পৃষ্ঠা:আভাস কাব্য.pdf/৯২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

 

ত্যজিলে পৰাণ যেন দুখিত অন্তৰে॥
সাৰ পালা তুমি, সতি! কান্দিব ধৰিলা
সপোনত দেখা পাই মৃত্যু কায়েচৰ,—
মাৰাৰ পাৱত ধৰি, ক’লা কান্দি কান্দি,—
“আজি শেষ হ’ল মাতৃ এই জীৱনৰ॥
অভাগিনী কলঙ্কিনী লায়লা তোমাৰ
দায় দোষ ক্ষমা কৰাঁ,—মাগিছোঁ বিদায়,
যাও আজি সিৰাজত গইছে যলই
পৰানৰ প্ৰাণ মোৰ, বহু দুখ পাই॥
দেখিলো স্বপ্নত, মাতৃ! মজনু আৰু নাই!—
নাই মৰজগতত, নৰ দেহা এৰি।
গইছে স্বৰ্গত আাজি, উঠি বিমানত
প্ৰাণৰ কায়েচ মোৰ দেৱমূৰ্ত্তি ধৰি॥
মজনু মোৰ প্ৰাণ, মাতৃ! মজনুৰ মৃত্যুত
লায়লাৰো মৃত্যু হ’ল,—নাকান্দিবা তুমি;
জনম অৱধি দিলো বহুত কেলেশ,
ক্ষমা কৰা অপৰাধ মই অভাগিনী॥
কিন্তু যদি মৃত্যু হোৱা নাই কায়েচৰ;
ভাগ্যবলে,—যদি তেঁৱে স’তে দেখা হয়,
ক'বা, মাতৃ! নুভূলিবা লায়লাৰ কথা,

৮৬