পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
এজন সঁচা মানুহ

চাপ পেলাইছিল আৰু সেই আদৰ্শই তেওঁৰ জীৱনৰ সপোন আছিল। জ্যোতিপ্ৰসাদে ভালদৰে জানিছিল অসমত বসবাস কৰা বিভিন্ন জাতি, উপজাতি বিভিন্ন ধৰ্মৰ, বিভিন্ন ঠাইৰ মানুহৰ বুজা পৰাৰ মাজতেহে শক্তিশালী অসম গঢ়িব পৰা যাব।


সংস্কৃতিৰ পূজাৰী জ্যোতি প্ৰসাদ

 শিল্পী জ্যোতি প্ৰসাদ আছিল সংস্কৃতিৰ এজন একনিষ্ঠ পূজাৰী। শিল্পী, সাহিত্যিক, সংগীতজ্ঞ জ্যোতি প্ৰসাদৰ জীৱন ধাৰা প্ৰতিতো যুগৰ প্ৰতিজন মানুহৰ বাবেই আদৰ্শনীয়।

 সৰুৰ পৰাই জ্যোতি প্ৰসাদৰ সংগীতৰ প্ৰতি অধিক ৰাপ আছিল৷ তেওঁৰ দেউতাকো আছিল এজন সংগীতজ্ঞ। দেউতাকৰ পৰাই গোটেই পৰিয়ালটোৱে সংগীতত অনুপ্ৰেৰণা পাইছিল৷ মাকৰ কণ্ঠত শুনা গীত বোৰে জ্যোতি প্ৰসাদক মোহিত কৰিছিল৷ আৰু সেই কণ্ঠৰ সুৰ তেওঁৰ প্ৰাণৰ মাজত অহৰহ বাজি আছিল। জ্যোতি প্ৰসাদৰ সৃষ্টি ইমান নিখুত আছিল যে তেওঁৰ সকলো সৃষ্টিতেই পূৰ্ণবিকাশ ঘটিছিল।

 ১৯১৭ চনত চৈধ্য বছৰ বয়সতে পঢ়া-শুনাৰ মাজতে জ্যোতি প্ৰসাদে ‘জোনাকী’ নামৰ এখন হাতেলিখা আলোচনী সম্পদনা কৰি উলিয়ায়৷ তাতেই তেওঁৰ ‘সতীৰ সোঁৱৰণ’ নামৰ জীৱনৰ প্ৰথম গল্পটি ওলায়। ১৯১৭ চনৰ পৰা ১৯২০ চনৰ ভিতৰত জ্যোতি প্ৰসাদে “শোণিত কুঁৱৰী” নামৰ নাটখনি লিখি শেষ কৰে। ১৯২৪ চনৰ অক্টোবৰ মাহত দূৰ্গা পুজাৰ সপ্তমীৰ নিশা হাতে লিখা অৱস্থাতে নাট খনি বান থিয়েটাৰত মঞ্চস্থ কৰা হয়৷ ‘শোণিত কুঁৱৰী’ নাটখনিত কিছুমান গীত আছিল। আৰু এই গীতৰ সুৰবোৰ জ্যোতি প্ৰসাদে মাকৰ মুখত শুনা বিয়ানাম, আইনামৰ আৰ্হিত কৰিছিল। সেয়েহে গীতবোৰ শুনিবলৈ বৰ শুৱলা হৈছিল। এই গীতবোৰেই লীন যাবলৈ ধৰা অসমীয়া সুৰক উদ্ধাৰ কৰে। জ্যোতি প্ৰসাদে অসমীয়া থলুৱা সুৰ পুনৰজীৱিত কৰি অসমীয়া সংস্কৃতিৰ লাইখুটা স্থাপন কৰি অসমীয়া