বায়ু যম অগ্নি বৰুণ চন্দ্ৰ প্ৰজাপতি আদি সকল দেবতা তুমি এতেকে পুনু পুনু সহস্ৰবাৰ প্ৰণাম কৰো। শ্ৰদ্ধা ভক্তিৰ অতিশয়ে নমস্কাৰত তৃপ্তি নহৈ বাৰম্বাৰ নমস্কাৰ কৰন্ত। হে সৰ্ব্বস্বৰূপ! আগে পাচে সকল দিশে তুমাক নমস্কাৰ হৌক। তুমি অনন্তবীৰ্য্য অপৰিমিতবিক্ৰম সকল বিশ্বকে বাহিৰে ভিতৰে ব্যাপি আছা। ইদানীক ভগৱন্তক ক্ষমা কৰান্ত। তুমাক প্ৰাকৃত সখী মানি হঠাতে অবজ্ঞা কৰি কৃষ্ণ যাদব সখী বুলিলো৷ তুমাৰ মহিমা বিশ্বৰূপ নজানি প্ৰমাদত স্নেহত বা পৰিহাসৰ অৰ্থে বিহাৰ শয্যা আসন ভোজন সময়ত সখীসবৰ আগত কেবলে বা যি তিৰস্কাৰ কৰিলো, তাক অচিন্ত্য প্ৰভাব তুমাক ক্ষমা কৰাঞোঁ। হে অনুপম প্ৰভাব চৰাচৰ জগতৰ তুমি পিতৃ পূজ্য গুৰু! তিনিয়ো লোকত তোমাৰ সমান নাই অধিক কৈত আছে। এতেকে, জগতৰ ঈশ্বৰ তোমাক দণ্ডৱতে পড়ি প্ৰসন্ন কৰাঞো। যেন পুত্ৰৰ অপৰাধক পিতৃয়ে সহে, মিত্ৰৰ দোষক মিত্ৰে নধৰে, প্ৰিয়ৰ অবজ্ঞাক প্ৰিয়ে নগণে, তেমনে মোৰ অপৰাধক তুমি সহিবে যোগ্য হৱা। এমনে ক্ষমা কৰায়া প্ৰাৰ্থনা কৰন্ত। হে দেব! পূৰ্ব্ব অদৃষ্ট তুমাৰ ৰূপ দেখি প্ৰথমে হৰ্ষ হৈলো, পাচে ভয়ে কম্পিলো। এতেকে মোৰ কথা নিবৃত্তিৰ অৰ্থে হে দেবেশ! হে জগন্নিবাস! প্ৰসন্ন হুয়া সেই ৰূপ দেখাৱা, যাৰ শিৰত কিৰীটি হস্তত চক্ৰ গদা যেমনে পূৰ্ব্বতো দেখিছো। হে সহস্ৰবাহো! হে বিশ্বমূৰ্ত্তে! ইৰূপ সংহাৰ কৰি সেই চতুৰ্ভুজ ৰূপে আবিৰ্ভাব হৱা। আতে জানি অৰ্জ্জুনে পূৰ্ব্বতো চতুৰ্ভুজ ৰূপ দেখন্ত৷ এমনে প্ৰাৰ্থিত
পৃষ্ঠা:কথা-গীতা.djvu/১৩৪
অৱয়ব