সমললৈ যাওক

এজন সঁচা মানুহ

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]
 

এজন সঁচা মানুহ


পুৰস্কাৰপ্ৰাপ্ত জীৱনী গ্ৰন্থ


নীলিমা বৰা


 

[ প্ৰথম পৃষ্ঠা ]

এজন সঁচা মানুহ

অকণিৰ পুৰস্কাৰপ্ৰাপ্ত জীৱনী গ্ৰন্থ

 

নীলিমা বৰা

 

[ প্ৰকাশন ] AJAN SACHA MANUH — A Short biographical Sketch of Jyotiprasad Agarwalla written by Sri Nilima Borah, M. A and Published by Phulendra Kumar Baruah on behalf of BANPHUL Guwahati - 5

Price Rs. 10.00 only



[BP][SB][02]


প্ৰকাশক :
শ্ৰীফুলেন্দ্ৰ কুমাৰ বৰুৱা
বনফুল
জি, এম, চি ৰোড, ভঙাগড়
গুৱাহাটী-৭৮১০০৫

 

© লেখক
বনফুল সংস্কৰণ : ২০০৫, জানুৱাৰী

 

মূল্য : ১০.০০ টকা মাত্ৰ

 

মুদ্ৰক :
বৰ্ণালী
জি, এম, চি ৰোড
ভঙাগড়
গুৱাহাটী- ৫

[ পাতনি ] থোৰতে—
 অকণিহঁতৰ হাতত তুলি দিবলৈ ওলাইছো এজন সঁচা মানুহৰ কাহিনী— জ্যেতিষ্ময় জ্যোতি প্ৰসাদ আগৰৱালা।

 অকণিহঁতৰ প্ৰাণত মাতৃভূমিৰ প্ৰতি প্ৰেমভাৱ অঙ্কুৰিত কৰাৰ উদ্দেশ্যেই বহুমুখী প্ৰতিভাৰ গৰাকী জ্যোতি প্ৰসাদ আগৰৱালা দেবৰ এটি থূলমূল আভাস ডাঙি ধৰা হৈছে।—
এই ক্ষেত্ৰত নানা কিতাপ, বাতৰি কাকত আদি অধ্যয়ন কৰা হৈছে।

 অসমভিত্তিত পুৰস্কৃত পাণ্ডুলিপিটি দহবছৰমান পৰি আছিল। শ্ৰদ্ধেয় শ্ৰীযুত ফুলেন্দ্ৰ কুমাৰ বৰুৱা দেৱে প্ৰকাশৰ দায়িত্বটিৰে হাত পাতি লোৱাত তেখেতক মোৰ আন্তৰিক কৃতজ্ঞতা জনালো।
 ত্ৰুটি মাৰ্জনাৰে—

 

জোনাকপুৰ নীলিমা বৰা
গুৱাহাটী- ১৬

[  ]
 

এজন সঁচা মানুহ

(জ্যোতি প্ৰসাদৰ জীৱনী)

 

 মৰমৰ অকণিহঁত, আজি এনে এজন মহান পুৰুষৰ কথা কবলৈ ওলাইছো যি জনাৰ প্ৰাণ পৰশত অসমী জননীৰ চৰণ কমলত ফুটি উঠিছিল এপাহি চিৰ সজীৱ ফুল। যি ফুলৰ পাহে পাহে থুপ খাই আছে দেশ প্ৰেমৰ হিয়া উপচা সুগন্ধি। সেইজনা হ’ল চিৰ জ্যেতিষ্ময় জ্যোতি প্ৰসাদ আগৰৱালা৷

 আহাছোন আমি তেখেতৰ উপজি পুৱা দিনবোৰলৈ এবাৰ উভতি যাওঁ।

[  ]

জন্ম পৰিচয়

 বৰ লুইতৰ পাৰত অৱস্থিত সেউজী অসম দেশ। ধন সম্পদেৰে ভৰপূৰ৷ সেউজী অসমৰ বুকুত চেকুৰা চেকুৰে সোণ। সেয়েহে অসমৰ মোহত দূৰ-দূৰণিৰ পৰা কত ধৰণৰ মানুহৰ লানি নিচিগা সোঁত। যি এবাৰ অসমৰ পলসুৱা মাটিত ভৰি থৈছে তেওঁ আৰু উভটি যাব পৰা নাই।

 সুদূৰ ৰাজপুতনাৰ পৰা অসমলৈ আহিছিল এজন বণিক। নাম শ্ৰীনৱৰঙ্গ আগৰৱালা। তোৱোঁ আৰু উভতি নগ’ল। অসমতে নিগাজীকৈ থকাৰ ব্যৱস্থা কৰিলে। অকল থকাই নহয় অসমত থাকি অসমীয়া হোৱাৰ সংকল্প ল’লে।

 লাহে লাহে তেওঁৰ বেহা বেপাৰ উন্নতি হৈ আহিবলৈ ল'লে। এইবাৰ তেওঁ বিয়া কৰাবলৈ মন কৰিলে। যেনে ইচ্ছা তেনে কাম। বিখ্যাত ৰাজখোৱা পৰিয়ালৰ এগৰাকী অসমীয়া জীয়ৰী বিয়া কৰাই আনিলে।

 এসময়ত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। নাম থলে হৰি বিলাস আগৰৱালা। হাড়ে হিমজুৱে অসমীয়া তেজ। ডাঙৰ হৈ অসমীয়া সাঁচিপাতত বান্ধ খাই থকা কীৰ্তন, নামঘোষা, দশম, শ্ৰীমদ্ভাগৱত, বৰগীত আদি ছপাশালত ছপা কৰি উলিয়াই ৰাইজৰ হাতত তুলি দিলে। ৰাইজে তাৰ মধুপান কৰাৰ সুযোগ পালে। অসমীয়া ভাষা সাহিত্যলৈ ই অতি মূল্যবান অৰিহণা।

 হৰিবিলাস আগৰৱালাৰ পুত্ৰ পৰমানন্দ আগৰৱালা। এওঁ তামোলপুৰ চাহ বাগিচাৰ মালিক আছিল। পৰমানন্দ আগৰৱালা এজন মহা সঙ্গীতজ্ঞও আছিল। তেওঁ বিয়া কৰাইছিল শিৱসাগৰৰ জীয়ৰী কিৰণময়ী দেৱীক। তেখেতক মৰমতে মতা নাম আছিল ‘আইটি’। আইটি দেৱীও আছিল সুৱদী কণ্ঠী। যেতিয়া তেওঁৰ কণ্ঠৰে বিয়ানাম, আইনাম, নিচুকনি গীত আদি নিগৰি বয় শুনোতাৰ প্ৰাণ জুৰ পৰি যায়৷

[  ]  ১৯০৩ চনৰ ১৭ জানুৱাৰীত তামােল বাৰী চাহ বাগিচাতে আইটি দেৱীৰ এটি পুত্র সন্তান জন্ম হয়। এই সন্তানটিৰ নামেই হ’ল আজিৰ সকলােৰে চিৰস্মৰণীয় শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা।

 একলা দুকলাকৈ ন জোনটি বাঢ়ি অহাৰ দৰে জ্যোতি প্ৰসাদো ডাঙৰ হৈ আহিল। যেতিয়া সাত বছৰ বয়সত ভৰি দিলে তেতিয়া দেউতাকে হাই স্কুলত নাম লগাই দিলে। পিছে জ্যোতি প্ৰসাদৰ খেলা ধূলাতহে বেছি মন। আইতাকৰ পৰা সদায় সাধু কথা শুনিবই শুনিব। মাকৰ সুৱদী কণ্ঠৰ গীত নুশুনিলে চকুলৈ টোপনি পেটলৈ ভাত নগৈছিল।

 লাহে লাহে জ্যোতি প্ৰসাদৰ প্ৰাণতাে সঙ্গীতৰ ধাৰা ববলৈ ধৰিলে৷ গীতৰ সুৰে কণমানি জ্যোতিক বলিয়া কৰি তুলিলে। তেওঁৰ সাহসটোও বৰ বেছি আছিল। এবাৰ এটা জীয়া সাপৰ নেজত ধৰি ঘূৰাই ঘূৰাই মাটিলৈ দলিয়াই সকলােকে অবাক কৰিছিল। আনহাতে তেওঁ জেদটোও বৰ বেছি আছিল। যিটো বস্তু এবাৰ মনৰ মাজত সােমায় তাক নােপােৱালৈকে শান্তি নাই। এবাৰ তেওঁ দেউতাকক এটা বিলাতী বাঁহী আনি দিবলৈ ক'লে মানে দীঘল এটা ধুনীয়া পেঁপা। কেইবাদিনাে পাৰ হ’ল। পিছে দেউতাকে পেঁপা আনি দিয়া নাই। দেউতাকে কথাটোত গুৰুত্বও নিদিলে। জ্যোতি প্রসাদে অভিমানতে পানী এটোপাকে মুখত নিদিলে। বুজাই বঢ়াই ভাগৰি পৰিল। অৱশেষত উপায় নাপাই দেউতাকে এটা অর্গেন কিনি আনি দিলেহি। ৰঙতে জ্যোতি মতলীয়া হ'ল। সেই অর্গেনত আইনাম ওঁ বিয়ানাম আদি মন পৰশা অসমীয়া সুৰ বােৰ তুলিবলৈ ধৰিলে।

[  ]

শিক্ষা জীৱন

 জ্যোতি প্রসাদ লাহে লাহে ডাঙৰ হৈ আহিল। দেউতাকে মন কৰিলে পঢ়া শুনাতকৈ সঙ্গীতৰ প্ৰতিহে জ্যোতি প্ৰসাদৰ ধাউতি বেছি হৈ গৈছে। পঢ়াৰ প্রতি অবহেলা কৰা দেখি দেউতাক চিন্তিত হৈ

[  ] পৰিল। ততালিকে ডিব্ৰুগড়ত থকা বৰদেউতাক চন্দ্ৰকুমাৰ আগৰৱালাৰ ওচৰলৈ পঠিয়াই দিলে। বৰদেউতাকে ডিব্ৰুগড় হাইস্কুলত নাম লগাই দিলে। কিছুদিন যোৱাৰ পিছত তাৰ পৰা আনি ডিব্ৰুগড় জৰ্জ স্কুলত ভৰ্তি কৰাই দিলেহি৷ লাহে লাহে জ্যোতি প্ৰসাদৰ পঢ়াত মন বহিল। পঢ়াত মনোযোগ দেখি দেউতাকে বৰ ভাল পালে আৰু পুনৰ তেজপুৰ হাইস্কুললৈ লৈ আহিল। এইবাৰ জ্যোতি প্ৰসাদ পঢ়াৰ লগে লগে সাহিত্য ৰচনাতো আগৰণুৱা হৈ পৰিল৷ স্কুলৰ পঢ়া নিয়াৰিকৈ কৰি যোৱাৰ মাজতে আজৰি উলিয়াই হাতত কলম তুলি সাহিত্য সৃষ্টি কৰি গল।

 ১৯২১ চনত মেট্ৰিকৰ বাচনি পৰীক্ষাত জ্যোতি প্ৰসাদ উত্তীৰ্ণ হয়। আৰু ‘চিত্তৰঞ্জন দাস’ প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ৰ পৰা দ্বিতীয় বিভাগত সুখ্যাতিৰে মেট্ৰিক পাছ কৰিলে। অসমত তেতিয়া কলেজ নথকাত তেওঁ কলিকতালৈ যাব লগীয়া হল। তেওঁৰ নিজৰ জন্মভূমিক এৰি যাবলৈ ইচ্ছা নাছিল৷ ইফালে তেওঁ স্বৰাজ আন্দোলনতো লাগি আছিল। তথাপি উপাই নাপায় উচ্চ শিক্ষাৰ কাৰণে কলিকতা পায়গৈ। কলিকতাৰ নেচনেল কলেজত নাম লিখি কলেজীয়া জীৱন আৰম্ভ কৰিলে৷

 আজিকালিৰ দৰে তেতিয়াৰ কলেজবোৰ সূচাৰুৰূপে চলি থকা বিধৰ নাছিল। আই, এ,ৰ দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা অৱস্থাতে কলেজখন বন্ধ হৈ পৰে। সেই কাৰণে তেওঁৰ শিক্ষা সিমানতে সামৰণি মাৰি অসমলৈ পুনৰ ঘূৰি আহিল। এনেয়ে বহি নেথাকি বৰদেউতাক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে চলাই থকা ‘অসমীয়া’ আৰু ‘নিউপ্ৰেছ’ নামৰ বাতৰি কাকতখনি চলোৱাত সহায় কৰি দিয়ে।

 শিক্ষা জীৱন অসমাপ্ত হৈ ৰোৱাত জ্যোতি প্ৰসাদৰ মনত অকণো শান্তি নাছিল। উচ্চ শিক্ষাৰ কাৰণে তেওঁৰ বৰ হাবিয়াস হ’ল। তেওঁৰ আধৰুৱা শিক্ষাৰ কাৰণে মাক কিৰণময়ী দেৱীৰ মনতো বৰ দুখ আছিল। অৱশেষত জ্যোতি প্ৰসাদে বিদেশলৈ গৈ উচ্চ শিক্ষা লোৱাৰ কথা

[  ] ভাবিলে। পােন প্রথমে সাত সাগৰ তেৰ নদীৰ সিপাৰে তেওঁক পঠিয়াবলৈ সকলােৱে আপত্তি কৰিলে। কিন্তু জ্যোতি প্ৰসাদ নিজৰ কথাত অলৰ অচৰ হৈ থাকিল।

 মাকে প্রথমে বাধা দিছিল যদিও পুতেকৰ উজ্বল ভৱিষ্যতৰ কামনা কৰি সন্তোষ মনেৰে যােৱাৰ অনুমতি দিলে। জ্যোতি প্ৰসাদৰ মন আনন্দেৰে ভৰি পৰিল।

[  ]

বিদেশত জ্যোতি প্রসাদ

 ১৯২৬ চনৰ ছেপ্তেম্বৰ মাহত জ্যোতি প্ৰসাদ গৈ ইংলণ্ড পালেগৈ। তাত তেওঁ এডিনবার্গ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰি ল’লে। তেওঁ পঢ়া-শুনাত মনপুতি লাগিল।

 ভাৰতবর্ষ তেতিয়া ইংৰাজৰ গােলাম। ইংৰাজৰ অত্যাচাৰত লাঞ্চিতা জন্মভূমিৰ দুখৰ কান্দোন যেন জ্যোতি প্রসাদে সূদূৰ দুৰণিতাে শুনা পালে। স্বদেশৰ মাটিৰ গােন্ধে তেওঁৰ মন বিচলিত কৰি তুলিলে। যিমানে দিনবােৰ আগবাঢ়িবলৈ ধৰিলে, সিমানেই তেওঁৰ হিয়া নিজদেশৰ কাৰণে হাহা‍ঁকাৰ কৰি উঠিল। সেয়ে জাতীয় ভাৱধাৰাৰে ভৰা বহুতাে গীতৰ সৃষ্টি কৰিলে৷ এই গীতবােৰ স্বদেশত থকা ভাতৃ কমলা প্রসাদ আগৰৱালা আৰু গুৱাহাটীৰ শ্ৰীলক্ষ্মীনাথ দাসলৈ প্ৰেৰণ কৰিলে৷ গীতবােৰৰ স্বৰ লিপিও লিখি দিছিল। গীতৰ কথাবােৰ আছিল মনত দেশপ্রেম জগাই তুলিব পৰা তেজাল আৰু অর্থপূর্ণ। স্বৰাজ আন্দোলনত এই গীতবিলাকে বিশেষ ঠাই অধিকাৰ কৰি ল’লে।

 এইদৰেই জ্যোতি প্ৰসাদৰ মন পুনৰ পঢ়াৰ পৰা ফালৰি কাটি আহিল। ফলস্বৰূপে তেওঁৰ প্রথম পৰীক্ষাটোৱেই বেয়া হ’ল। পিছে চৰ্ত অনুসৰি পুনৰ পঢ়াৰ সুযােগ এটা পালে। লাভ কিন্তু একো নহ’ল। গীত আৰু সুৰে আবৰি ৰখা তেওঁৰ মনে কিতাপৰ মাজত সােমাই থাকিব নােৱাৰিলে। তেওঁ মনে মনে ভাবিলে তেওঁ যি শিক্ষা গ্রহণ

[ ১০ ] কৰিছে সেই শিক্ষাই কেৱল এটা ডাঙৰ চাকৰি কৰাতহে সহায় কৰিব। বিদেশত লিখা-পঢ়া শিকি তেওঁ ইংৰাজৰ তলত চাকৰি কৰিবলৈ মন নকৰিলে৷ সেয়েহে জ্যোতি প্ৰসাদে একাণপতীয়াকৈ সঙ্গীত চৰ্চ্চাত লগাটোকে ঠিক কৰিলে। এগৰাকী ইংৰাজ বৃদ্ধাৰ ঘৰত তেওঁ ঘৰ ভাৰা ল’লে। বৃদ্ধাগৰাকীৰ এখন পিয়ানোও আছিল। জ্যোতি প্ৰসাদে ভালেই পালে। বৃদ্ধা গৰাকীৰ পৰা পিয়ানো বজোৱাৰ অনুমতিলৈ তেওঁ সঙ্গীত সাধনাত নিমগ্ন হৈ পৰিল। জ্যোতি প্ৰসাদে বিদেশৰ নানা সঙ্গীতৰ জ্ঞান থকা মানুহ খিনিক লগ ধৰিলে। তেওঁলোকৰ লগত সঙ্গীতৰ বিষয়ে গভীৰ ভাৱে আলোচনা কৰিলে। বিদেশী সুৰবোৰৰ বিষয়ে অধ্যয়ন কৰি লৈ নিজৰ জতুৱা ঠাঁচৰ লগত বিদেশী সুৰৰ আভাষ সানি এক নতুন ধাৰাৰ অনুপম সুৰ ৰচনা কৰাত মনোনিবেশ কৰিলে। এক অপূৰ্ব সুৰে জ্যোতি প্ৰসাদৰ গীতক মোহনীয়া কৰি তুলিলে৷

 জ্যোতি প্ৰসাদৰ মন দিনক দিনে নতুন নতুন ভাৱধাৰাই উৎসাহিত কৰিবলৈ ধৰিলে। কেৱল গীততে আৱদ্ধ নেথাকি তেওঁ অন্য চিন্তাও কৰিলে। সেই চিন্তা হ’ল বোলছবি শিল্পৰ৷ অসমত তেতিয়ালৈকে বোলছবিৰ নাম ওলোৱাই নাই। সেয়েহে তেওঁ ভাবিলে বোলছবিৰ দৰে মহান শিল্পৰ সহায়তে অসমীয়া ভাষা-সংস্কৃতিক পৃথিৱীৰ ওচৰত দেখুৱাব পাৰিব৷ ভবা মতেই কাম। বোলছবিৰ অধ্যয়নৰ কাৰণে তেওঁ এডিনবাৰ্গৰ পৰা বাৰ্লিনলৈ যাত্ৰা কৰিলে। বাৰ্লিনত তেওঁ ভাৰতীয় বোলছবিৰ বিখ্যাত পৰিচালক হিমাংশু ৰায়ক লগ পালে৷ তেখেতে জ্যোতি প্ৰসাদক প্ৰশিক্ষণ লোৱাত যথেষ্ট সহায় কৰিলে। জ্যোতি প্ৰসাদ বাৰ্লিনলৈ যোৱাৰ কথা গম পাই দূৰৰ মানুহখিনি বিপাঙত পৰিল। তেওঁলোকে জ্যোতি প্ৰসাদক শিক্ষা দীক্ষাই উচ্চ শিক্ষিত হৈ আহিবলৈহে বিদেশলৈ পঠিয়াইছিল। কিন্তু তেওঁ গৈ পুনৰ শিল্প জগতত সোমাই পৰিল। ঘৰৰ পৰা জ্যোতি প্ৰসাদলৈ সঘনে চিঠি যাবলৈ ধৰিলে। অৱশেষত উপায় নাপাই সাত মাহ প্ৰশিক্ষণ লৈয়ে জ্যোতি

[ ১১ ] প্ৰসাদ উভতি আহিবলৈ বাধ্য হ’ল। পিছে তেওঁ নিজৰ কাৰ্য্য সিদ্ধি নকৰাকৈ নেৰিলে। তেওঁ ভাৰতলৈ উভতি অহাৰ বাটত ইউৰোপৰ নানা দেশলৈ গৈ তাৰ শিল্প, সংস্কৃতি, সভ্যতা আদিৰ বিষয়ে ভূ লৈ তুৰস্ক পায়গৈ। তুৰস্কৰ পৰা আৰৱ দেশৰ মাজেৰে আহি মছৌল, বাগদাদ বেবিলন, কাৰাবালা ইত্যাদি বিখ্যাত ঠাইবোৰ ভ্ৰমণ কৰে। তাৰ পিছত বছোৰাৰ পৰা কৰাচী হৈ আহি নিজ দেশ ভাৰতবৰ্ষৰ মাটিত ভৰি থয়হি।

[ ১১ ]

সংগ্ৰামী জ্যোতি প্ৰসাদ

 ১৯৩০ চনৰ মাৰ্চ মাহত জ্যোতি প্ৰসাদ বিদেশৰ পৰা আহি জন্ম ঠাই তেজপুৰ পায়হি। তেওঁ দেখিলেহি ইংৰাজ শাসকৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষতে আন্দোলনৰ ঢৌ উঠিছে। এই আন্দোলনৰ গুৰি ধৰিছে জাতিৰ পিতা মহাত্মা গান্ধীয়ে।

 জ্যোতি প্ৰসাদো বহি থাকিব নোৱাৰিলে৷ দুখুনী দেশ মাতৃৰ উদ্ধাৰৰ কাৰণে তেওঁ জীৱন পণ কৰিলে। চাহ বাগিছাৰ মালিকৰ ল’ৰা হৈয়ো দেহৰ সুখক পিছলৈ ঠেলি জনতাৰ লগত ৰাজপথলৈ ওলাই আহিল। ১৯২১ চনৰ অসহযোগ আন্দোলনতো অংশ গ্ৰহণ কৰি তেওঁ ছাত্ৰ সকলক নেতৃত্ব দিছিল।

 আন্দোলন সক্ৰিয় আৰু সজীৱ কৰি তুলিবলৈ জ্যোতি প্ৰসাদে বহুতো গীতো লিখি উলিয়ালে। তেওঁৰ গীতত যেন যাদুহে আছিল। যেতিয়া তেওঁৰ গীত গাই সমদল আগবাঢ়িছিল সেই গীতৰ সুৰত মাজনিশাকো আওকাণ কৰি শ–শ মানুহ ঘৰৰ পৰা ওলাই আহি আন্দোলনত ভাগ লৈছিলহি।

 কৰাচীত বহা কংগ্ৰেছ অধিবেশনত কংগ্ৰেছ নেতা জৱাহৰলাল নেহেৰুৱে দেশৰ যুৱক সকলক সংগ্ৰামৰ কাৰণে আহবান কৰিছিল সেই আহ্বানলৈ লক্ষ্য কৰি জ্যোতি প্ৰসাদে “বিশ্ব–বিজয় ন জোৱান” গীতটি লিখি উলিয়াইছিল। আৰু দেশ সেৱক সকলে মাৰ্চ ফাষ্ট কৰি

[ ১২ ] যাওঁতে গীতটি গাইছিল।

 দেশৰ বাবে প্ৰাণ দিব পৰা দেশপ্ৰেম আছিল জ্যোতি প্ৰসাদৰ। তেওঁৰ শিৰাই-শিৰাই দেশ মাতৃৰ প্ৰতি আছিল শ্ৰদ্ধা আৰু ভালপোৱা। তেওঁ দেশক ইমানেই ভাল পাইছিল যে নিজৰ দেহলৈ নেচাই দেশৰ কামত নিমগ্ন হৈছিল৷ এবাৰ স্বাধীনতা সংগ্ৰামৰ জৰুৰী কামত ঘূৰি ফুৰোতে তেজপুৰৰ চতিয়াৰ গেৰেকী গাঁৱৰ বাটতে অসুস্থ হৈ শুই পৰিল। ততালিকে তেওঁক কেম্পলৈ লৈ যোৱা হ'ল। মাত্ৰ দুদিন জিৰণি লৈয়ে তেওঁ অস্থিৰ হৈ পৰিল৷ দেশৰ সংকটৰ সময়ত বহি নেথাকি কাৰো বাধা নেমানি পুনৰ কামত লাগিল। শৰীৰৰ অৱস্থা বেয়াৰ পিনে ঢাল ললে। তথাপি মনলৈ অৱসাদ নাহিল। কামৰ মাজতে পুনৰ এদিন নৈৰ বালিত ঢলি পৰিল। তেওঁৰ লগত থকা সকলে বোকোচাত লৈ নৈ পাৰ কৰালে। তাৰ পিছতো কিন্তু তেওঁ বহি থাকিব নোৱাৰিলে৷ ইমানেই আছিল তেওঁৰ কৰ্ত্তব্যনিষ্ঠা।

 জ্যোতি প্ৰসাদৰ নাম গৈ ইংৰাজৰ কাণত পৰিল৷ তেওঁলোকে জ্যোতি প্ৰসাদক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টা চলালে। জ্যোতি প্ৰসাদ এদিন ইংৰাজৰ হাতত বন্দী হ’ল। পোণ প্ৰথমবাৰৰ বাবে কাৰাগাৰলৈ যাব লগাত পৰিল। তাৰবাবে তেওঁৰ মনত অকণো খেদ ভাব নল’লে। পোন্ধৰ মাহ কাৰাদণ্ড আৰু পাঁচশ টকা জৰিমনা হ’ল। টকা দিব নোৱাৰিলে ছয়মাহ বেছিকৈ জেলত থকাৰ নিৰ্দেশ হ’ল।

 প্ৰথম তেওঁক তেজপুৰ জেলত ৰাখিলে। তাৰ পিছত শিলচৰ জেললৈ নিলে। জেলৰ চাৰিবেৰৰ মাজত থাকি জ্যোতি প্ৰসাদ অতীষ্ঠ হৈ পৰিল। বাহিৰত থকা অসংখ্য কামে তেওঁক আমনি কৰিবলৈ ধৰিলে। তেওঁৰ মন বাৰে বাবে বাহিৰলৈ উৰা মাৰিলে৷ তেওঁৰ মনত শান্তি নোহোৱা হ’ল। খাব নোৱাৰা, শুৱ নোৱাৰা হৈ পৰিল। মন দুখত ভাগি পৰিল। তেওঁৰ পুনৰ অসুখত পৰিল। এই কথা বাহিৰত প্ৰচাৰ হোৱা লগে লগে তেওঁৰ মুক্তিৰ বাবে জনতাই আন্দোলন কৰিলে। জ্যোতি প্ৰসাদৰ অৱস্থা বৰ বেয়া হৈ পৰিল। তাকে দেখি

[ ১৩ ] জেল কৰ্তৃপক্ষই তেওঁক চিকিৎসাৰ বাবে শ্বিলঙলৈ নিলে৷ সেই সময়ত অসমৰ গৱৰ্ণৰৰ আছিল চাৰ মাইকেল কীণ। তেওঁ কাৰাগাৰলৈ গৈ জ্যোতি প্ৰসাদক লগ ধৰিলে। তেওঁ ক’লে যদি জ্যোতি প্ৰসাদে ভৱিষ্যতে আন্দোলন নকৰো বুলি লিখি দিয়ে তেনেহ'লে তেওঁ জ্যোতি প্ৰসাদৰ চিকিৎসাৰ ভাৰ ল’ব। জ্যোতি প্ৰসাদ খঙত জ্বলি পকি উঠিল। তেওঁ স্পষ্টকৈ উত্তৰ দিলে— তেওঁ কেতিয়াও এইটো নকৰে। গৱৰ্ণই তৱধ মানিলে। তেওঁ জ্যোতি প্ৰসাদৰ বীৰত্বৰ কথা বুজি পালে৷

 পোন্ধৰ মাহ জেইল খটাৰ পিছত জ্যোতি প্ৰসাদক মুক্তি দিলে। তেওঁৰ অসুস্থ শৰীৰ দেখি ছয় মাহ জেইলৰ ৰেহাই দিলে।

 ১৯৪২ চন। দেশত বিপ্লৱৰ ঢৌৱে আকাশ চুলে। ৯ আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৪৫ তম অধিবেশন বহিল। এইবাৰ ‘বৃটিছৰ ভাৰত ত্যাগ’ প্ৰস্তাৱ লোৱা হ’ল। সেই দিনাই মহাত্মা গান্ধীক আৰু লগতে অনান্য আগশাৰীৰ নেতাসকলক ইংৰাজে বন্দী কৰি পেলালে। ইফালে পৃথিৱী জুৰি হয় মহাযুদ্ধ৷ অসমকো এই মহাযুদ্ধৰ ভয়াবহতাই ছানি ধৰিলে। বৃটিছ সৈন্যবোৰ আহি অসমত ভৰি পৰিল।

 অসমত ‘ভাৰত ত্যাগ’ আন্দোলন পূৰ্ণ গতিত আৰম্ভ হ'ল। ডাঙৰ— ডাঙৰ নেতা সকলক বিচাৰি পুলিচে পিয়াপি দিলে। বহুতকে বন্দীও কৰিলে। বহুতে আত্মগোপন কৰি থাকিল। জ্যোতি প্ৰসাদেও আত্মগোপন কৰি পূৰ্ণ গতিত কাম চলাই থাকিল। তেওঁ দুটা কাৰণত আত্মগোপন কৰি আছিল। প্ৰথম জেইলত অসুখীয়া শৰীৰৰ কষ্ট, দ্বিতীয়তে জেইলত সোমাই থাকিলে দেশৰ গুৰুত্ব পূৰ্ণ কামত বাধা আহি পৰে। সেয়ে প্ৰচণ্ড শক্তি আৰু নিৰ্ভীক মনোবল লৈ ৰাইজৰ মাজত মিলি গ’ল। তেওঁৰ তেজস্বী বক্তৃতা, উত্তাল সুৰৰ সঙ্গীতে সকলোকে অনুপ্ৰাণিত কৰি তুলিলে। বিভিন্ন ঠাইৰ বিভিন্ন সংগ্ৰামী নেতাসকলক লগ ধৰি ইংৰাজৰ বিৰুদ্ধে নানা আঁচনি তৈয়াৰ কৰিলে। অকল এখন চাইকেলকে সাৰথি কৰি অটব্য হাবিৰ মাজেৰে হিংস্ৰ

[ ১৪ ] জন্তু জানোৱাৰকো আওঁকান কৰি দেশৰ কামত মাজনিশাও ঘূৰি ফুৰিলে। গুৱাহাটী, ধুবুৰী, কলিকতা আদিলৈ গৈ ‘সদৌ অসম শান্তি বাহিনী’ৰ বাবে টকা সংগ্ৰহ কৰাৰ কামতো আগভাগ ল’লে। সত্যাগ্ৰহী সকলক লৈ দুটা ভাগ কৰা হৈছিল, এটা ‘মৃত্যু বাহিনী’ আনটো ‘শান্তি বাহিনী’। ধনী ঘৰৰ ল'ৰা হৈয়ো অশেষ কষ্ট কান্ধ পাতি লৈ স্বাধীনতা সংগ্ৰামত নামি পৰাৰ জ্যোতি প্ৰসাদৰ এটাই উদ্দেশ্য আছিল দেশ স্বাধীন হোৱাৰ পিছত যেন দুখীয়া জনতাৰ দুখ দূৰ হয়।

 ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত দৰঙ জিলাত বিভিন্ন থানা, কেছাৰী ঘৰ আদিৰ সমুখত জাতীয় পতাকা উত্তোলন কৰা কাৰ্য্যত জ্যোতি প্ৰসাদৰ সহযোগ অতি মনত ৰাখিব লগীয়া। এই পতাকা উত্তোলনতেই অসমৰ বীৰাঙ্গনা জীয়ৰী কনকলতা আইদেউ শ্বহীদ হয়। গাঁৱে গাঁৱে গৈ উৎসাহিত কণ্ঠে জ্যোতি প্ৰসাদে দেশৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাইজক আহ্বান দিছিল৷

 ‘জননীৰ সন্তান জাগা, জাগা শক্তিমান’ ‘সাজু’ সাজু’হ ন জোৱান’ আদি গীত ৰচি সকলোকে আকৰ্ষণ কৰি তুলিছিল। জ্যোতি প্ৰসাদৰ আহ্বান পিছদিয়া শক্তি কাৰো নাছিল। পুলিচৰ অশেষ বাধা নেওচি নিৰ্দিষ্ট দিনত পতাকা উত্তোলন কৰাই সেই দিনটো ইতিহাসৰ পাতত চিৰযুগমীয়া কৰি তুলিলে।

 অধিক পৰিশ্ৰমৰ কাৰণে জ্যোতি প্ৰসাদ পুনৰ অসুখীয়া হৈ পৰিল। বাধ্য হৈ তেওঁ বিচনাত পৰি থাকিব লগীয়া হ’ল। কিন্তু এনেয়ে বহি নেথাকি হাতত কলম তুলি ল'লে। অসংখ্য দেশপ্ৰেমমূলক গীত, কবিতা, প্ৰৱন্ধ আদি লিখি উলিয়ালে।

 ১৯৪৩ চন। মহাত্মা গান্ধীক জেলৰ পৰা মুক্তি দিয়া হ'ল। তেওঁ জেইলৰ বাহিৰলৈ ওলাই আহি গম পালে বহুতো দেশ সেৱকে আত্ম গোপন কৰি ফুৰিছে। তেওঁ মনত বৰ আঘাট পালে৷ কিয়নো তেওঁৰ আদৰ্শত আছিল নিৰ্ভীক আৰু সৎসাহ। সেই কাৰণে মহাত্মা গান্ধীয়ে জনাই দিলে আত্ম গোপন কৰি থকাতো কংগ্ৰেছ নীতিৰ

[ ১৫ ] আদৰ্শৰ বিৰোধী কাম। তেওঁলোকে আত্মসমৰ্পণ কৰা উচিত হ’ব। এই খবৰে জ্যোতি প্ৰসাদক মৰ্ম্মাহত কৰি তুলিলে। কাৰণ মহাত্মা গান্ধীৰ প্ৰতি তেওঁৰ অসীম শ্ৰদ্ধা আছিল। ১৯৪৩চনৰ আগষ্ট মাহত তেওঁ তেজপুৰত পুলিচৰ হাতত ধৰা দিয়ে। পিছে ‘চিনিয়ৰ মেজিষ্ট্ৰেতে’ বিচাৰত তেওঁক মুক্তি দিয়ে।

 দেৱযানী ভূঞাঁক জ্যোতি প্ৰসাদে বিয়া কৰাইছিল। তেওঁৰ পুত্ৰ সকল হ’ল চিন্ময়, বিশ্বেন্দু আৰু কন্যা সকল হ’ল- জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী আৰু মনশ্ৰী।

 ১৯৪৯ চনত তামোল বাৰী চাহ বাগিচাত জ্যোতি প্ৰসাদৰ পত্নী দেৱযানী আইদেউৰ মাথো ঊনত্ৰিশ বছৰ বয়সতে মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পিছত ঘৰুৱা দায়িত্বও জ্যোতি প্ৰসাদে মূৰ পাতি লব লগীয়া হয়।

 তামোলবাৰী চাহবাগিচাত মেনেজাৰৰ আসনত থাকিলেও জ্যোতি প্ৰসাদে নিঃকিন বনুৱা সকলক নিজ ভাতৃৰ দৰে স্নেহ কৰিছিল। বনুৱা সকলৰ বাবে বিদ্যালয়, খেলপথাৰৰ সুযোগ আদি কৰি দিছিল৷ নিৰক্ষৰ বনুৱা সকলক ঘৰলৈ মাতি আনি নিজেই শিক্ষা দিছিল। তিৰোতা সকলক পাত তুলিবৰ কাৰণে ছাতি যোগান ধৰিছিল। তেতিয়াৰ দিনত এই সুযোগবোৰ বনুৱা সকলে নেপাইছিল। জ্যোতি প্ৰসাদৰ এনে কাৰ্য্যত অন্য ডাঙৰ লোক সকলে অলপো ভাল পোৱা নাছিল। আনকি ডিব্ৰুগড়ত থকা ‘ওপৰৱালা’কো জ্যোতিপ্ৰসাদৰ বিৰুদ্ধে লগাইছিলগৈ। মানুহৰ প্ৰতি মানুহৰ এই অন্যায় ব্যৱহাৰত জ্যোতি প্ৰসাদৰ অন্তৰ ভাগি পৰিছিল। কিয়নো তেওঁৰ দৃষ্টিত সকলো মানুহ ভগৱানৰ এক সুন্দৰ সৃষ্টি। সেইবাবে নিজৰ সন্তান সকলকো বনুৱাৰ ল’ৰা-ছোৱালীৰ লগত হাঁহি মুখে মিলামিছা কৰিবলৈ উৎসাহ দিছিল। ইয়াৰ পৰাই আমি প্ৰমাণ পাওঁ জনতাক ভালপোৱা জ্যোতি প্ৰসাদ এজন প্ৰকৃত মহান পুৰুষ৷ জ্যোতি প্ৰসাদৰ আদৰ্শ পুৰুষ আছিল শ্ৰীকৃষ্ণ, শংকৰদেৱ আৰু মহাত্মা গান্ধী। তেওঁলোকৰ জীৱন প্ৰতিভাই তেওঁৰ মনত গভীৰ

[ ১৬ ] চাপ পেলাইছিল আৰু সেই আদৰ্শই তেওঁৰ জীৱনৰ সপোন আছিল। জ্যোতিপ্ৰসাদে ভালদৰে জানিছিল অসমত বসবাস কৰা বিভিন্ন জাতি, উপজাতি বিভিন্ন ধৰ্মৰ, বিভিন্ন ঠাইৰ মানুহৰ বুজা পৰাৰ মাজতেহে শক্তিশালী অসম গঢ়িব পৰা যাব।

[ ১৬ ]

সংস্কৃতিৰ পূজাৰী জ্যোতি প্ৰসাদ

 শিল্পী জ্যোতি প্ৰসাদ আছিল সংস্কৃতিৰ এজন একনিষ্ঠ পূজাৰী। শিল্পী, সাহিত্যিক, সংগীতজ্ঞ জ্যোতি প্ৰসাদৰ জীৱন ধাৰা প্ৰতিতো যুগৰ প্ৰতিজন মানুহৰ বাবেই আদৰ্শনীয়।

 সৰুৰ পৰাই জ্যোতি প্ৰসাদৰ সংগীতৰ প্ৰতি অধিক ৰাপ আছিল৷ তেওঁৰ দেউতাকো আছিল এজন সংগীতজ্ঞ। দেউতাকৰ পৰাই গোটেই পৰিয়ালটোৱে সংগীতত অনুপ্ৰেৰণা পাইছিল৷ মাকৰ কণ্ঠত শুনা গীত বোৰে জ্যোতি প্ৰসাদক মোহিত কৰিছিল৷ আৰু সেই কণ্ঠৰ সুৰ তেওঁৰ প্ৰাণৰ মাজত অহৰহ বাজি আছিল। জ্যোতি প্ৰসাদৰ সৃষ্টি ইমান নিখুত আছিল যে তেওঁৰ সকলো সৃষ্টিতেই পূৰ্ণবিকাশ ঘটিছিল।

 ১৯১৭ চনত চৈধ্য বছৰ বয়সতে পঢ়া-শুনাৰ মাজতে জ্যোতি প্ৰসাদে ‘জোনাকী’ নামৰ এখন হাতেলিখা আলোচনী সম্পদনা কৰি উলিয়ায়৷ তাতেই তেওঁৰ ‘সতীৰ সোঁৱৰণ’ নামৰ জীৱনৰ প্ৰথম গল্পটি ওলায়। ১৯১৭ চনৰ পৰা ১৯২০ চনৰ ভিতৰত জ্যোতি প্ৰসাদে “শোণিত কুঁৱৰী” নামৰ নাটখনি লিখি শেষ কৰে। ১৯২৪ চনৰ অক্টোবৰ মাহত দূৰ্গা পুজাৰ সপ্তমীৰ নিশা হাতে লিখা অৱস্থাতে নাট খনি বান থিয়েটাৰত মঞ্চস্থ কৰা হয়৷ ‘শোণিত কুঁৱৰী’ নাটখনিত কিছুমান গীত আছিল। আৰু এই গীতৰ সুৰবোৰ জ্যোতি প্ৰসাদে মাকৰ মুখত শুনা বিয়ানাম, আইনামৰ আৰ্হিত কৰিছিল। সেয়েহে গীতবোৰ শুনিবলৈ বৰ শুৱলা হৈছিল। এই গীতবোৰেই লীন যাবলৈ ধৰা অসমীয়া সুৰক উদ্ধাৰ কৰে। জ্যোতি প্ৰসাদে অসমীয়া থলুৱা সুৰ পুনৰজীৱিত কৰি অসমীয়া সংস্কৃতিৰ লাইখুটা স্থাপন কৰি অসমীয়া

[ ১৭ ] জাতিক উদ্ধাৰ কৰি অভিলেশ সৃষ্টি কৰিলে।

 ‘শোণিত কুঁৱৰী’ নাাটখনিৰ অভিনয় কৌশল থলুৱা গীত মাতৰ প্ৰয়োগ চৰিত্ৰ আদি ইমানেই উচ্চখাপৰ হৈছিল যে মহান সাহিত্যিক ড° বাণীকান্ত কাকতি দেৱে উচ্চ প্ৰশংসা কৰি ‘জ্যোতি প্ৰসাদে এখন নতুন আসন পূৰালে’ বুলি মন্তব্য কৰিছিল৷

 ১৯২৪ চনত গুৱাহাটীত সপ্তদশ অসম সাহিত্য সভাৰ অধিবেশন বহিছিল। সভাপতি আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। সেই সাহিত্য সভাতে জ্যোতি প্ৰসাদৰ ‘গছে গছেপাতি দিলে ফুলৰে শৰাই’ আৰু ‘ৰূপহ কোঁৱৰৰ চুমা পৰশতে’ এই গীত দুটি গোৱা হৈছিল। এই গীত দুটিৰ সুৰে সকলো অসমীয়াৰ প্ৰাণ চুই গ'ল৷ তাৰ পাছৰ পৰাই অসমত অসমীয়া সুৰৰ প্ৰভাৱ বাঢ়িবলৈ ধৰিলে। সাহিত্যিক হেমচন্দ্ৰ বৰুৱা, যতীন্দ্ৰ নাথ দুৱৰা, পণ্ডিত লক্ষ্মী নাথ শৰ্মা আদি ব্যক্তি সকলে জ্যোতি প্ৰসাদক ভূয়সী প্ৰশংসা কৰি উৎসাহিত কৰিলে৷

 ১৯২৪ চনত ‘কাৰেঙৰ লিগিৰী’ লিখিবলৈ আৰম্ভ কৰি তেওঁ ১৯২৬ চনত শেষ কৰে। এই নাটকৰ মাজেৰে সমাজৰ অন্যায়, অবিচাৰ, অন্ধসংস্কাৰ আৰু প্ৰগতিৰ পথত পোৱা বাধা বিঘিনিৰ কথা ফঁহিয়াই দেখুৱাইছে। ১৯৩৬ চনৰ পৰা ১৯৩৭ চনৰ ভিতৰত জনজাতি সমাজৰ ওপৰত ভিত্তি কৰি ‘ৰূপালীম’ নাটক খনি লিখে। ১৯৪৫ চনত নৃত্য নাটিকা ‘নিমাতী কন্যা লিখে। এই কাহিনী মুখে মুখে চলি অহা সাধু কথা এটিৰ পৰা লৈছে। ২য় মহাযুদ্ধক লৈ ১৯৪৬ চনত ‘লভিতা’ নামৰ নাটকখনি ৰচনা কৰে। ১৯৪৬ চনতে ‘খনিকৰ' নামৰ নাটক এখনি লিখিবলৈ হাতত লয় যদিও ১৯৫০ চনতহে সম্পূৰ্ণ কৰে। ‘সোণ পখিলী’ নামৰ ধুনীয়া শিশু নাটিকা এখনিও জ্যোতি প্ৰসাদে লিখে৷ ইয়াৰ উপৰিও আৰু বহুতো গীত, কবিতা আদি ৰচনা কৰিছে। তেওঁৰ কবিতা সংকলন ‘লুইত পাৰৰ অগ্নিসুৰ’ গল্প সংকলন জ্যোতি সাতসৰী'। ইয়াত আঠোটি গল্প আছে। ১৯২১ চনৰ পৰা ১৯২৪ চনৰ ভিতৰত গল্প কেইটি লিখে। তেওঁ প্ৰবন্ধও লিখে। ইয়াত

[ ১৮ ] বাৰটা প্ৰৱন্ধ আছে। ‘শিল্পীৰ পৃথিৱীত’ নামৰ সৰু পুথি এখনো তেওঁ লিখিছে। এই বোৰত জ্যোতি প্ৰসাদৰ বিস্তৃত জ্ঞানৰ পৰিচয় পোৱা যায়। মাজু দেউতাক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ স্মৃতিত লিখা জীৱনী সাহিত্য এখনিও পোৱা যায়।

 অকণিহঁতক জ্যোতি প্ৰসাদে বৰ ভাল পাইছিল। তেওঁলোকৰ ওপৰতে যে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে তাক তেওঁ বুজিছিল। তেওঁলোকৰ জ্ঞান বঢ়াবৰ বাবে ‘অসমীয়া’ নামৰ কাকত এখনি সম্পাদনা কৰি শিশুসকলৰ কাৰণে এটা শিতান খুলি তেওঁলোকৰ উপযোগী গদ্য, পদ্য ৰচনা কৰি প্ৰকাশ কৰিছিল। শিশু সকলৰ কাৰণে লিখা জ্যোতি ৰামায়ণ’ এখনি অনুপম শিশু পুথি। তাৰোপৰি শিশুসকলৰ কাৰণে নৃত্যনাটিকা, লগতে নতুন কণমাণিৰ গান’ অকনমান ল’ৰা, অকণমাণি ছোৱালী, অকণমানিৰ প্ৰাৰ্থনা জলকুঁৱৰী, অকণমানিৰ সপোন আদি ধুনীয়া ধুনীয়া কবিতা লিখি গৈছে। সঁচাকৈয়ে এয়া প্ৰাণ পৰশা। জ্যোতি প্ৰসাদে অসমীয়া জাতিক ইমান ভাল পাইছিল আৰু শ্ৰদ্ধা কৰিছিল যে তেওঁৰ এটা সপোনেই আছিল কেনেকৈ বিশ্বৰ সন্মুখত অসমীয়া জাতিক মহীয়ান কৰি তুলিব পাৰিব৷ সেইটোৱেই আছিল তেওঁৰ গীত বিলাকৰ মূল ভেটি। জ্যোতিপ্ৰসাদৰ এনে অপ্ৰাণ চেষ্টাত অসমীয়া সমাজ আকৰ্ষিত হয়।

 জ্যোতি প্ৰসাদৰ নিজস্ব সুৰ প্ৰচাৰৰ কাৰণে ডাঙৰ ডাঙৰ সাহিত্যিক, সংগীতজ্ঞ সকলে চেষ্টা কৰে। জ্যোতিপ্ৰসাদৰ শিল্পী জীৱনৰ অন্ত ৰঙ্গ সতীৰ্থ আছিল বিষ্ণু প্ৰসাদ ৰাভা। বিষ্ণু প্ৰসাদৰ সৈতে লগলাগি অসমীয়া কলা কৃষ্টি ৰক্ষাৰ কাৰণে যত্ন কৰিছিল। দুয়ো নামঘৰে নামঘৰে ভাওনা চাই বৈষ্ণৱ ধৰ্ম্ম চৰ্চ্চা কৰি পণ্ডিত সকলক লগ ধৰি বৰ গীত, অংকীয়া গীত আদিৰ তাল, সুৰ, লয়ৰ আলোচনা কৰিছিল।

 অসমৰ পুৰণি যাউতি যুগীয়া ভাস্কৰ্য্য প্ৰতিও তেওঁ মন দিছিল। তাক সংৰক্ষণ কৰাত জোৰ দিছিল। যেতিয়া তেওঁ জাৰ্মানীত সংৰক্ষণ কৰি থোৱা স্থাপত্য কলা দেখিছিল। তেতিয়া তেওঁৰ নিজ দেশলৈ

[ ১৯ ] মনত পৰিছিল। বিদেশৰ পৰা আহি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ যায় আৰু তাত পাচশ বছৰৰ আগেয়ে মহাপুৰুষে স্থাপিত কৰি থৈ যোৱা ভাস্কৰ্য্য কলা দেখি অভিভুত হৈ পৰে। অসমৰ গৌৰৱ কঢ়িয়াই অনা এই মূল্যবান শিল্প কলাৰ ওপৰত ভিত্তি কৰি এখনি চানেকী আঁকি উলিয়াইছিল। আৰু সেই চানেকীত এখন বিশ্ববিদ্যালয় গঢ়ি তুলিবলৈ অনুৰোধ কৰিছিল। যাতে বিশ্ববিদ্যালয়খনে অসমৰ কীৰ্ত্তি অম্লান কৰি ৰাখিব পাৰে। অকল অসমৰে নহয় ভাৰতৰ শিল্পকলাৰ সম্পৰ্কেও তেওঁ জ্ঞান আহৰণ কৰিছিল। তাৰ বাবে বিখ্যাত প্ৰাচীন শাস্ত্ৰ সমূহ গভীৰ ভাৱে অধ্যয়ন কৰিছিল।

[ ১৯ ]

অসমৰ প্ৰথম বোলছবি নিৰ্মাতা জ্যোতি প্ৰসাদ

 দেশক ভালপোৱা, জাতিক ভালপোৱা জ্যোতি প্ৰসাদৰ স্বদেশ প্ৰেম কেৱল গীত আৰু নাটকতে আৱদ্ধ নাছিল। নিজৰ জাতিৰ মৰ্য্যদা বিশ্বৰ চকুত দেখুৱাবলৈ সকলো ফালৰ পৰা উঠি পৰি লাগিছিল। তাৰ আহিলা হিচাপে তেওঁ বোলছবিৰ কামত হাত দিলে। তেওঁ বোলছবি ব্যৱসায হিচাপে কৰিবলৈ লোৱা নাছিল। তেওঁৰ প্ৰধান উদ্দেশ্য আছিল মহান অসমীয়া জাতিৰ পৰিচয় ডাঙি ধৰাৰ। তেৱে অসমত বোলছবি উলিওৱা প্ৰথম জন মানুহ।

 ১৯৩৩ চন। জুন মাহ। জেলৰ পৰা মুক্ত হৈ তেঁও দেউতাকৰ ওচৰলৈ আহিল। দেউতাক তেতিয়া ভোলাগুৰি চাহ বাগিচাত। জ্যোতি প্ৰসাদক কাষত পাই দেউতাকে বৰ ভাল পালে। প্ৰথম পুত্ৰ হিচাপে দেউতাকক কামত সহায় কৰাটো উচিত হব বুলি জ্যোতি প্ৰসাদেও ভাবিলে৷ বাগানৰ অপৰূপ দৃশ্যই জ্যোতি প্ৰসাদক আকৰ্ষিত কৰিলে। তেওঁৰ মনটো মুকলি আকাশৰ তলত প্ৰাকৃতিক দৃশ্য আৰু আকৰ্ষণীয় পৰিবেশৰ মাজত সোমাই পৰিল। কেৱল কামতে ব্যস্ত নেথাকি বিদেশত প্ৰশিক্ষণ লোৱা বোলছবি কৰা নিয়মবোৰ তেওঁৰ পৰীক্ষা কৰি চাবলৈ মন গ'ল।কথাটো তেওঁ দেউতাকক জনালে৷ দেউতাকে

[ ২০ ] শুনি ৰং পালে আৰু তেওঁক উৎসাহ দিলে। জ্যোতি প্ৰসাদে চিন্তা কৰি কাহিনী বিচাৰি উলিয়ালে। পদ্মনাথ গোহাঞি বৰুৱাৰ ৰচিত ‘জয়মতী’ আৰু লক্ষ্মীনাথ বেজবৰুৱা ৰচিত 'জয়মতী’ দুয়োখনৰ পৰা কাহিনী ঠিক কৰি ল'লে।

 চাহ বাগিচাৰ কলঘৰতে এটা অস্থায়ী ‘ষ্টুডিঅ’ খুলিলে। নাম দিলে ‘চিত্ৰবন’। দেউতাক পৰমানন্দ আগৰৱালা দেৱেই সেই চিত্ৰগৃহটি উদ্বোধন কৰিলে৷

 বোলছবিত ভাওঁলোৱা শিল্পীসকল থাকিবৰ কাৰণে জ্যোতি প্ৰসাদে সৰু সৰু খেৰী ঘৰ কিছুমান সাজি উলিয়ালে৷ এইদৰেই বোলছবিৰ কাম আৰম্ভ কৰিব ধৰিলে। পিছে সমস্যাই দেখা দিছিল ভাওঁ লোৱা ছোৱালীক লৈ। বোলছবিত ভওঁলোৱা ছোৱালী বিচাৰি পোৱাটো তেতিয়া ইমান সহজ কথা নাছিল। তেওঁ তাৰ বাবে বৰ কষ্ট কৰিব লগা হ’ল। লুইতৰ ইপাৰে-সিপাৰে গাঁৱে-ভূঁৱে ছোৱালী বিচাৰি চলাথ কৰিলে। নতুনকৈ কিনি লোৱা মটৰ গাড়ী দুদিনতে আধা পুৰণি হ’ল গৈ। পিছলৈ মটৰ গাড়ীৰ শব্দ শুনিলে ছোৱালী গাড়ী আহিছে বুলি সকলোৱে হৈ চৈ কৰিবলৈ ললে। পোণ প্ৰথম এনে কাৰ্য্য দেখি সকলো আগ্ৰহিত হ’ল আৰু আচৰিতো নোহোৱাকৈ নেথাকিল৷

 বিভিন্ন বাদ্য, খোল–তাল, বেহেলা, নাটৰ বচন আদিৰে ভোলাগুৰি চাহবাগিছাৰ দিনবোৰ মুখৰিত হৈ উঠিল। বাগানৰ বনুৱা, বাবু সকলো সাঙোৰ খাই পৰিল। জ্যোতি প্ৰসাদৰ ঘৰৰ লোক সকলেও সহযোগিতা কৰিলে। মাতৃ কিৰণময়ী দেৱীয়ে জ্যোতি প্ৰসাদক এনে অভিনৱ কামত মুদ্ধ হৈ আশীৰ্বাদ কৰিলে। দেউতাকে জ্যোতি প্ৰসাদক সকলো দিশত সহায় আৰু উৎসাহ যোগাইছিল। ভাতৃ কমলা প্ৰসাদ আগৰৱালা বাদ্যসংগীত বজোৱাত পাকৈত আছিল৷ তেওঁ এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিলে।

 ‘জয়মতী’ বোলছবিত যাতে অসমীয়া কৃষ্টি – কলা শুদ্ধভাৱে প্ৰদৰ্শন হয় তাৰ বাবে জ্যোতি প্ৰসাদে চেষ্ট কৰিছিল। তাৰ বাবে কষ্টও

[ ২১ ] কৰিব লগা হৈ পৰিছিল। ল’ৰা ৰজা বহা সিংহাখনখনৰ সিংহ কেইটা নগাঁও জিলাৰ পুৰণি গুদামৰ লেৰেলা নামৰ খনিকৰ এজনৰ হতুৱাই সজাইছিল। নগাঁৱৰে আমগুৰি সত্ৰৰ পৰা ১৫ শতাব্দীৰে এখন পিতলৰ শৰাই সংগ্ৰহ কৰিছিল। শৰাইখন ইমান ডাঙৰ আছিল যে তাত অনায়াসে চাৰিজন ডাঙৰ মানুহ বহিব পাৰিছিল৷ সেইদৰে ৰজাদিনীয়া হেংদাং, আৰোৱান চমতা, কেকোৰা দোলাত আৰি দিয়া দাপোন, শৰাই, জাপি, যাঠি, ৰুপৰ হোকা, সোণ ৰূপৰ অসমীয়া অলংকাৰ বাৰ্মিজ জাপি আদি সংগ্ৰহ কৰি আনিছিল। ইয়াৰ বাহিৰেও সেই সময়ৰ ঘৰ বাৰী, সাজ-পোছাক, কাঁহি-বাতি আদিও প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছিল। তাৰ কাৰণে পুৰণি পুথি-পাজি আদি পঢ়ি, প্ৰত্নতত্ববিদ, সাহিত্যিক সকলক লগ ধৰি আলোচনা কৰি লৈছিল৷ বোলছবি খনৰ সংগীত পৰিচালনা,নৃত্য-পৰিচালনা জ্যোতি প্ৰসাদে নিজেই কৰিছিল। তেওঁ নিজেই নৃত্য প্ৰদৰ্শেেনা কৰিছিল৷ ভাৰতৰ ভিতৰত প্ৰথম আৱহ সংগীত দিয়া বোলছবি ‘জয়মতী’য়ে প্ৰথম। ই সঁচাকৈয়ে গৌৰৱৰ কথা।

 জয়মতীৰ কাম চলি থাকোতেই জ্যোতি প্ৰসাদৰ মাতৃৰ ১৯৩৩ চনৰ ‘দেৱালী’ ৰ দিনা মৃত্যু হয়। মাতৃৰ বিয়োগত জ্যোতি প্ৰসাদৰ অন্তৰ ভাগি পৰিল। বহুদিন তেওঁ মনৰ দুখত কাকো নমতা নোবোলাকৈ অকলে অকলে নীৰৱে থাকিল। তেওঁ আছিল মাকৰ আশাৰ ৰত্ন। মাকৰ কাৰনেই তেওঁ বিদেশত গৈ শিক্ষা লব পাৰিছিল৷ তেওঁ গীতৰ আধাৰ আছিল মাকৰ সুৰীয়া কণ্ঠৰ অৱদান। মাক আছিল তেওঁৰ বাবে মহিমাময়ী দেৱী স্বৰূপা।

 ১৯৩৪ চনৰ ১৮ অক্টোবৰৰ দিনা মাকৰ মৃত্যুৰ নবছৰৰ পিছতেই জ্যোতি প্ৰসাদৰ পিতৃৰো বিয়োগ ঘটে। মৃত্যুৰ আগমুহূৰ্তত জ্যোতি প্ৰসাদক ওচৰলৈ মাতি দেউতাকে ক্ষীণ স্বৰে কলে –“জয়মতী উলিয়াবি ”। চিৰদিনে উদগনি দি অহা দেউতাকে শেষ সময়তো উদগনি দিয়েই চিৰ বিদায় ল’লে।

[ ২২ ]  মনৰ দুখ মনতে লৈ জ্যোতি প্ৰসাদে পুনৰ বোলছবিৰ কামত হাত দিলে। বহু কষ্ট, বহু সাধনাৰ পিছত ‘জয়মতী’ সম্পূৰ্ণ হৈ উঠিল। শেষ কাম সম্পাদনাৰ কাৰণে তেওঁ গৈ লাহোৰ পালেগৈ। কিন্তু তেওঁ তাত গৈ দেখিলে বোলছবি খনৰ সৰহখিনি ঠাইতে মানুহৰ মাত উঠাই নাই। তেওঁ বৰ বিমোৰত পৰিল৷ নতুনকৈ বোলছবিখন কৰাৰো সম্ভৱ নহয়। ইফালে টকা পইচাৰো তেওঁ অভাৱত পৰিব লগা হৈছিলগৈ। অৱশেষত ঠিক কৰিলে মাতবিলাক অনুকৰণ কৰি তেওঁ নিজেই দিব। তেওঁ সেই কামত লাগি গল। সচাকৈয়ে সময়ত মাতবোল নহোৱা ‘জয়মতী’ বোলছবি মাতকথাৰে ভৰপূৰ হৈ পৰিল। জ্যোতি প্ৰসাদে শান্তিৰ উশাহ ললে।

 ১৯৩৫ চনৰ ২০ মাৰ্চত কলিকতাৰ ‘ৰৌনাক’ নামৰ ছৱি ঘৰত ‘জয়মতী’ বোলছৱি খন প্ৰথম প্ৰদৰ্শিত হল৷ তাৰ পিছত ২০ মাৰ্চৰ দিনা গুৱাহাটীৰ ‘কুমাৰ ভাস্কৰ নাট্য মন্দিৰত’ প্ৰদৰ্শন হয়। এইদৰেই অসমীয়া বোলছৱি জগতত ‘জয়মতী’ য়ে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিলে।

 এফালে ‘জয়মতী'ৰ সফলতাত জ্যোতি প্ৰসাদৰ অন্তৰ আনন্দৰে ভৰি গল সঁচা কিন্তু আনহাতে মাক আৰু দেউতাকৰ স্মৃতিয়ে তেওঁক বিযাকুল কৰি তুলিলে।

 ‘জয়মতী’ বোলছবি ওলোৱা বহুদিন পিছতো কোনেও দ্বিতীয় এখন অসমীয়া বোলছবি কৰিবলৈ নোলোৱাত জ্যোতি প্ৰসাদ চিন্তিত হৈ পৰিল। বোলছবিৰ দৰে সুন্দৰ কলা এটাক অসমীয়াসকলৰ প্ৰাণত সাচঁ বহুৱাবৰ কাৰণে তেওঁ দ্বিতীয়খন বোলছবি কৰিবলৈ গাত ললে। আৰু এদিন দ্বিতীয়খন বোলছবি 'ইন্দ্ৰমালতী’ ও তেওঁ সম্পূৰ্ণ কৰি উলিয়ালে। প্ৰথম অসমীয়া বোলছবিৰ জন্মদাতা খ্যাতি ৰখা জ্যোতি প্ৰসাদৰ এই বৰঙণিৰ ওচৰত অসমীয়া সমাজ সদায় নতশিৰ হৈ থাকিব।

 ১৯৩৭ চনত ভোলাগুৰি চাহবাগিচাত মেনেজাৰ হিচাপে থকা

[ ২৩ ] সময়ত জ্যোতি প্ৰসাদে ‘জোনাকী’ নামৰ এটি চিত্ৰগৃহ নিৰ্মাণ কৰি নতুন দিশ এটা সৃষ্টি কৰে।

 ১৯৪০ চনত তেজপুৰত সংগীত বিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়ায়৷ এইদৰে তেওঁ জনসাধাৰণৰ হিতৰ বাবে নিজৰ টকা-পইচা ব্যৱহাৰ কৰাৰ ফলত সময়ত নিজে অভাৱতো পৰিব লগা হৈছিল৷

[ ২৩ ]

জীৱনৰ শেষক্ষণত জ্যোতি প্ৰসাদ

 তামোলবাৰী চাহবাগিচাত কাম চলাই থকা সময়তে জ্যোতি প্ৰসাদৰ শৰীৰ অসুস্থ হৈ আহিবলৈ লয়। দিনে দিনে গা বেয়া হৈ অহাত তেওঁক ভাতৃ হৃদয়ানন্দ আগৰৱালাই তেজপুৰলৈ লৈ আহে।

 তেজপুৰতো তেওঁৰ শৰীৰে ভাল নেপালে৷ একো খাব নোৱাৰা হল। খালেই বমি হয়। ঘৰৰ সকলো চিন্তিত হৈ পৰিল৷ অৱশেষত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ লৈ আহিল। তেতিয়াৰ বিখ্যাত ডাক্তৰ ভূৱনেশ্বৰ বৰুৱাই তেওঁক পৰীক্ষা কৰি চালে। পিছত তেওঁক শ্বিলঙলৈ নিবলৈ পৰামৰ্শ দিলে।

 শ্বিলঙলৈ আনি জ্যোতি প্ৰসাদক ‘ৱেলছ-মিশ্যন হস্পিতাল’ ত ভৰ্তি কৰালে৷ দুমাহ মান নেৰা নেপেৰা চিকিৎসা চলিল কিন্তু ফল হলে একো নহল। ডাক্তৰে সকলোৰে অনুমতি লৈ অপাৰেশ্যন কৰিবলৈ আগবাঢ়িল। অপাৰেশ্যন হৈ যোৱাৰ পিছত তেওঁ অলপ ভাল পালে৷ ঘৰৰ সকলো মানুহে সকাহ পালে। কিন্তু ডাক্তৰে জনালে এই আৰোগ্য নিচেই কম সময়ৰ কাৰণেহে। বেমাৰে তেওঁৰ পাকস্থলী নষ্ট কৰি পেলাইছে।

 জ্যোতি প্ৰসাদৰ গা পুনৰ বেয়া হৈ পৰিল। এইবাৰ তেওঁ বুজি পালে যে তেওঁৰ আৰু সৰহ দিন নাই। সৰু পুতেকক মাতি তেওঁ ঘৰলৈ উভতি যোৱাৰ কথা জনালে৷ তেওঁক তেজপুৰলৈ লৈ অনা হ’ল। জ্যোতিপ্ৰসাদৰ অসুস্থতাৰ কথা গোটেই খনতে বিয়পি পৰিল।

[ ২৪ ] সকলো মানুহ হিলদল ভাঙি জ্যোতি প্ৰসাদৰ ওচৰলৈ লৰি আহিল। জ্যোতি প্ৰসাদৰ অৱস্থা দেখি ৰাইজ দুখত ম্ৰিয়মান হৈ পৰিল৷ তেওঁ যে দুখীয়া জনতাৰ বিপদৰ বন্ধু আছিল।

 মৃত্যুৰ উমান পাই জ্যোতি প্ৰসাদৰ অন্তৰো কঁপি উঠিল। তেওঁৰ বাবে স্বৰ্গতকৈও পৃথিৱী সুন্দৰ৷ এই সুন্দৰ ধৰা খনি তেওঁৰ বৰ আপোন। মানুহক তেওঁ ভাল পায়, মানুহ এৰি তেওঁ যাব নোখোজে।

 ১৯৫১ চন। ১৭ জানুৱাৰী। নিচেই পুৱা। জ্যোতি প্ৰসাদে ভায়েক কমলা প্ৰসাদক কলে “মোক অলপ পোহৰ দেছোন।” কমলা প্ৰসাদে খিড়িকীখন খুলি দিলে। একেথৰে তেওঁ বাহিৰৰ উজ্বল পৃথিৱীখনলৈ চাই ৰ'ল।

 গোটেই দিনটোৱে হৰিনাম কীৰ্ত্তনেৰে বাসভৱন ‘পকী’ মুখৰিত হৈ থাকিল। বিয়লি ৩ বাজি ১৫ মিনিটত কেৱল মাথো ৪৭ বছৰ ৭ মাহ পূৰ কৰি মানুহক ভালপোৱা জ্যোতি প্ৰসাদে সকলো মানুহকে কন্দুৱাই পৃথিৱীৰ পৰা চিৰ বিদায় ল’লে।

 জ্যোতি প্ৰসাদ আজি নাই। কিন্তু তেওঁৰ গুণেৰে বিভূষিত হৈ এজন সঁচা মানুহ ৰূপে আমাৰ মাজত আজিও অমৰ হৈ আছে।

 

⸻⸻০⸻⸻