পৃষ্ঠা:এজন সঁচা মানুহ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
এজন সঁচা মানুহ

আদৰ্শৰ বিৰোধী কাম। তেওঁলোকে আত্মসমৰ্পণ কৰা উচিত হ’ব। এই খবৰে জ্যোতি প্ৰসাদক মৰ্ম্মাহত কৰি তুলিলে। কাৰণ মহাত্মা গান্ধীৰ প্ৰতি তেওঁৰ অসীম শ্ৰদ্ধা আছিল। ১৯৪৩চনৰ আগষ্ট মাহত তেওঁ তেজপুৰত পুলিচৰ হাতত ধৰা দিয়ে। পিছে ‘চিনিয়ৰ মেজিষ্ট্ৰেতে’ বিচাৰত তেওঁক মুক্তি দিয়ে।

 দেৱযানী ভূঞাঁক জ্যোতি প্ৰসাদে বিয়া কৰাইছিল। তেওঁৰ পুত্ৰ সকল হ’ল চিন্ময়, বিশ্বেন্দু আৰু কন্যা সকল হ’ল- জয়শ্ৰী, জ্ঞানশ্ৰী, সত্যশ্ৰী, হেমশ্ৰী আৰু মনশ্ৰী।

 ১৯৪৯ চনত তামোল বাৰী চাহ বাগিচাত জ্যোতি প্ৰসাদৰ পত্নী দেৱযানী আইদেউৰ মাথো ঊনত্ৰিশ বছৰ বয়সতে মৃত্যু হয়। পত্নীৰ মৃত্যুৰ পিছত ঘৰুৱা দায়িত্বও জ্যোতি প্ৰসাদে মূৰ পাতি লব লগীয়া হয়।

 তামোলবাৰী চাহবাগিচাত মেনেজাৰৰ আসনত থাকিলেও জ্যোতি প্ৰসাদে নিঃকিন বনুৱা সকলক নিজ ভাতৃৰ দৰে স্নেহ কৰিছিল। বনুৱা সকলৰ বাবে বিদ্যালয়, খেলপথাৰৰ সুযোগ আদি কৰি দিছিল৷ নিৰক্ষৰ বনুৱা সকলক ঘৰলৈ মাতি আনি নিজেই শিক্ষা দিছিল। তিৰোতা সকলক পাত তুলিবৰ কাৰণে ছাতি যোগান ধৰিছিল। তেতিয়াৰ দিনত এই সুযোগবোৰ বনুৱা সকলে নেপাইছিল। জ্যোতি প্ৰসাদৰ এনে কাৰ্য্যত অন্য ডাঙৰ লোক সকলে অলপো ভাল পোৱা নাছিল। আনকি ডিব্ৰুগড়ত থকা ‘ওপৰৱালা’কো জ্যোতিপ্ৰসাদৰ বিৰুদ্ধে লগাইছিলগৈ। মানুহৰ প্ৰতি মানুহৰ এই অন্যায় ব্যৱহাৰত জ্যোতি প্ৰসাদৰ অন্তৰ ভাগি পৰিছিল। কিয়নো তেওঁৰ দৃষ্টিত সকলো মানুহ ভগৱানৰ এক সুন্দৰ সৃষ্টি। সেইবাবে নিজৰ সন্তান সকলকো বনুৱাৰ ল’ৰা-ছোৱালীৰ লগত হাঁহি মুখে মিলামিছা কৰিবলৈ উৎসাহ দিছিল। ইয়াৰ পৰাই আমি প্ৰমাণ পাওঁ জনতাক ভালপোৱা জ্যোতি প্ৰসাদ এজন প্ৰকৃত মহান পুৰুষ৷ জ্যোতি প্ৰসাদৰ আদৰ্শ পুৰুষ আছিল শ্ৰীকৃষ্ণ, শংকৰদেৱ আৰু মহাত্মা গান্ধী। তেওঁলোকৰ জীৱন প্ৰতিভাই তেওঁৰ মনত গভীৰ