সমললৈ যাওক

আভাস কাব্য/বোডেচিয়া

ৱিকিউৎসৰ পৰা

[ ৮২ ]

বোডেচিয়া।

Queen Boadecea, the British

warrior Queen.
 খৃষ্ট জন্ম হোৱাৰ ১ম শতাব্দিত আইচেনী বুলিবৰ এটা জাতীয়ে ব্ৰিটনত ৰাজত্ব কৰিছিল। বোডেচিয়া আইচেনী বিলাকৰে ৰনী। ৰোমৰ প্ৰধান সেনাপতি জুলিয়চ্‌ চিজাৰে ব্ৰিটন আক্ৰমণ কৰিবলৈ গৈ, বোডেচিয়া আৰু তেঁওৰ ছোৱালী দুটীক নানাৰকম অত্যাচাৰ কৰে। অৱশেষত মনৰ দুখত তেঁও আত্মঘাতী হয়। [ ৮৩ ]

 ৰোমৰ সেনাই যেৱে ব্ৰিটন বাসীক
কৰিছিলে অমানুষি নানা অত্যাচাৰ,
সহিব নোৱাৰি তুমি কোমল প্ৰাণত,
জনম ভূমিৰ দুখ-দেশীয় প্ৰজাৰ,-
বীৰাঙ্গনা ৰূপ ধৰি যুদ্ধ সাজ পিন্ধি
নগৰৰ বাজ তুমি হ’লা, বোডেচিয়া!
ঘোৰ সমৰত যোগ দিলা তুমি ৰঙ্গে,
অতুল সাহসে বান্ধি আপোনাৰ হিয়া॥
গভীৰ গৰ্জ্জন কৰি, ভীমামূৰ্ত্তি ধৰি
কৰিছিলা বিপক্ষেৰে যুদ্ধ ঘোৰতৰ,—
তিষ্ঠিব নোৱাৰি কিন্তু সমুখ যুদ্ধত
তিয়াগি তোমাক গ’ল সেনা ব্ৰিটনৰ॥
শত্ৰৰ মাজত হুই অকল সৰীয়া
অকলে অকলে যুদ্ধ কৰিলা বহুত,
বিপক্ষ সেনাৰে স’তে বীৰাঙ্গনা দৰে,
অতুল সাহস লই লাহৰী বুকুত॥
কিন্তু হায়! কত বেলি পাৰেনো সহিব।
আশ্ৰয় বিহীন লতা৷ বেগ ধুমুহাৰ?
অকল সৰীয়া তুমি বিমুৰ্চ্ছিতা হই
পৰিলা মাজত, ৰাণি! বিপক্ষ সেনাৰ।
ধৰিলে তোমাক, ৰাণি! আজ্ঞা চিজাৰৰ *


* জুলিয়চ্‌ চিজাৰ।

[ ৮৪ ]
 

চমটাৰে মাৰি পিঠি কৰিলে ৰাঙ্গলী!—
নিদাৰুণ অত্যাচাৰ! পাই অপমান।
কোৰোধত ভাহি, হ’লা আউলী বাউলী
ক্ৰোধ আৰু বেজাৰত হই বিয়াকুল
গুৰুৰ (১) কাষত গ’ল৷ আদেশ বিচাৰি,—
দুৰ্দশা তোমাৰ দেখি শ্ত্ৰুৰ হাতত,
টুকিলে গুৰুৱে, ৰাণি! চকুলো দুধাৰি॥
হুমুনীয়৷ কাঢ়ি গুৰু বুলিলে' তোমাক;—
“কান্দিছে পৰাণ দেখি, অৱস্থা তোমাৰ
শক্ৰৰ হাতত, ৰাণি! তিৰীৰ দেহাত।
এনেকুৱা অত্যাচাৰ! পাপীষ্ঠ চিজাৰ।
কিন্তু, ৰাণি! তুমি একো নকৰাঁ বিষাদ,
ই পাপৰ প্ৰতি-ফল পাব ৰোমবাসী!
‘ধ্বংস পাব ৰোম-ৰাজ্য!' তেজেৰে তোমাৰ।
এই কথা থোৱা তুমি হৃদয়ত লিখি॥
সহস্ৰ সহস্ৰ ৰাজ্য কবি পদানত
বিখ্যাত হইছে ৰোম, কিন্তু ই গৌৰৱ
ধ্বংস পাব অতি শীঘ্ৰে, জানা তুমি, ৰাণি!

(১) ব্ৰিটন বিলাকৰ পুৰোহিত বা Druid

[ ৮৫ ]
 

অচিৰেই পাব লয় ৰোমৰ বিভৱ!
পাছৰ ৰোমানে, ৰাণি! যুদ্ধ-বিদ্যা এৰি
মন প্ৰাণ সমৰপি দিব সঙ্গীতত
নৃত্যগীত কৰি ঘশ আাৰ্জ্জিব তেতিয়া,—
নাথাকিব শক্তি কিন্তু কাৰো সমৰত॥
তেতিয়া তোমাৰ, ৰাণি! ভবিষ্যত বংশ।
ৰণতৰী সাজি,—লই অস্ত্ৰ অগণিৰ (২)
দুৰ দুৰন্তৰ দেশ কৰি দিগ্বিজয়,
আৰ্জ্জিব অক্ষয় কীৰ্ত্তি ব্ৰিটন-বাসীৰ।
কাণেৰেও যি দেশৰ নাম শুনা নাই
চিজাৰে ৰোমৰ, ৰাণি! পাছত তোমাৰ
সতি সন্ততিয়ে তেনে সাম্ৰাজ্য অনেক
দিগ্বিজয় জয় কৰি, যশ আৰ্জ্জিব আমাৰ॥”
 গুৰুৰ মুখত শুনি এনুৱা বচন
উলাহে ভৰিলা তুমি, মুছি চকুপানী
দুয়োটি চকুৰে পৰা; ভীমামুৰ্ত্তি ধৰি।
আহিল৷ আকউ ঘূৰি সমৰত, ৰাণি!
বিপক্ষক চাই খঙ্গে বুলিব’ ধৰিলা,—

(২) আগ্নেয় অস্ত্ৰ বা বন্দুক।

[ ৮৬ ]
 

“পাপীষ্ঠ! পামৰ! দুষ্ট সেনা ৰোমানৰ!
ই পাপৰ প্ৰতিফল পাবি অচিৰেই;
অচিৰেই পাব নশ গেৰৱ ৰোমৰ॥”
এই বুলি কৈৰে, হায়! শোক বেজাৰত
জৰ্জ্জৰিত হই তুমি আত্মঘাতী হ’লা!
শত্ৰুৰ হাতত প্ৰাণ নিতিয়াগোঁ বুলি
জানো,—আপোনাৰ প্ৰাণ আপুনি নাশিলা॥