পৃষ্ঠা:আভাস কাব্য.pdf/৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লায়লা।

 

স্বৰ্গীয় সুন্দৰী তুমি, পৰী স্বৰগৰ,
তোমাৰ কাপত মোহি দুৰ্ভগা কায়েচ্‌
প্ৰেমৰ ব’ৰাগী সাজি, বনে বনে ফুৰি
ধিয়াই তোমাকে-ক্লেশ বুগিলে অশেষ!!
আাছিলে ‘কায়েচ’—আজি তোমাৰ প্ৰেমত
‘মজনু’ নাম পালে পাছে,— কিন্তু দুৰ্ভগীয়া
ভাগ্য দোষে, তোমাহেন নাপালে ৰতন,
সেই দুখে মাথোঁ তাৰ বিদৰিলে হিয়া॥
সি শোক হিয়াত লই, হৃদয় ফলিত
তোমাৰ মোহিনী মূৰ্ত্তি আঁকি হেপাহেৰে,
ৰাজ ভোগ পৰিহৰি অৰন্য মাজত
ধিয়াঁলে তোমাকে মাথোঁ একান্ত মনেৰে
তুমিও সুন্দৰি! নিতে কত কান্দিছিলা
বিৰহ ব্যাকুল হই, ভাবি কায়েচক,—
দুচকুৰ চকুপানী নিতে বইছিল,
ভাবি সি মধুৰ মুক্তি প্ৰাণৰ প্ৰাণক॥
পিতাৰে তোমাৰ, পাছে, ছায়ালে (২) সইতে


 (২) ছায়াল—নজিৰুদ্দিন নামে এজন বাদছাৰ পুতেক। এওঁৰে সম্পূৰ্ণ নাম “এৱনে ছায়াল"। এওঁৰে সৈতে লায়লাক মাক বাপেকে বলেৰে বিয়া দিছিলে, কিন্তু লায়লাই বিয়াৰ দিনা ৰাতিয়েই এওঁক বিশেষ অপদস্থ কৰি, নিৰাশ কৰি খেদি পঠালে।

৮১