পৃষ্ঠা:কথা-গীতা.djvu/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কথা-গীতা৷

উপায়ে নপাৰে। এতেকে সকল শাস্ত্ৰৰ সাৰ অৰ্থ পৰম ৰহস্য কহো সাৱধানে শুনা। পুৰুষে মোৰ অৰ্থে কৰ্ম্ম কৰিব, মোকে পুৰুষাৰ্থ মানিব, মোকে আশ্ৰয় কৰিব পুত্ৰাদিৰ সঙ্গ এড়িব, কাৰো লগত বৈৰ নকৰিব। যি এমনে মোত ভক্তি কৰে, সেই সে মোক সাক্ষাতে পাৱে, আনে নপাৱে। তপযজ্ঞাদি কৌটী কৰিও দেবসবে যাক দেখিবে নপাৱে, হেন বিশ্বৰূপক ভগৱন্তে কৃপায়ে ভক্ত অৰ্জ্জুনক দেখাইলা।

ইতি শ্ৰীভগৱদ্গীতাকথায়াং বিশ্বৰূপদৰ্শনোনাম একাদশোহধ্যায়ঃ ॥ ১১ ॥

 হে সাধুসব দেখা বৈৰ এড়ি ভগৱন্তৰ ভক্তি কৰিলে সে ঈশ্বৰৰ ৰূপ দেখিবে পাৱে, আনে নপাৱে। এতেকে দ্বেষ নকৰি হৰি ভক্তি কৰি হৰি বোল হৰি।


যস্মিন্‌বিভাতি ভুবনং সুৰমৰ্ত্ত্যতিৰ্য্যাক্
ভূগোলনাকবিলনায়কলোকসঙ্ঘম্৷
তদ্ৰুপমাবিবকৰোন্নিজপাদপদ্ম-
দাসায় যোকৰুণয়া তমহং প্ৰপদ্যে ॥