পৃষ্ঠা:আভাস কাব্য.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আভাস কাব্য

 

বলেৰে তোমাক ধৰি দিছিলে বিবাহ,
তুমি সতী পতিব্ৰতা, কায়েচৰ প্ৰাণ,—
ছায়ালক কৰিছিলা ছলেৰে নিৰাশ॥
মন্দমতি নওফলে (৩) হই বিমোহিত,
ষড়যন্ত্ৰ কৰিছিলে তোমাৰ আশত;—
ইশ্বৰৰ ইচ্ছা! কিন্তু তিয়াগিলে প্ৰাণ,
আাপোন কৰ্ম্মৰ ফল ভুঞ্জি অকালত॥
তাৰ পাছে তুমি, সতি! কায়েচে সহিতে
অৰণ্যত গ’লা দুয়ো কত হৰিষত
বহুদিন পাছে পাই পৰাণৰ প্ৰাণ,
লভিছিলা স্বৰ্গ সুখ অৰণ্য মাজত।
তুমিও প্ৰেমিকা যেনে, কায়েচো প্ৰেমিক,
দুয়ে দুয়োটীকে পাই পালা স্বৰ্গ সুখ,—
দৰিদ্ৰে লভিলে ধন-নতু যেনেকুৱা
হৰ্ষ পায় অপুত্ৰকা, দেখি পুত্ৰ মুখ॥

(৩) নওফল,—এওঁ এজন বাদছা; এওঁ প্ৰথমতে লায়লাৰে স’তে বিয়া দিম বুলি, মজনুক বনৰ পৰা নগৰলৈ লৈ গৈছিলে; পাছত লায়লাৰ ৰূপত নিজে মোহিত হৈ, মজনুক বিহ খুৱাই মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু ঈশ্বৰে তেওঁৰ আশা ফলবতী নকৰিলে। মজনুক খুৱাবলৈ থোৱা বিহ, বুল ক্ৰমে নিজে পান কৰি, তেওঁ সংসাৰৰ পৰা চিৰ বিদায় ললে।

৮২