পৃষ্ঠা:কথা-গীতা.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
কথা-গীতা।

বিশাল নেত্ৰ ৰূপ দেখি ব্যথিতচিত্ত হুয়া শান্তি ধৃতি দুইকো নপাঞু।

 হে দেবেশ! কৰালদন্তযুক্ত প্ৰলয়াগ্নি সম মুখসব দেখি মহাভয়ে দিশ বিদিশ নজানো, সুখকো নলভো। হে জগন্নিবাস! প্ৰসন্ন হৱা। এই ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্য্যোধনাদি বীৰসব জয়দ্ৰথাদি ৰাজাগণ সমে ভীষ্ম দ্ৰোণ কৰ্ণ, আমাসবৰো শিখণ্ডী ধৃষ্টদ্যুম্ন আদি বীৰসবো মহাবেগে যায়। তুমাৰ মহাদন্তে ঘোৰ ভয়ঙ্কৰ মুখত প্ৰবেশ হয়। কতোসব চূৰ্ণীকৃতশিৰ হুয়া দন্ত সন্ধিত লগ্ন হুয়াছে। যেনে অনেক পথে নদীসব আসি সম্মুখে সাগৰত প্ৰবেশ হয়, তেমনে এই লোকৰ বীৰসব আসি তুমাৰ দীপ্তিমন্ত মুখত প্ৰবেশ হয়৷ অনিছা প্ৰবেশত দৃষ্টান্ত কহি বুদ্ধি পূৰ্ব্বক প্ৰবেশত দৃষ্টান্ত কহন্ত। যেন প্ৰদীপ্ত অগ্নিত ফড়িঙ্গসব মহাবেগে আসি মৰিতে লাগি পড়ে, তেমনে লোকসবো তোমাৰ মুখত পৈশে। তুমিও সকল বীৰকে জাজ্বল্যমান মুখে অতিশয় মতে ভক্ষণ কৰা। হে বিষ্ণো! তুমাৰ উগ্ৰদীপ্তি সব সকল লোকক ব্যাপিয়া প্ৰকাশ কৰে। তুমি উগ্ৰৰূপ কোন আক মোত কহা! হে দেববৰ! তোমা নমঃকাৰ কৰো, প্ৰসন্ন হৱা। তুমি আদি পুৰুষক জানিবে ইছা কৰো, কি নিমিত্তে তুমি এমনে প্ৰবৰ্ত্তা তাক নজানো।

 এই প্ৰাৰ্থনা শুনি শ্ৰীভগৱন্তে কহন্ত। হে অৰ্জ্জুন! মঞি (লাকক্ষয়কৰ্ত্তা উৎকট কাল, লোকক সংহৰিবে লাগি প্ৰবৰ্ত্তিছোঁ। তুমাত বিনে এই যুদ্ধত কেঞো অবশেষ নবহিব, এতেকে