পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
এজন সঁচা মানুহ

বাৰটা প্ৰৱন্ধ আছে। ‘শিল্পীৰ পৃথিৱীত’ নামৰ সৰু পুথি এখনো তেওঁ লিখিছে। এই বোৰত জ্যোতি প্ৰসাদৰ বিস্তৃত জ্ঞানৰ পৰিচয় পোৱা যায়। মাজু দেউতাক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ স্মৃতিত লিখা জীৱনী সাহিত্য এখনিও পোৱা যায়।

 অকণিহঁতক জ্যোতি প্ৰসাদে বৰ ভাল পাইছিল। তেওঁলোকৰ ওপৰতে যে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে তাক তেওঁ বুজিছিল। তেওঁলোকৰ জ্ঞান বঢ়াবৰ বাবে ‘অসমীয়া’ নামৰ কাকত এখনি সম্পাদনা কৰি শিশুসকলৰ কাৰণে এটা শিতান খুলি তেওঁলোকৰ উপযোগী গদ্য, পদ্য ৰচনা কৰি প্ৰকাশ কৰিছিল। শিশু সকলৰ কাৰণে লিখা জ্যোতি ৰামায়ণ’ এখনি অনুপম শিশু পুথি। তাৰোপৰি শিশুসকলৰ কাৰণে নৃত্যনাটিকা, লগতে নতুন কণমাণিৰ গান’ অকনমান ল’ৰা, অকণমাণি ছোৱালী, অকণমানিৰ প্ৰাৰ্থনা জলকুঁৱৰী, অকণমানিৰ সপোন আদি ধুনীয়া ধুনীয়া কবিতা লিখি গৈছে। সঁচাকৈয়ে এয়া প্ৰাণ পৰশা। জ্যোতি প্ৰসাদে অসমীয়া জাতিক ইমান ভাল পাইছিল আৰু শ্ৰদ্ধা কৰিছিল যে তেওঁৰ এটা সপোনেই আছিল কেনেকৈ বিশ্বৰ সন্মুখত অসমীয়া জাতিক মহীয়ান কৰি তুলিব পাৰিব৷ সেইটোৱেই আছিল তেওঁৰ গীত বিলাকৰ মূল ভেটি। জ্যোতিপ্ৰসাদৰ এনে অপ্ৰাণ চেষ্টাত অসমীয়া সমাজ আকৰ্ষিত হয়।

 জ্যোতি প্ৰসাদৰ নিজস্ব সুৰ প্ৰচাৰৰ কাৰণে ডাঙৰ ডাঙৰ সাহিত্যিক, সংগীতজ্ঞ সকলে চেষ্টা কৰে। জ্যোতিপ্ৰসাদৰ শিল্পী জীৱনৰ অন্ত ৰঙ্গ সতীৰ্থ আছিল বিষ্ণু প্ৰসাদ ৰাভা। বিষ্ণু প্ৰসাদৰ সৈতে লগলাগি অসমীয়া কলা কৃষ্টি ৰক্ষাৰ কাৰণে যত্ন কৰিছিল। দুয়ো নামঘৰে নামঘৰে ভাওনা চাই বৈষ্ণৱ ধৰ্ম্ম চৰ্চ্চা কৰি পণ্ডিত সকলক লগ ধৰি বৰ গীত, অংকীয়া গীত আদিৰ তাল, সুৰ, লয়ৰ আলোচনা কৰিছিল।

 অসমৰ পুৰণি যাউতি যুগীয়া ভাস্কৰ্য্য প্ৰতিও তেওঁ মন দিছিল। তাক সংৰক্ষণ কৰাত জোৰ দিছিল। যেতিয়া তেওঁ জাৰ্মানীত সংৰক্ষণ কৰি থোৱা স্থাপত্য কলা দেখিছিল। তেতিয়া তেওঁৰ নিজ দেশলৈ