সমললৈ যাওক

এজন সঁচা মানুহ/জীৱনৰ শেষক্ষণত জ্যোতি প্ৰসাদ

ৱিকিউৎসৰ পৰা

[ ২৩ ]

জীৱনৰ শেষক্ষণত জ্যোতি প্ৰসাদ

 তামোলবাৰী চাহবাগিচাত কাম চলাই থকা সময়তে জ্যোতি প্ৰসাদৰ শৰীৰ অসুস্থ হৈ আহিবলৈ লয়। দিনে দিনে গা বেয়া হৈ অহাত তেওঁক ভাতৃ হৃদয়ানন্দ আগৰৱালাই তেজপুৰলৈ লৈ আহে।

 তেজপুৰতো তেওঁৰ শৰীৰে ভাল নেপালে৷ একো খাব নোৱাৰা হল। খালেই বমি হয়। ঘৰৰ সকলো চিন্তিত হৈ পৰিল৷ অৱশেষত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটীলৈ লৈ আহিল। তেতিয়াৰ বিখ্যাত ডাক্তৰ ভূৱনেশ্বৰ বৰুৱাই তেওঁক পৰীক্ষা কৰি চালে। পিছত তেওঁক শ্বিলঙলৈ নিবলৈ পৰামৰ্শ দিলে।

 শ্বিলঙলৈ আনি জ্যোতি প্ৰসাদক ‘ৱেলছ-মিশ্যন হস্পিতাল’ ত ভৰ্তি কৰালে৷ দুমাহ মান নেৰা নেপেৰা চিকিৎসা চলিল কিন্তু ফল হলে একো নহল। ডাক্তৰে সকলোৰে অনুমতি লৈ অপাৰেশ্যন কৰিবলৈ আগবাঢ়িল। অপাৰেশ্যন হৈ যোৱাৰ পিছত তেওঁ অলপ ভাল পালে৷ ঘৰৰ সকলো মানুহে সকাহ পালে। কিন্তু ডাক্তৰে জনালে এই আৰোগ্য নিচেই কম সময়ৰ কাৰণেহে। বেমাৰে তেওঁৰ পাকস্থলী নষ্ট কৰি পেলাইছে।

 জ্যোতি প্ৰসাদৰ গা পুনৰ বেয়া হৈ পৰিল। এইবাৰ তেওঁ বুজি পালে যে তেওঁৰ আৰু সৰহ দিন নাই। সৰু পুতেকক মাতি তেওঁ ঘৰলৈ উভতি যোৱাৰ কথা জনালে৷ তেওঁক তেজপুৰলৈ লৈ অনা হ’ল। জ্যোতিপ্ৰসাদৰ অসুস্থতাৰ কথা গোটেই খনতে বিয়পি পৰিল।

[ ২৪ ] সকলো মানুহ হিলদল ভাঙি জ্যোতি প্ৰসাদৰ ওচৰলৈ লৰি আহিল। জ্যোতি প্ৰসাদৰ অৱস্থা দেখি ৰাইজ দুখত ম্ৰিয়মান হৈ পৰিল৷ তেওঁ যে দুখীয়া জনতাৰ বিপদৰ বন্ধু আছিল।

 মৃত্যুৰ উমান পাই জ্যোতি প্ৰসাদৰ অন্তৰো কঁপি উঠিল। তেওঁৰ বাবে স্বৰ্গতকৈও পৃথিৱী সুন্দৰ৷ এই সুন্দৰ ধৰা খনি তেওঁৰ বৰ আপোন। মানুহক তেওঁ ভাল পায়, মানুহ এৰি তেওঁ যাব নোখোজে।

 ১৯৫১ চন। ১৭ জানুৱাৰী। নিচেই পুৱা। জ্যোতি প্ৰসাদে ভায়েক কমলা প্ৰসাদক কলে “মোক অলপ পোহৰ দেছোন।” কমলা প্ৰসাদে খিড়িকীখন খুলি দিলে। একেথৰে তেওঁ বাহিৰৰ উজ্বল পৃথিৱীখনলৈ চাই ৰ'ল।

 গোটেই দিনটোৱে হৰিনাম কীৰ্ত্তনেৰে বাসভৱন ‘পকী’ মুখৰিত হৈ থাকিল। বিয়লি ৩ বাজি ১৫ মিনিটত কেৱল মাথো ৪৭ বছৰ ৭ মাহ পূৰ কৰি মানুহক ভালপোৱা জ্যোতি প্ৰসাদে সকলো মানুহকে কন্দুৱাই পৃথিৱীৰ পৰা চিৰ বিদায় ল’লে।

 জ্যোতি প্ৰসাদ আজি নাই। কিন্তু তেওঁৰ গুণেৰে বিভূষিত হৈ এজন সঁচা মানুহ ৰূপে আমাৰ মাজত আজিও অমৰ হৈ আছে।

 

⸻⸻০⸻⸻