠ তপস্যা দান যজ্ঞ কৰিয়ো, তুমি যাক দেখিলা, ই ৰূপক দেখিবে নতু পাৱে।
তেবে কি উপায়ে পাৱে আত কহন্ত। মোত একনিষ্ঠ ভক্তিয়ে মঞি বিশ্বৰূপক শাস্ত্ৰদ্বাৰে জানিব পাৰে, প্ৰত্যক্ষে দেখিবে পাৰে, সেইৰূপে প্ৰবেশ হুইবাকো পাৰে, আন উপায়ে নপাৰে। এতেকে সকল শাস্ত্ৰৰ সাৰ অৰ্থ পৰম ৰহস্য কহো সাৱধানে শুনা। পুৰুষে মোৰ অৰ্থে কৰ্ম্ম কৰিব, মোকে পুৰুষাৰ্থ মানিব, মোকে আশ্ৰয় কৰিব পুত্ৰাদিৰ সঙ্গ এড়িব, কাৰো লগত বৈৰ নকৰিব। যি এমনে মোত ভক্তি কৰে, সেই সে মোক সাক্ষাতে পাৱে, আনে নপাৱে। তপযজ্ঞাদি কৌটী কৰিও দেবসবে যাক দেখিবে নপাৱে, হেন বিশ্বৰূপক ভগৱন্তে কৃপায়ে ভক্ত অৰ্জ্জুনক দেখাইলা।
ইতি শ্ৰীভগৱদ্গীতাকথায়াং বিশ্বৰূপদৰ্শনোনাম একাদশোহধ্যায়ঃ ॥ ১১ ॥
হে সাধুসব দেখা বৈৰ এড়ি ভগৱন্তৰ ভক্তি কৰিলে সে ঈশ্বৰৰ ৰূপ দেখিবে পাৱে, আনে নপাৱে। এতেকে দ্বেষ নকৰি হৰি ভক্তি কৰি হৰি বোল হৰি।
যস্মিন্বিভাতি ভুবনং সুৰমৰ্ত্ত্যতিৰ্য্যাক্
ভূগোলনাকবিলনায়কলোকসঙ্ঘম্৷
তদ্ৰুপমাবিবকৰোন্নিজপাদপদ্ম-
দাসায় যোকৰুণয়া তমহং প্ৰপদ্যে ॥