পৃষ্ঠা:এজন সঁচা মানুহ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এজন সঁচা মানুহ

জন্ম পৰিচয়

 বৰ লুইতৰ পাৰত অৱস্থিত সেউজী অসম দেশ। ধন সম্পদেৰে ভৰপূৰ৷ সেউজী অসমৰ বুকুত চেকুৰা চেকুৰে সোণ। সেয়েহে অসমৰ মোহত দূৰ-দূৰণিৰ পৰা কত ধৰণৰ মানুহৰ লানি নিচিগা সোঁত। যি এবাৰ অসমৰ পলসুৱা মাটিত ভৰি থৈছে তেওঁ আৰু উভটি যাব পৰা নাই।

 সুদূৰ ৰাজপুতনাৰ পৰা অসমলৈ আহিছিল এজন বণিক। নাম শ্ৰীনৱৰঙ্গ আগৰৱালা। তোৱোঁ আৰু উভতি নগ’ল। অসমতে নিগাজীকৈ থকাৰ ব্যৱস্থা কৰিলে। অকল থকাই নহয় অসমত থাকি অসমীয়া হোৱাৰ সংকল্প ল’লে।

 লাহে লাহে তেওঁৰ বেহা বেপাৰ উন্নতি হৈ আহিবলৈ ল'লে। এইবাৰ তেওঁ বিয়া কৰাবলৈ মন কৰিলে। যেনে ইচ্ছা তেনে কাম। বিখ্যাত ৰাজখোৱা পৰিয়ালৰ এগৰাকী অসমীয়া জীয়ৰী বিয়া কৰাই আনিলে।

 এসময়ত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। নাম থলে হৰি বিলাস আগৰৱালা। হাড়ে হিমজুৱে অসমীয়া তেজ। ডাঙৰ হৈ অসমীয়া সাঁচিপাতত বান্ধ খাই থকা কীৰ্তন, নামঘোষা, দশম, শ্ৰীমদ্ভাগৱত, বৰগীত আদি ছপাশালত ছপা কৰি উলিয়াই ৰাইজৰ হাতত তুলি দিলে। ৰাইজে তাৰ মধুপান কৰাৰ সুযোগ পালে। অসমীয়া ভাষা সাহিত্যলৈ ই অতি মূল্যবান অৰিহণা।

 হৰিবিলাস আগৰৱালাৰ পুত্ৰ পৰমানন্দ আগৰৱালা। এওঁ তামোলপুৰ চাহ বাগিচাৰ মালিক আছিল। পৰমানন্দ আগৰৱালা এজন মহা সঙ্গীতজ্ঞও আছিল। তেওঁ বিয়া কৰাইছিল শিৱসাগৰৰ জীয়ৰী কিৰণময়ী দেৱীক। তেখেতক মৰমতে মতা নাম আছিল ‘আইটি’। আইটি দেৱীও আছিল সুৱদী কণ্ঠী। যেতিয়া তেওঁৰ কণ্ঠৰে বিয়ানাম, আইনাম, নিচুকনি গীত আদি নিগৰি বয় শুনোতাৰ প্ৰাণ জুৰ পৰি যায়৷