চিন্তা-কলি

ৱিকিউৎসৰ পৰা
[  ]
 

চিন্তা-কলি

 
 

ৰচক
৺সত্যনাথ বৰা।

 

১৮৮৩

 

বেচ ২৲ টকা মাথোন

 

[  ]
 

Published by
J. Borah
2, Earle Road, Gauhati.

 

কলিকতা,
৮৫নং অপাৰ চাৰকুলাৰ ৰোড, ‘ভাৰত মিহিৰ যন্ত্ৰত’
শ্ৰী অতুলচন্দ্ৰ চক্ৰবৰ্তীৰ দ্বাৰা ছপোৱা হ’ল।

 

[  ]
 

পাতনি।

 ৰচোঁতাই এই পুথি মৃত্যুৰ বহুতদিন আগেয়ে যুগুত কৰি ৰাখিছিল। এই পুখি যুগুত কৰাৰ পাছতহে বহল ব্যাকৰণ ৰচনা কৰে। এই পুথি তেতিয়া কিয় প্ৰকাশ কৰা নাছিল ইয়াৰ কাৰণ আমি যিমানখিনি ধৰিব পাৰিছোঁ, সিজনাৰ আৰু কিছুমান এনে ধৰণৰ প্ৰৱন্ধ লিখি পুথিৰ আকাৰ বঢ়াবৰ মন আছিল, তেনে প্ৰৱন্ধ এটিৰ আঁচনিও এই হাতে লিখা পুথিৰ শেহত আমি পাইছোঁ। পুথিৰ নাম সিজনাই “চিন্তা-কলি” খৈছিল, কিন্তু নামটো সিজনাৰ মনত লগা নহল বুলি আমাক কৈছিল। নিজে এই পুথি প্ৰকাশ কৰিবলৈ পোৱাহেঁতেন কি জানি নাম সলালেইহেঁতেন। সি যি কি নহওক সিজনাই থোৱা নামেই পুথি প্ৰকাশ কৰা হল। পুথিৰ কেইটামান প্ৰৱন্ধ তাহানি জোনাকী আৰু বাঁহীত প্ৰকাশ হৈছিল। সিজনা স্বৰ্গী হবৰ আজি প্ৰায় দহ বছৰ হল নানা বেমেজালিত ইমান দিনে পুথি প্ৰকাশ কৰিব পৰা নহৈছিল, সেই বাবে ৰাইজৰ আগত ক্ষমা মগা হৈছে।

 ৰচোঁতাৰ অভাজন পুত্ৰদ্বয়।
১৮৭১ শঁক   শ্ৰীঅম্বিকানাথ বৰা।
  শ্ৰীজ্ঞাননাথ বৰা।