পৃষ্ঠা:কথা-গীতা.djvu/১২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে



একাদশ অধ্যায়।

 ভগৱন্তে পৰম কৃপায়ে বিভূতিবৈভব কহি অৰ্জ্জুনৰ দেখিবে ইছা দেখি বিশ্বৰূপ দেখাইলা। পূৰ্ব্ব অধ্যায়ৰ অন্তত এক অংশে মঞি জগতক ধৰিছো বুলি বিশ্বৰূপ পৰমেশ্বৰক কহিলা। তাকে দেখিবে ইছায় পূৰ্ব্বোক্ত অভিনন্দা কৰি অৰ্জ্জুনে পোছন্ত। হে পৰমেশ্বৰ, মোৰ শোক নিবৃত্তিৰ অৰ্থে পৰম গোপনি পৰমাত্মনিষ্ঠ আত্মানাত্মবিবেক দ্বিতীয় অধ্যায়ৰ পৰা ষষ্ঠাধ্যায় পৰ্য্যন্ত যি বাক্য কহিলা, সেই বচনে মোৰ মোহ নষ্ট হৈল। তুমাৰ সকাশত জগতৰ সৃষ্টি প্ৰলয় হয় আকো বিস্তৰ শুনিলো। হে কমললোচন! তুমাৰ অব্যয় মহিমাকো শুনিলো। জগতৰ সৃষ্টি আদি কৰ্ত্তা হৈলেও অধিকাৰ, সৰ্ব্বনিয়ন্তা হৈলেও অবৈষম্য, শুভাশুভ কৰ্ম্ম কৰাইতেও অসঙ্গ বন্ধমোক্ষ, বিচিত্ৰ ফল দিতেও উদাসীন, ইত্যাদি লক্ষণ অপৰিমিত মহিমা শুনিছো। এতেকে তুমাৰ পৰতন্ত্ৰলোকৰ অহঙ্কৰ্ত্তা হেন মোহ দূৰ গৈল। হে পৰমেশ্বৰ! ইদানীক কহিছা এক অংশে জগতক ধৰিছো, আতো মোৰ অবিশ্বাস নাই। তথাপি হে পুৰুষোত্তম! জ্ঞান ঐশ্বৰ্য্য শক্তি বীৰ্য্য তেজ সম্পন্ন তুমাৰ ঈশ্বৰৰূপক মঞি কৌতুকত থাকি দেখিবে ইছা কৰো। তাক যদি ভাল দেখা মঞি যদি দেখিবে শক্য হঞু তেবে হে যোগেশ্বৰ! সেই ৰূপক মোক দেখাৱা।