পৃষ্ঠা:কথা-গীতা.djvu/১৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


একাদশ অধ্যায়। হয়া আশ্বাস কৰি ভগৱন্তে বোল, হে অৰ্জুন! কেনে ভয় কৰা, মঞি প্ৰসন্ন হুয়া কৃপায়ে তুমাক আপুনাৰ যোগমায়া বলে ই ৰূপ দেখাইলো। এই তেজোময় বিশ্বাত্মক অনন্ত আদ্য মোৰ ৰূপক তুমাৰ সমান ভক্ত বিনে আন কেঞে নতু দেখে। যজ্ঞ বেদপাঠ দান কৰ্ম্ম তপ আচৰিয়ে ই ৰূপ দেখিবে শক্য নহে, কন্তু তুমি মোৰ প্ৰসাদে দেখি কৃতাৰ্থ হঞ। এই মোৰ ৰূপ দেখি তুমাৰ বৃথা মোহ নহোক। নিৰ্ভয় হুয়া প্ৰীতমনে পুনু মোৰ সই ৰূপ দেখা। সঞ্জয়ে কহন্ত, শ্ৰীবাসুদেবে অৰ্জুনক এই বাক্য বুলি আপুনাৰ শ্যাম সুন্দৰ কমললোচন চতুভুজ শঙ্খচক্ৰ- গদাপদ্মধৰ ৰূপক দেখাইলা। | তথাপি অৰ্জুনৰ ভয় দেখি কৃপায়ে মনুষ্যাকাৰ সৌম্যৰূপ হুয়া আশ্বাস কৰিল। তেবে নিৰ্ভয় হুয়া অৰ্জ্জুনে বোলন্ত, হে জনাৰ্দন! তুমাৰ শান্ত মানুষৰূপ দেখি মঞি প্ৰসন্ন চিত্ত হৈলো, তুমাকে জানিলো, সুস্থ হৈলোঁ। আপুনি যি অনুগ্ৰহ অৰ্জুনক কৰিল। তাক দুল্লভ। ভগৱন্তে বোলম্ভ, হে সখি। তুমি মোৰ যি বিশ্বৰূপ দেখিলা আক অত্যন্তৰূপে দেখিবে অশ্য। দেবসবো ই ৰূপক সদাই দেখিবে ইছা কৰে, নেদেখে। তাৰ হেতু শুন, বেদপাঠ তপস্যা দান যজ্ঞ কৰিছো, তুমি যাক দেখিলা, ই ৰূপক দেখিবে নতু পাৰে। তেবে কি উপায়ে পাৱে আত কহন্ত। মোত একনিষ্ঠ ভক্তিয়ে মঞি বিশ্বৰূপক শাস্ত্ৰদ্বাৰে জানিব পাৰে, প্ৰত্যক্ষে দেখিবে পাৰে, সেইৰূপে প্ৰবেশ হুইবাকো পাবে, আন