পৃষ্ঠা:কথা-গীতা.djvu/১৩১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭৭
একাদশ অধ্যায়।

জগতক পাণ্ডবে দেখি মহা বিস্ময় লভি লোমাঞ্চিত হুয়া ভগৱন্তক শিৰে প্ৰণাম কৰি কৃতাঞ্জলি হুয়া বুলিবে লাগিলা।

 হে দেব! তুমাৰ দেহত দেবসব দেখোঁ, প্ৰাণীসমূহ, নিঃশেষ ঋষি, মহা সৰ্পসব, সবাৰে ঈশ্বৰ ব্ৰহ্মাক তুমাৰ নাভি পদ্মত দেখোঁ। তুমাকে অনেক বাহু উদৰ মুখ নেত্ৰ অনন্তৰূপ আদি অন্ত মধ্য শূন্য বিশ্বৰূপ দেখো। হে বিশ্বেশ্বৰ! বিস্তৰ কিৰীটি গদা চক্ৰ ধৰিছা, সৰ্ব্বতো দীপ্তিমন্ত তেজঃপুঞ্জ ৰূপ দেখিবাকো অশক্য দীপ্তিমন্ত অগ্নি সূৰ্য্যসম প্ৰমাণ কৰিতে অশক্য দেখো৷ এতেকে জানে পৰমব্ৰহ্ম মুমুক্ষুৰ বেদ্য বিশ্বৰ আশ্ৰয় অব্যয় নিত্য ধৰ্ম্মপালক সনাতন পুৰুষ, উৎপত্তি স্থিতি লয় শূন্য অনন্তবীৰ্য্য অনন্তবাহু যাৰ নেত্ৰত চন্দ্ৰ সূৰ্য্য মুখত অগ্নি আপুনাৰ তেজে বিশ্বক প্ৰকাশ কৰিবে লাগিছা। স্বৰ্গ পৃথ্বীৰ মধ্য আকাশক দশো দিশক তুমি একেলায় ব্যাপি আছা। তুমাৰ অপূৰ্ব্ব অদৃষ্ট অদ্ভুত ঘোৰ ৰূপ দেখি তিনিয়ো লোক অতি ভীত হৈল। দেবসমূহ সব শৰণ পৈশে, কতোসব মহা ভয় হুয়া দূৰতে থাকি অঞ্জলি কৰি জয় জয় ৰক্ষ ৰক্ষ বুলি প্ৰাৰ্থনা কৰন্ত। মহৰ্ষিসব সিদ্ধসব স্বস্তি বুলি নানা স্তোত্ৰ পঢ়ি স্তুতি কৰন্ত। ৰুদ্ৰগণ আদিত্যসব অষ্টবসুসব সাধ্যসমূহ বিশ্বেদেবগণ অশ্বিনীকুমাৰ মৰুতগণ পিতৃগণ গন্ধৰ্ব্ব যক্ষ অসুৰসব সিদ্ধগণ এই সব বিস্ময় হুয়া চায়া আছে। হে মহাবাহো! তুমাৰ বিস্তৰ মুখ নেত্ৰ বাহু দন্ত উৰু পাদযুক্ত অতিশয় ঘোৰ ৰূপ দেখি সকলে লোক মঞি সমে মহাভয় হুয়া আছে। তুমাৰ আকাশ ব্যাপি দীপ্ত তেজোযুক্ত অনেক বৰ্ণ ব্যাত্তমুখ