পৃষ্ঠা:আভাস কাব্য.pdf/৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য।

উঠিলে পিতাৰা শুনি ধ্বনী কান্দোনৰ,
দুয়োকেই দিলে বহু গালি অপমান।
ধিয়াই তোমাৰে নাম, কায়েচে আকউ
অৰণ্যত গ’ল, ৰাখি তোমাতে পৰাণ॥
মৰাই তোমাক খঙ্গে বুলিব ধৰিলে,
“কুল কলঙ্কিনী তই, লায়লা! ডাইনি!
নাজানো কি পাপ ফলে ধৰিলো গৰ্ভত
জিয়াৰী নিচিনা তোৰ মিছাতে পাপিনী।
দেখাব নোৱাৰা হ’লো তোৰ কাৰণেই
মানুহক মুখ, তই কলঙ্ক আনিলি!
কায়েচৰ প্ৰেমে মজি পবিত্ৰ বংশত
কলঙ্ক নইৰ পানী আনন্দে ঢালিলি॥’’
মাতৃৰ মুখত শুনি কঠোৰ বচন,
ধীৰে ধীৰে তুমি, সতি! বুলিব ধৰিলা,
“প্ৰেম প্ৰণয়ৰ মই একোকে নাজানো,
মিছাতে ইমান, মাতৃ! কিয় গালি দিলা?
বালী ঘৰ সাজি সাজি উমলি ফুৰোঁতে
সক বয়সত, সেই তাহানি কালত,
কায়েচে সইতে মোৰ ভালপোৱা হয়,—
গালি দিছা নেকি, মাতৃ তাৰেই দোষত?

৮৪