আভাস কাব্য/লায়লা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
আভাস কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৮৬ ]

লায়লা। *

 কাছেমৰ কন্যা তুমি, লায়লা সুন্দৰি!
প্ৰেম যে কেনুৱা বস্তু, তুমি দেখা নাই;
আাজন্ম অৱধি কিন্তু ভাবিছিলা নিতে
কায়েচকে (১) প্ৰাণে স’তে অতি ভাল পাই।

* সাৰা দেশীয় কাছেম নামেৰে এজন ধনী সদাগৰৰ জীয়েক।

(১) আৰব দেশেৰ আলিগহৰ বাদচাৰ পুতেক; এওঁ লায়লাৰ প্ৰেমত উদ্মাদ; এওঁৰ অন্য নাম মজ্‌নু। [ ৮৭ ]
 

স্বৰ্গীয় সুন্দৰী তুমি, পৰী স্বৰগৰ,
তোমাৰ কাপত মোহি দুৰ্ভগা কায়েচ্‌
প্ৰেমৰ ব’ৰাগী সাজি, বনে বনে ফুৰি
ধিয়াই তোমাকে-ক্লেশ বুগিলে অশেষ!!
আাছিলে ‘কায়েচ’—আজি তোমাৰ প্ৰেমত
‘মজনু’ নাম পালে পাছে,— কিন্তু দুৰ্ভগীয়া
ভাগ্য দোষে, তোমাহেন নাপালে ৰতন,
সেই দুখে মাথোঁ তাৰ বিদৰিলে হিয়া॥
সি শোক হিয়াত লই, হৃদয় ফলিত
তোমাৰ মোহিনী মূৰ্ত্তি আঁকি হেপাহেৰে,
ৰাজ ভোগ পৰিহৰি অৰন্য মাজত
ধিয়াঁলে তোমাকে মাথোঁ একান্ত মনেৰে
তুমিও সুন্দৰি! নিতে কত কান্দিছিলা
বিৰহ ব্যাকুল হই, ভাবি কায়েচক,—
দুচকুৰ চকুপানী নিতে বইছিল,
ভাবি সি মধুৰ মুক্তি প্ৰাণৰ প্ৰাণক॥
পিতাৰে তোমাৰ, পাছে, ছায়ালে (২) সইতে


 (২) ছায়াল—নজিৰুদ্দিন নামে এজন বাদছাৰ পুতেক। এওঁৰে সম্পূৰ্ণ নাম “এৱনে ছায়াল"। এওঁৰে সৈতে লায়লাক মাক বাপেকে বলেৰে বিয়া দিছিলে, কিন্তু লায়লাই বিয়াৰ দিনা ৰাতিয়েই এওঁক বিশেষ অপদস্থ কৰি, নিৰাশ কৰি খেদি পঠালে। [ ৮৮ ]
 

বলেৰে তোমাক ধৰি দিছিলে বিবাহ,
তুমি সতী পতিব্ৰতা, কায়েচৰ প্ৰাণ,—
ছায়ালক কৰিছিলা ছলেৰে নিৰাশ॥
মন্দমতি নওফলে (৩) হই বিমোহিত,
ষড়যন্ত্ৰ কৰিছিলে তোমাৰ আশত;—
ইশ্বৰৰ ইচ্ছা! কিন্তু তিয়াগিলে প্ৰাণ,
আাপোন কৰ্ম্মৰ ফল ভুঞ্জি অকালত॥
তাৰ পাছে তুমি, সতি! কায়েচে সহিতে
অৰণ্যত গ’লা দুয়ো কত হৰিষত
বহুদিন পাছে পাই পৰাণৰ প্ৰাণ,
লভিছিলা স্বৰ্গ সুখ অৰণ্য মাজত।
তুমিও প্ৰেমিকা যেনে, কায়েচো প্ৰেমিক,
দুয়ে দুয়োটীকে পাই পালা স্বৰ্গ সুখ,—
দৰিদ্ৰে লভিলে ধন-নতু যেনেকুৱা
হৰ্ষ পায় অপুত্ৰকা, দেখি পুত্ৰ মুখ॥

(৩) নওফল,—এওঁ এজন বাদছা; এওঁ প্ৰথমতে লায়লাৰে স’তে বিয়া দিম বুলি, মজনুক বনৰ পৰা নগৰলৈ লৈ গৈছিলে; পাছত লায়লাৰ ৰূপত নিজে মোহিত হৈ, মজনুক বিহ খুৱাই মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ঈশ্বৰে তেওঁৰ আশা ফলবতী নকৰিলে। মজনুক খুৱাবলৈ থোৱা বিহ, বুল ক্ৰমে নিজে পান কৰি, তেওঁ সংসাৰৰ পৰা চিৰ বিদায় ললে। [ ৮৯ ]
 

কিন্তু সি হেপাহ, সতি! নউ পূৰুতেই
পিতাৰে তোমাক গই পালে সি বনত;—
কায়েচৰ প্ৰাণ তুমি,—নিদি কায়েচক
তোমাক ঘূৰাই পুনু অনিলে ঘৰত॥
কত ভাবি, কত কান্দি চকুপানী টুকি
কায়েচক ভাবি ভাবি হ’লা বলিয়ানী;
খাওঁতে শোওতে কিম্বা ফুলনী মাজত
কায়েচ তোমাৰ ধ্যান, তুমি উন্মাদিনী॥
ইৰাপে থাকোতে, পাছে, লায়লা! এদিন
গভীৰ দুপৰ নিশা, অকলে ঘৰত
বীনাতে সুৱলা ধ্বনী কায়েচৰ গীত।
পৰিলে হঠাত আাহি, তোমাৰ কানত॥
মুৰুলীৰ মাত শুনি, তাহানি কানত॥
হইছিলে যেনে দশা ব্ৰজ গোপিনীৰ,—
কায়েচৰ গীত শুনি, হ’লা উন্মাদিনী
তুমিও, সুন্দৰি! হায়! ওলালা বাহিৰ॥
প্ৰাণৰ দেৱতা, সতি! মুৰ্ত্তি কায়েচৰ
অকস্মাতে পাই, পুনু হাতে স্বৰ্গ পালা;
দিঙ্গিন্ত সাবতি ধৰি কান্দিলা বীনাই,
পাছত কি হ’ব কিন্তু একো নাভাবিলা॥

[ ৯০ ]

উঠিলে পিতাৰা শুনি ধ্বনী কান্দোনৰ,
দুয়োকেই দিলে বহু গালি অপমান।
ধিয়াই তোমাৰে নাম, কায়েচে আকউ
অৰণ্যত গ’ল, ৰাখি তোমাতে পৰাণ॥
মৰাই তোমাক খঙ্গে বুলিব ধৰিলে,
“কুল কলঙ্কিনী তই, লায়লা! ডাইনি!
নাজানো কি পাপ ফলে ধৰিলো গৰ্ভত
জিয়াৰী নিচিনা তোৰ মিছাতে পাপিনী।
দেখাব নোৱাৰা হ’লো তোৰ কাৰণেই
মানুহক মুখ, তই কলঙ্ক আনিলি!
কায়েচৰ প্ৰেমে মজি পবিত্ৰ বংশত
কলঙ্ক নইৰ পানী আনন্দে ঢালিলি॥’’
মাতৃৰ মুখত শুনি কঠোৰ বচন,
ধীৰে ধীৰে তুমি, সতি! বুলিব ধৰিলা,
“প্ৰেম প্ৰণয়ৰ মই একোকে নাজানো,
মিছাতে ইমান, মাতৃ! কিয় গালি দিলা?
বালী ঘৰ সাজি সাজি উমলি ফুৰোঁতে
সক বয়সত, সেই তাহানি কালত,
কায়েচে সইতে মোৰ ভালপোৱা হয়,—
গালি দিছা নেকি, মাতৃ তাৰেই দোষত?

[ ৯১ ]

কিন্তু কি কৰিম? মই কৰিছোঁ যতন
সেই স্নেহ ভালপোৱা নোৱাৰি ভুলিব;
ঈশ্বৰৰ ইচ্ছা মাতৃ! মোত দোষ নাই!—
কায়েচৰ চিন্তা মোৰ নিতউ থাকিব॥’’
এই বুলি তুমি, সতি! কান্দিব ধৰিলা,
কায়েচক ধ্যান কৰি হিয়াৰ মাজত;
“কায়েচ! কায়েচ!!”। কৰি হ’লা উন্মাদিনী
বিৰহৰ তাপ স’ব নোৱাৰি প্ৰাণত॥
তাৰ পাছে, আহা! সতি! দুষ্টা নচিৰণে (৪)
পাহৰাবলই কত কৰিছিলে ছল
কায়েচৰ প্ৰেম;— কিন্তু মহা সতী তুমি,
নুভূলিলা কায়েচক,—লায়লা অটল!
এদিন থাকোতে শুই, পুঁৱতী ৰাতিত
দেখিলা সপোন তুমি-তোমাৰ কাৰণে,—
তোমাৰ বিৰহ জালা সহিব নোৱাৰি,
ত্যজিলে কায়েচে প্ৰাণ বনত গোপনে?
“লায়লা! লায়লা!!” বুলি মৃত্যুৰ আগত
কান্দিছিলে বহু যেন উন্মাদৰ দৰে,—
তাৰ পাছে,—বিষাদৰ হুমুনিয়া কাঢ়ি


(৪) এজনী বুৰী।

[ ৯২ ]
 

ত্যজিলে পৰাণ যেন দুখিত অন্তৰে॥
সাৰ পালা তুমি, সতি! কান্দিব ধৰিলা
সপোনত দেখা পাই মৃত্যু কায়েচৰ,—
মাৰাৰ পাৱত ধৰি, ক’লা কান্দি কান্দি,—
“আজি শেষ হ’ল মাতৃ এই জীৱনৰ॥
অভাগিনী কলঙ্কিনী লায়লা তোমাৰ
দায় দোষ ক্ষমা কৰাঁ,—মাগিছোঁ বিদায়,
যাও আজি সিৰাজত গইছে যলই
পৰানৰ প্ৰাণ মোৰ, বহু দুখ পাই॥
দেখিলো স্বপ্নত, মাতৃ! মজনু আৰু নাই!—
নাই মৰজগতত, নৰ দেহা এৰি।
গইছে স্বৰ্গত আাজি, উঠি বিমানত
প্ৰাণৰ কায়েচ মোৰ দেৱমূৰ্ত্তি ধৰি॥
মজনু মোৰ প্ৰাণ, মাতৃ! মজনুৰ মৃত্যুত
লায়লাৰো মৃত্যু হ’ল,—নাকান্দিবা তুমি;
জনম অৱধি দিলো বহুত কেলেশ,
ক্ষমা কৰা অপৰাধ মই অভাগিনী॥
কিন্তু যদি মৃত্যু হোৱা নাই কায়েচৰ;
ভাগ্যবলে,—যদি তেঁৱে স’তে দেখা হয়,
ক'বা, মাতৃ! নুভূলিবা লায়লাৰ কথা,

[ ৯৩ ]

কিৰাপে পৰাণ আজি তিয়াগিলো মই॥
 এই বুলি তুমি, সতি! মুদিলা দুচকু;
অন্তৰত কৰি ধ্যান মুৰ্ত্তি কায়েচৰ;
নশ্বৰ জীৱন এৰি, পালা স্বৰ্গলোক
অনন্ত সুখৰ ঠাই, অনন্ত প্ৰেমৰ॥

আভাস কাব্য (page 78 crop)