এজন সঁচা মানুহ/সংগ্ৰামী জ্যোতি প্ৰসাদ

ৱিকিউৎসৰ পৰা

[ ১১ ]

সংগ্ৰামী জ্যোতি প্ৰসাদ

 ১৯৩০ চনৰ মাৰ্চ মাহত জ্যোতি প্ৰসাদ বিদেশৰ পৰা আহি জন্ম ঠাই তেজপুৰ পায়হি। তেওঁ দেখিলেহি ইংৰাজ শাসকৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষতে আন্দোলনৰ ঢৌ উঠিছে। এই আন্দোলনৰ গুৰি ধৰিছে জাতিৰ পিতা মহাত্মা গান্ধীয়ে।

 জ্যোতি প্ৰসাদো বহি থাকিব নোৱাৰিলে৷ দুখুনী দেশ মাতৃৰ উদ্ধাৰৰ কাৰণে তেওঁ জীৱন পণ কৰিলে। চাহ বাগিছাৰ মালিকৰ ল’ৰা হৈয়ো দেহৰ সুখক পিছলৈ ঠেলি জনতাৰ লগত ৰাজপথলৈ ওলাই আহিল। ১৯২১ চনৰ অসহযোগ আন্দোলনতো অংশ গ্ৰহণ কৰি তেওঁ ছাত্ৰ সকলক নেতৃত্ব দিছিল।

 আন্দোলন সক্ৰিয় আৰু সজীৱ কৰি তুলিবলৈ জ্যোতি প্ৰসাদে বহুতো গীতো লিখি উলিয়ালে। তেওঁৰ গীতত যেন যাদুহে আছিল। যেতিয়া তেওঁৰ গীত গাই সমদল আগবাঢ়িছিল সেই গীতৰ সুৰত মাজনিশাকো আওকাণ কৰি শ–শ মানুহ ঘৰৰ পৰা ওলাই আহি আন্দোলনত ভাগ লৈছিলহি।

 কৰাচীত বহা কংগ্ৰেছ অধিবেশনত কংগ্ৰেছ নেতা জৱাহৰলাল নেহেৰুৱে দেশৰ যুৱক সকলক সংগ্ৰামৰ কাৰণে আহবান কৰিছিল সেই আহ্বানলৈ লক্ষ্য কৰি জ্যোতি প্ৰসাদে “বিশ্ব–বিজয় ন জোৱান” গীতটি লিখি উলিয়াইছিল। আৰু দেশ সেৱক সকলে মাৰ্চ ফাষ্ট কৰি

[ ১২ ] যাওঁতে গীতটি গাইছিল।

 দেশৰ বাবে প্ৰাণ দিব পৰা দেশপ্ৰেম আছিল জ্যোতি প্ৰসাদৰ। তেওঁৰ শিৰাই-শিৰাই দেশ মাতৃৰ প্ৰতি আছিল শ্ৰদ্ধা আৰু ভালপোৱা। তেওঁ দেশক ইমানেই ভাল পাইছিল যে নিজৰ দেহলৈ নেচাই দেশৰ কামত নিমগ্ন হৈছিল৷ এবাৰ স্বাধীনতা সংগ্ৰামৰ জৰুৰী কামত ঘূৰি ফুৰোতে তেজপুৰৰ চতিয়াৰ গেৰেকী গাঁৱৰ বাটতে অসুস্থ হৈ শুই পৰিল। ততালিকে তেওঁক কেম্পলৈ লৈ যোৱা হ'ল। মাত্ৰ দুদিন জিৰণি লৈয়ে তেওঁ অস্থিৰ হৈ পৰিল৷ দেশৰ সংকটৰ সময়ত বহি নেথাকি কাৰো বাধা নেমানি পুনৰ কামত লাগিল। শৰীৰৰ অৱস্থা বেয়াৰ পিনে ঢাল ললে। তথাপি মনলৈ অৱসাদ নাহিল। কামৰ মাজতে পুনৰ এদিন নৈৰ বালিত ঢলি পৰিল। তেওঁৰ লগত থকা সকলে বোকোচাত লৈ নৈ পাৰ কৰালে। তাৰ পিছতো কিন্তু তেওঁ বহি থাকিব নোৱাৰিলে৷ ইমানেই আছিল তেওঁৰ কৰ্ত্তব্যনিষ্ঠা।

 জ্যোতি প্ৰসাদৰ নাম গৈ ইংৰাজৰ কাণত পৰিল৷ তেওঁলোকে জ্যোতি প্ৰসাদক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চেষ্টা চলালে। জ্যোতি প্ৰসাদ এদিন ইংৰাজৰ হাতত বন্দী হ’ল। পোণ প্ৰথমবাৰৰ বাবে কাৰাগাৰলৈ যাব লগাত পৰিল। তাৰবাবে তেওঁৰ মনত অকণো খেদ ভাব নল’লে। পোন্ধৰ মাহ কাৰাদণ্ড আৰু পাঁচশ টকা জৰিমনা হ’ল। টকা দিব নোৱাৰিলে ছয়মাহ বেছিকৈ জেলত থকাৰ নিৰ্দেশ হ’ল।

 প্ৰথম তেওঁক তেজপুৰ জেলত ৰাখিলে। তাৰ পিছত শিলচৰ জেললৈ নিলে। জেলৰ চাৰিবেৰৰ মাজত থাকি জ্যোতি প্ৰসাদ অতীষ্ঠ হৈ পৰিল। বাহিৰত থকা অসংখ্য কামে তেওঁক আমনি কৰিবলৈ ধৰিলে। তেওঁৰ মন বাৰে বাবে বাহিৰলৈ উৰা মাৰিলে৷ তেওঁৰ মনত শান্তি নোহোৱা হ’ল। খাব নোৱাৰা, শুৱ নোৱাৰা হৈ পৰিল। মন দুখত ভাগি পৰিল। তেওঁৰ পুনৰ অসুখত পৰিল। এই কথা বাহিৰত প্ৰচাৰ হোৱা লগে লগে তেওঁৰ মুক্তিৰ বাবে জনতাই আন্দোলন কৰিলে। জ্যোতি প্ৰসাদৰ অৱস্থা বৰ বেয়া হৈ পৰিল। তাকে দেখি

[ ১৩ ] জেল কৰ্তৃপক্ষই তেওঁক চিকিৎসাৰ বাবে শ্বিলঙলৈ নিলে৷ সেই সময়ত অসমৰ গৱৰ্ণৰৰ আছিল চাৰ মাইকেল কীণ। তেওঁ কাৰাগাৰলৈ গৈ জ্যোতি প্ৰসাদক লগ ধৰিলে। তেওঁ ক’লে যদি জ্যোতি প্ৰসাদে ভৱিষ্যতে আন্দোলন নকৰো বুলি লিখি দিয়ে তেনেহ'লে তেওঁ জ্যোতি প্ৰসাদৰ চিকিৎসাৰ ভাৰ ল’ব। জ্যোতি প্ৰসাদ খঙত জ্বলি পকি উঠিল। তেওঁ স্পষ্টকৈ উত্তৰ দিলে— তেওঁ কেতিয়াও এইটো নকৰে। গৱৰ্ণই তৱধ মানিলে। তেওঁ জ্যোতি প্ৰসাদৰ বীৰত্বৰ কথা বুজি পালে৷

 পোন্ধৰ মাহ জেইল খটাৰ পিছত জ্যোতি প্ৰসাদক মুক্তি দিলে। তেওঁৰ অসুস্থ শৰীৰ দেখি ছয় মাহ জেইলৰ ৰেহাই দিলে।

 ১৯৪২ চন। দেশত বিপ্লৱৰ ঢৌৱে আকাশ চুলে। ৯ আগষ্ট তাৰিখে বোম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৪৫ তম অধিবেশন বহিল। এইবাৰ ‘বৃটিছৰ ভাৰত ত্যাগ’ প্ৰস্তাৱ লোৱা হ’ল। সেই দিনাই মহাত্মা গান্ধীক আৰু লগতে অনান্য আগশাৰীৰ নেতাসকলক ইংৰাজে বন্দী কৰি পেলালে। ইফালে পৃথিৱী জুৰি হয় মহাযুদ্ধ৷ অসমকো এই মহাযুদ্ধৰ ভয়াবহতাই ছানি ধৰিলে। বৃটিছ সৈন্যবোৰ আহি অসমত ভৰি পৰিল।

 অসমত ‘ভাৰত ত্যাগ’ আন্দোলন পূৰ্ণ গতিত আৰম্ভ হ'ল। ডাঙৰ— ডাঙৰ নেতা সকলক বিচাৰি পুলিচে পিয়াপি দিলে। বহুতকে বন্দীও কৰিলে। বহুতে আত্মগোপন কৰি থাকিল। জ্যোতি প্ৰসাদেও আত্মগোপন কৰি পূৰ্ণ গতিত কাম চলাই থাকিল। তেওঁ দুটা কাৰণত আত্মগোপন কৰি আছিল। প্ৰথম জেইলত অসুখীয়া শৰীৰৰ কষ্ট, দ্বিতীয়তে জেইলত সোমাই থাকিলে দেশৰ গুৰুত্ব পূৰ্ণ কামত বাধা আহি পৰে। সেয়ে প্ৰচণ্ড শক্তি আৰু নিৰ্ভীক মনোবল লৈ ৰাইজৰ মাজত মিলি গ’ল। তেওঁৰ তেজস্বী বক্তৃতা, উত্তাল সুৰৰ সঙ্গীতে সকলোকে অনুপ্ৰাণিত কৰি তুলিলে। বিভিন্ন ঠাইৰ বিভিন্ন সংগ্ৰামী নেতাসকলক লগ ধৰি ইংৰাজৰ বিৰুদ্ধে নানা আঁচনি তৈয়াৰ কৰিলে। অকল এখন চাইকেলকে সাৰথি কৰি অটব্য হাবিৰ মাজেৰে হিংস্ৰ

[ ১৪ ] জন্তু জানোৱাৰকো আওঁকান কৰি দেশৰ কামত মাজনিশাও ঘূৰি ফুৰিলে। গুৱাহাটী, ধুবুৰী, কলিকতা আদিলৈ গৈ ‘সদৌ অসম শান্তি বাহিনী’ৰ বাবে টকা সংগ্ৰহ কৰাৰ কামতো আগভাগ ল’লে। সত্যাগ্ৰহী সকলক লৈ দুটা ভাগ কৰা হৈছিল, এটা ‘মৃত্যু বাহিনী’ আনটো ‘শান্তি বাহিনী’। ধনী ঘৰৰ ল'ৰা হৈয়ো অশেষ কষ্ট কান্ধ পাতি লৈ স্বাধীনতা সংগ্ৰামত নামি পৰাৰ জ্যোতি প্ৰসাদৰ এটাই উদ্দেশ্য আছিল দেশ স্বাধীন হোৱাৰ পিছত যেন দুখীয়া জনতাৰ দুখ দূৰ হয়।

 ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত দৰঙ জিলাত বিভিন্ন থানা, কেছাৰী ঘৰ আদিৰ সমুখত জাতীয় পতাকা উত্তোলন কৰা কাৰ্য্যত জ্যোতি প্ৰসাদৰ সহযোগ অতি মনত ৰাখিব লগীয়া। এই পতাকা উত্তোলনতেই অসমৰ বীৰাঙ্গনা জীয়ৰী কনকলতা আইদেউ শ্বহীদ হয়। গাঁৱে গাঁৱে গৈ উৎসাহিত কণ্ঠে জ্যোতি প্ৰসাদে দেশৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাইজক আহ্বান দিছিল৷

 ‘জননীৰ সন্তান জাগা, জাগা শক্তিমান’ ‘সাজু’ সাজু’হ ন জোৱান’ আদি গীত ৰচি সকলোকে আকৰ্ষণ কৰি তুলিছিল। জ্যোতি প্ৰসাদৰ আহ্বান পিছদিয়া শক্তি কাৰো নাছিল। পুলিচৰ অশেষ বাধা নেওচি নিৰ্দিষ্ট দিনত পতাকা উত্তোলন কৰাই সেই দিনটো ইতিহাসৰ পাতত চিৰযুগমীয়া কৰি তুলিলে।

 অধিক পৰিশ্ৰমৰ কাৰণে জ্যোতি প্ৰসাদ পুনৰ অসুখীয়া হৈ পৰিল। বাধ্য হৈ তেওঁ বিচনাত পৰি থাকিব লগীয়া হ’ল। কিন্তু এনেয়ে বহি নেথাকি হাতত কলম তুলি ল'লে। অসংখ্য দেশপ্ৰেমমূলক গীত, কবিতা, প্ৰৱন্ধ আদি লিখি উলিয়ালে।

 ১৯৪৩ চন। মহাত্মা গান্ধীক জেলৰ পৰা মুক্তি দিয়া হ'ল। তেওঁ জেইলৰ বাহিৰলৈ ওলাই আহি গম পালে বহুতো দেশ সেৱকে আত্ম গোপন কৰি ফুৰিছে। তেওঁ মনত বৰ আঘাট পালে৷ কিয়নো তেওঁৰ আদৰ্শত আছিল নিৰ্ভীক আৰু সৎসাহ। সেই কাৰণে মহাত্মা গান্ধীয়ে জনাই দিলে আত্ম গোপন কৰি থকাতো কংগ্ৰেছ নীতিৰ

[ ১৫ ] আদৰ্শৰ বিৰোধী কাম। তেওঁলোকে আত্মসমৰ্পণ কৰা উচিত হ’ব। এই খবৰে জ্যোতি প্ৰসাদক মৰ্ম্মাহত কৰি তুলিলে। কাৰণ মহাত্মা গান্ধীৰ প্ৰতি তেওঁৰ অসীম শ্ৰদ্ধা আছিল। ১৯৪৩চনৰ আগষ্ট মাহত তেওঁ তেজপুৰত পুলিচৰ হাতত ধৰা দিয়ে। পিছে ‘চিনিয়ৰ মেজিষ্ট্ৰেতে’ বিচাৰত তেওঁক মুক্তি দিয়ে।

 দেৱযানী ভূঞাঁক জ্যোতি প্ৰসাদে বিয়া কৰাইছিল। তেওঁৰ পুত্ৰ সকল হ’ল চিন্ময়, বিশ্বেন্দু আৰু কন্যা সকল হ’ল- জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী আৰু মনশ্ৰী।

 ১৯৪৯ চনত তামোল বাৰী চাহ বাগিচাত জ্যোতি প্ৰসাদৰ পত্নী দেৱযানী আইদেউৰ মাথো ঊনত্ৰিশ বছৰ বয়সতে মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পিছত ঘৰুৱা দায়িত্বও জ্যোতি প্ৰসাদে মূৰ পাতি লব লগীয়া হয়।

 তামোলবাৰী চাহবাগিচাত মেনেজাৰৰ আসনত থাকিলেও জ্যোতি প্ৰসাদে নিঃকিন বনুৱা সকলক নিজ ভাতৃৰ দৰে স্নেহ কৰিছিল। বনুৱা সকলৰ বাবে বিদ্যালয়, খেলপথাৰৰ সুযোগ আদি কৰি দিছিল৷ নিৰক্ষৰ বনুৱা সকলক ঘৰলৈ মাতি আনি নিজেই শিক্ষা দিছিল। তিৰোতা সকলক পাত তুলিবৰ কাৰণে ছাতি যোগান ধৰিছিল। তেতিয়াৰ দিনত এই সুযোগবোৰ বনুৱা সকলে নেপাইছিল। জ্যোতি প্ৰসাদৰ এনে কাৰ্য্যত অন্য ডাঙৰ লোক সকলে অলপো ভাল পোৱা নাছিল। আনকি ডিব্ৰুগড়ত থকা ‘ওপৰৱালা’কো জ্যোতিপ্ৰসাদৰ বিৰুদ্ধে লগাইছিলগৈ। মানুহৰ প্ৰতি মানুহৰ এই অন্যায় ব্যৱহাৰত জ্যোতি প্ৰসাদৰ অন্তৰ ভাগি পৰিছিল। কিয়নো তেওঁৰ দৃষ্টিত সকলো মানুহ ভগৱানৰ এক সুন্দৰ সৃষ্টি। সেইবাবে নিজৰ সন্তান সকলকো বনুৱাৰ ল’ৰা-ছোৱালীৰ লগত হাঁহি মুখে মিলামিছা কৰিবলৈ উৎসাহ দিছিল। ইয়াৰ পৰাই আমি প্ৰমাণ পাওঁ জনতাক ভালপোৱা জ্যোতি প্ৰসাদ এজন প্ৰকৃত মহান পুৰুষ৷ জ্যোতি প্ৰসাদৰ আদৰ্শ পুৰুষ আছিল শ্ৰীকৃষ্ণ, শংকৰদেৱ আৰু মহাত্মা গান্ধী। তেওঁলোকৰ জীৱন প্ৰতিভাই তেওঁৰ মনত গভীৰ

[ ১৬ ] চাপ পেলাইছিল আৰু সেই আদৰ্শই তেওঁৰ জীৱনৰ সপোন আছিল। জ্যোতিপ্ৰসাদে ভালদৰে জানিছিল অসমত বসবাস কৰা বিভিন্ন জাতি, উপজাতি বিভিন্ন ধৰ্মৰ, বিভিন্ন ঠাইৰ মানুহৰ বুজা পৰাৰ মাজতেহে শক্তিশালী অসম গঢ়িব পৰা যাব।