পৃষ্ঠা:এজন সঁচা মানুহ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
এজন সঁচা মানুহ

মনত পৰিছিল। বিদেশৰ পৰা আহি মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ যায় আৰু তাত পাচশ বছৰৰ আগেয়ে মহাপুৰুষে স্থাপিত কৰি থৈ যোৱা ভাস্কৰ্য্য কলা দেখি অভিভুত হৈ পৰে। অসমৰ গৌৰৱ কঢ়িয়াই অনা এই মূল্যবান শিল্প কলাৰ ওপৰত ভিত্তি কৰি এখনি চানেকী আঁকি উলিয়াইছিল। আৰু সেই চানেকীত এখন বিশ্ববিদ্যালয় গঢ়ি তুলিবলৈ অনুৰোধ কৰিছিল। যাতে বিশ্ববিদ্যালয়খনে অসমৰ কীৰ্ত্তি অম্লান কৰি ৰাখিব পাৰে। অকল অসমৰে নহয় ভাৰতৰ শিল্পকলাৰ সম্পৰ্কেও তেওঁ জ্ঞান আহৰণ কৰিছিল। তাৰ বাবে বিখ্যাত প্ৰাচীন শাস্ত্ৰ সমূহ গভীৰ ভাৱে অধ্যয়ন কৰিছিল।


অসমৰ প্ৰথম বোলছবি নিৰ্মাতা জ্যোতি প্ৰসাদ

 দেশক ভালপোৱা, জাতিক ভালপোৱা জ্যোতি প্ৰসাদৰ স্বদেশ প্ৰেম কেৱল গীত আৰু নাটকতে আৱদ্ধ নাছিল। নিজৰ জাতিৰ মৰ্য্যদা বিশ্বৰ চকুত দেখুৱাবলৈ সকলো ফালৰ পৰা উঠি পৰি লাগিছিল। তাৰ আহিলা হিচাপে তেওঁ বোলছবিৰ কামত হাত দিলে। তেওঁ বোলছবি ব্যৱসায হিচাপে কৰিবলৈ লোৱা নাছিল। তেওঁৰ প্ৰধান উদ্দেশ্য আছিল মহান অসমীয়া জাতিৰ পৰিচয় ডাঙি ধৰাৰ। তেৱে অসমত বোলছবি উলিওৱা প্ৰথম জন মানুহ।

 ১৯৩৩ চন। জুন মাহ। জেলৰ পৰা মুক্ত হৈ তেঁও দেউতাকৰ ওচৰলৈ আহিল। দেউতাক তেতিয়া ভোলাগুৰি চাহ বাগিচাত। জ্যোতি প্ৰসাদক কাষত পাই দেউতাকে বৰ ভাল পালে। প্ৰথম পুত্ৰ হিচাপে দেউতাকক কামত সহায় কৰাটো উচিত হব বুলি জ্যোতি প্ৰসাদেও ভাবিলে৷ বাগানৰ অপৰূপ দৃশ্যই জ্যোতি প্ৰসাদক আকৰ্ষিত কৰিলে। তেওঁৰ মনটো মুকলি আকাশৰ তলত প্ৰাকৃতিক দৃশ্য আৰু আকৰ্ষণীয় পৰিবেশৰ মাজত সোমাই পৰিল। কেৱল কামতে ব্যস্ত নেথাকি বিদেশত প্ৰশিক্ষণ লোৱা বোলছবি কৰা নিয়মবোৰ তেওঁৰ পৰীক্ষা কৰি চাবলৈ মন গ'ল।কথাটো তেওঁ দেউতাকক জনালে৷ দেউতাকে