এজন সঁচা মানুহ/জন্ম পৰিচয়

ৱিকিউৎসৰ পৰা
[  ]

জন্ম পৰিচয়

 বৰ লুইতৰ পাৰত অৱস্থিত সেউজী অসম দেশ। ধন সম্পদেৰে ভৰপূৰ৷ সেউজী অসমৰ বুকুত চেকুৰা চেকুৰে সোণ। সেয়েহে অসমৰ মোহত দূৰ-দূৰণিৰ পৰা কত ধৰণৰ মানুহৰ লানি নিচিগা সোঁত। যি এবাৰ অসমৰ পলসুৱা মাটিত ভৰি থৈছে তেওঁ আৰু উভটি যাব পৰা নাই।

 সুদূৰ ৰাজপুতনাৰ পৰা অসমলৈ আহিছিল এজন বণিক। নাম শ্ৰীনৱৰঙ্গ আগৰৱালা। তোৱোঁ আৰু উভতি নগ’ল। অসমতে নিগাজীকৈ থকাৰ ব্যৱস্থা কৰিলে। অকল থকাই নহয় অসমত থাকি অসমীয়া হোৱাৰ সংকল্প ল’লে।

 লাহে লাহে তেওঁৰ বেহা বেপাৰ উন্নতি হৈ আহিবলৈ ল'লে। এইবাৰ তেওঁ বিয়া কৰাবলৈ মন কৰিলে। যেনে ইচ্ছা তেনে কাম। বিখ্যাত ৰাজখোৱা পৰিয়ালৰ এগৰাকী অসমীয়া জীয়ৰী বিয়া কৰাই আনিলে।

 এসময়ত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। নাম থলে হৰি বিলাস আগৰৱালা। হাড়ে হিমজুৱে অসমীয়া তেজ। ডাঙৰ হৈ অসমীয়া সাঁচিপাতত বান্ধ খাই থকা কীৰ্তন, নামঘোষা, দশম, শ্ৰীমদ্ভাগৱত, বৰগীত আদি ছপাশালত ছপা কৰি উলিয়াই ৰাইজৰ হাতত তুলি দিলে। ৰাইজে তাৰ মধুপান কৰাৰ সুযোগ পালে। অসমীয়া ভাষা সাহিত্যলৈ ই অতি মূল্যবান অৰিহণা।

 হৰিবিলাস আগৰৱালাৰ পুত্ৰ পৰমানন্দ আগৰৱালা। এওঁ তামোলপুৰ চাহ বাগিচাৰ মালিক আছিল। পৰমানন্দ আগৰৱালা এজন মহা সঙ্গীতজ্ঞও আছিল। তেওঁ বিয়া কৰাইছিল শিৱসাগৰৰ জীয়ৰী কিৰণময়ী দেৱীক। তেখেতক মৰমতে মতা নাম আছিল ‘আইটি’। আইটি দেৱীও আছিল সুৱদী কণ্ঠী। যেতিয়া তেওঁৰ কণ্ঠৰে বিয়ানাম, আইনাম, নিচুকনি গীত আদি নিগৰি বয় শুনোতাৰ প্ৰাণ জুৰ পৰি যায়৷

[  ]  ১৯০৩ চনৰ ১৭ জানুৱাৰীত তামােল বাৰী চাহ বাগিচাতে আইটি দেৱীৰ এটি পুত্র সন্তান জন্ম হয়। এই সন্তানটিৰ নামেই হ’ল আজিৰ সকলােৰে চিৰস্মৰণীয় শিল্পী জ্যোতি প্ৰসাদ আগৰৱালা।

 একলা দুকলাকৈ ন জোনটি বাঢ়ি অহাৰ দৰে জ্যোতি প্ৰসাদো ডাঙৰ হৈ আহিল। যেতিয়া সাত বছৰ বয়সত ভৰি দিলে তেতিয়া দেউতাকে হাই স্কুলত নাম লগাই দিলে। পিছে জ্যোতি প্ৰসাদৰ খেলা ধূলাতহে বেছি মন। আইতাকৰ পৰা সদায় সাধু কথা শুনিবই শুনিব। মাকৰ সুৱদী কণ্ঠৰ গীত নুশুনিলে চকুলৈ টোপনি পেটলৈ ভাত নগৈছিল।

 লাহে লাহে জ্যোতি প্ৰসাদৰ প্ৰাণতাে সঙ্গীতৰ ধাৰা ববলৈ ধৰিলে৷ গীতৰ সুৰে কণমানি জ্যোতিক বলিয়া কৰি তুলিলে। তেওঁৰ সাহসটোও বৰ বেছি আছিল। এবাৰ এটা জীয়া সাপৰ নেজত ধৰি ঘূৰাই ঘূৰাই মাটিলৈ দলিয়াই সকলােকে অবাক কৰিছিল। আনহাতে তেওঁ জেদটোও বৰ বেছি আছিল। যিটো বস্তু এবাৰ মনৰ মাজত সােমায় তাক নােপােৱালৈকে শান্তি নাই। এবাৰ তেওঁ দেউতাকক এটা বিলাতী বাঁহী আনি দিবলৈ ক'লে মানে দীঘল এটা ধুনীয়া পেঁপা। কেইবাদিনাে পাৰ হ’ল। পিছে দেউতাকে পেঁপা আনি দিয়া নাই। দেউতাকে কথাটোত গুৰুত্বও নিদিলে। জ্যোতি প্রসাদে অভিমানতে পানী এটোপাকে মুখত নিদিলে। বুজাই বঢ়াই ভাগৰি পৰিল। অৱশেষত উপায় নাপাই দেউতাকে এটা অর্গেন কিনি আনি দিলেহি। ৰঙতে জ্যোতি মতলীয়া হ'ল। সেই অর্গেনত আইনাম ওঁ বিয়ানাম আদি মন পৰশা অসমীয়া সুৰ বােৰ তুলিবলৈ ধৰিলে।