পৃষ্ঠা:আভাস কাব্য.pdf/৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লায়লা

কিন্তু কি কৰিম? মই কৰিছোঁ যতন
সেই স্নেহ ভালপোৱা নোৱাৰি ভুলিব;
ঈশ্বৰৰ ইচ্ছা মাতৃ! মোত দোষ নাই!—
কায়েচৰ চিন্তা মোৰ নিতউ থাকিব॥’’
এই বুলি তুমি, সতি! কান্দিব ধৰিলা,
কায়েচক ধ্যান কৰি হিয়াৰ মাজত;
“কায়েচ! কায়েচ!!”। কৰি হ’লা উন্মাদিনী
বিৰহৰ তাপ স’ব নোৱাৰি প্ৰাণত॥
তাৰ পাছে, আহা! সতি! দুষ্টা নচিৰণে (৪)
পাহৰাবলই কত কৰিছিলে ছল
কায়েচৰ প্ৰেম;— কিন্তু মহা সতী তুমি,
নুভূলিলা কায়েচক,—লায়লা অটল!
এদিন থাকোতে শুই, পুঁৱতী ৰাতিত
দেখিলা সপোন তুমি-তোমাৰ কাৰণে,—
তোমাৰ বিৰহ জালা সহিব নোৱাৰি,
ত্যজিলে কায়েচে প্ৰাণ বনত গোপনে?
“লায়লা! লায়লা!!” বুলি মৃত্যুৰ আগত
কান্দিছিলে বহু যেন উন্মাদৰ দৰে,—
তাৰ পাছে,—বিষাদৰ হুমুনিয়া কাঢ়ি


(৪) এজনী বুৰী।

৮৫