পৃষ্ঠা:কথা-গীতা.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
কথা-গীতা।

 এমনে অত্যন্ত অদ্ভুত ৰূপ দেখাইতে প্ৰাৰ্থনা কৰিলে সাৱধান হৱা বুলি অৰ্জ্জুনক সমুখ কৰান্ত। হে অৰ্জ্জুন! মোৰ নানাবিধ দিব্য শতসহস্ৰৰূপ দেখা, যত নানা বৰ্ণ, আকাৰ আছে। এক ৰূপ হন্তেও নানাবিধ পদে বহুবচন কহিলা। মোৰ ৰূপত দ্বাদশ আদিত্য, অষ্টবসু, একাদশ ৰুদ্ৰ, দুই অশ্বিনীকুমাৰ, উনপঞ্চাশ বায়ু, আন অপূৰ্ব্ব অদৃষ্ট আশ্চৰ্য সব দেখা। তৈতে তৈতে ফুৰন্তা জনে বৰ্ষকৌটীও দেখিবে অশক্য চৰাচৰ জগতক এই মোৰ দেহত একে ঠাই দেখা। আননা জগতৰ কাৰণৰূপ আশ্ৰয় জয় পৰাজয়দিয়ো যাক যাক দেখিবে ইছা কৰা তাক মোৰ ৰূপত দেখা। এই আপুনাৰ চৰ্ম্মচক্ষুয়ে মোক দেখিবে শক্য নহৈবা, এতেকে অলৌকিক দিব্য জ্ঞানচক্ষু তুমাক দেঞু, যি চক্ষুয়ে মোৰ অসাধাৰণ ঐশ্বৰ্য্যক অঘটঘটনা চাতুৰ্য্যক দেখা। এই কথা ধৃতৰাষ্ট্ৰক প্ৰতি সঞ্জয়ে কহন্ত।

 এই বুলি ভগৱন্তে অৰ্জ্জুনক প্ৰতি ঈশ্বৰ ৰূপ দেখাইলা। যাত অনেক মুখ নেত্ৰ নানাবিধ দিব্য অলঙ্কাৰ অদ্ভুত অনেক আয়ুধ অনেক আশ্চৰ্য্য দৰ্শন আছে। দিব্য পুষ্প বস্ত্ৰ পৰিধান কৰিছা দিব্য গন্ধচন্দন যাত আছে, যি সকল আশ্চৰ্য্য প্ৰায় প্ৰকাশময় অপৰিচ্ছিন্ন সৰ্ব্বতোমুখ বিশ্বৰূপ দীপ্তিৰ নিৰূপম কহন্ত। যদি আকাশত একেলগে সূৰ্য্য সহস্ৰ উদয় হয়, তাৰো যদি একেলগে প্ৰভাস ৰহয়, তেবে বিশ্বৰূপ দীপ্তিৰ কথঞ্চিত সদশ হয়। সেই ভগৱন্তৰ শৰীৰত নানাৰূপে স্থিত সকল