তুমি যুদ্ধক লাগি উঠা। দুৰ্জ্জয় ভীষ্মাদিক জিনি যশস্যা লভা। অযত্নে শত্ৰুক জিনি সমৃদ্ধ ৰাজ্য ভোগ কৰা। এই তোমাৰ শত্ৰু সব তুমাৰ যুদ্ধত পূৰ্ব্বে মঞি কালৰূপে হতপ্ৰায় কৰিলো তুমি তথাপি, সব্যসাচি নিমিত্ত মাত্ৰ হৱা। যাক যাক অৰ্জ্জুনৰ শঙ্কা তাকে দূৰ কৰন্ত। দ্ৰোণ ধনুৰ্ব্বেদৰ আচাৰ্য্য পৰ্শুৰামৰ শিষ্য দিব্যাস্ত্ৰে সম্পন্ন আপুনাৰো গুৰু ইষ্ট; ভীষ্ম স্বচ্ছন্দমৃত্যু দিব্যাস্ত্ৰত নিপুণ পৰ্শুৰামকো দন্দ্বযুদ্ধে সন্তোষিছা; জয়দ্ৰথৰো পিতা তপ আচৰে, মোৰ পুত্ৰ শিৰ যি ভূমিত পেহ্লাৱে তাৰো শিৰ পৰিবেক বুলি; কৰ্ণ সূৰ্য্য পুত্ৰ ইন্দ্ৰদত্ত শক্তিয়ে অমোঘ যুদ্ধসম্পন্ন। এমনে তুমি যাক যাক শঙ্কা কৰা তাক মঞি আগে বধিলো। তাকে তুমি বধিতে কিছো শঙ্কা নকৰিবা। অৱশ্যে যুদ্ধত দুৰ্য্যোধনাদি শক্ৰসবক জিনিবা। এই কথাক ধৃতৰাষ্ট্ৰক প্ৰতি সঞ্জয়ে কহন্ত।
এমন কেশবৰ বচন শুনি অৰ্জ্জুন কম্পমান হুয়া অঞ্জলি কৰি অবনত হুয়া নমস্কাৰ কৰি মহাভয় হুয়া গদ্গদ বচনে বুলিবে লাগিলা। হে হৃষীকেশ! তুমি অদ্ভুতপ্ৰভাব ভক্তবৎসল, এতেকে তুমাৰ মাহাত্ম্য সংকীৰ্ত্তনে মঞি মাত্ৰ হৰ্ষ পাঞো ই নহে কিন্তু সকল জগতে হৱে, অনুৰাগো লভে। ৰাক্ষসসব মহা ভয় হুয়া দশোদিশে পলাই, সকল সিদ্ধ সমুহ নমস্কাৰ কৰে ই যুক্ত হয়। হে অনন্ত! হে দেবেশ! হে জগন্নিবাস! হে মহাত্মন! কিহেতু তুমাক লোকে নমস্কাৰ নকৰিব যাত তুমি ব্ৰহ্মাৰো গুৰু পিতৃ কাৰ্য্য কাৰণ পৰব্ৰহ্ম তুমি আদিদেব পুৰাণপুৰুষ জগতৰ লয়স্থান সবাৰো বেত্তা জ্ঞাতব্য বস্তু পৰম আশ্ৰয় অপৰিমিত বিশ্বক তুমি ব্যাপিছা।