পৃষ্ঠা:আভাস কাব্য.pdf/৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লায়লা

 

কিন্তু সি হেপাহ, সতি! নউ পূৰুতেই
পিতাৰে তোমাক গই পালে সি বনত;—
কায়েচৰ প্ৰাণ তুমি,—নিদি কায়েচক
তোমাক ঘূৰাই পুনু অনিলে ঘৰত॥
কত ভাবি, কত কান্দি চকুপানী টুকি
কায়েচক ভাবি ভাবি হ’লা বলিয়ানী;
খাওঁতে শোওতে কিম্বা ফুলনী মাজত
কায়েচ তোমাৰ ধ্যান, তুমি উন্মাদিনী॥
ইৰাপে থাকোতে, পাছে, লায়লা! এদিন
গভীৰ দুপৰ নিশা, অকলে ঘৰত
বীনাতে সুৱলা ধ্বনী কায়েচৰ গীত।
পৰিলে হঠাত আাহি, তোমাৰ কানত॥
মুৰুলীৰ মাত শুনি, তাহানি কানত॥
হইছিলে যেনে দশা ব্ৰজ গোপিনীৰ,—
কায়েচৰ গীত শুনি, হ’লা উন্মাদিনী
তুমিও, সুন্দৰি! হায়! ওলালা বাহিৰ॥
প্ৰাণৰ দেৱতা, সতি! মুৰ্ত্তি কায়েচৰ
অকস্মাতে পাই, পুনু হাতে স্বৰ্গ পালা;
দিঙ্গিন্ত সাবতি ধৰি কান্দিলা বীনাই,
পাছত কি হ’ব কিন্তু একো নাভাবিলা॥

৮৩