ৱিকিউৎস:মেজমেল/দ্বিতীয় ৱিকিউৎস কৰ্মশালা

ৱিকিউৎসৰ পৰা
ৱিকিউৎসৰ কাৰ্যসূচী বিষয়া আৰু কৰ্মশালাৰ সমল ব্যক্তি জয়ন্ত নাথৰ সৈতে অসমীয়া ৱিকিউৎসৰ অংশগ্ৰহণকাৰীসকল

প্ৰস্তাৱনা[সম্পাদনা কৰক]

অসমীয়া ৱিকিউৎসৰ দক্ষতা বিকাশ কৰ্মশালাৰ এটি মুহূৰ্ত

২০২২ চনৰ ২১ এপ্ৰিল তাৰিখে চিআইএছ-এটুকে (Centre for Internet and Society - Access to Knowledge)ৰ তৰফৰ পৰা শ্ৰী জয়ন্ত নাথ ডাঙৰীয়াই গুৱাহাটী বা অসমৰে আন কোনো ঠাইত অসমীয়া ৱিকিউৎসৰ এখন উচ্চতৰ (Advanced) আৱাসিক কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু অসমীয়া ৱিকিসমাজৰ পৰা এই সম্পৰ্কে মতামত বিচাৰে৷ বিষয়টো অনতিপলমে অসমীয়া ৱিকিপিডিয়া সমাজৰ হোৱাটছ্ আপ গোটত আলোচনাৰ বাবে আগবঢ়োৱা হয়৷ বিভিন্নজনৰ মন্তব্যৰ আধাৰত একেটা বিষয়েই এতিয়া কেন্দ্ৰীয় আলোচনাত সমূহীয়া আলোচনাৰ বাবে মোকলাই দিয়া হৈছে৷

সদ্যহতে সদস্যসকলে ২০২২ চনৰ জুন মাহৰ ১১ আৰু ১২ তাৰিখ, শনিবাৰ আৰু দেওবাৰে, গুৱাহাটীতে কৰ্মশালাখন দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ পোষকতা কৰে৷

কৰ্মশালাৰ বিষয়ে জানিবলৈ এই লিংকটো অনুসৰণ কৰক : https://meta.wikimedia.org/wiki/CIS-A2K/Events/Indic_Wikisource_Plan_2022-23#Assamese_Wikisource_Community_skill-building_workshop

সমৰ্থন[সম্পাদনা কৰক]

  1. সমৰ্থন জনালোঁ। JyotiPN (বাৰ্তা) ২৩:৩৬, ২২ এপ্ৰিল ২০২২ (IST)JyotiPN[উত্তৰ দিয়ক]
  2. উপস্থিত থাকিবলৈ যত্ন কৰিম।-চন্দন চিৰিং ফুকন বাৰ্তা ০৬:৫৫, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  3. সম্পূৰ্ণ সমৰ্থন। উপস্থিত থাকিব পাৰিম। -Nayan j Nath (বাৰ্তা) ১২:০৪, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  4. সমৰ্থন জনালোঁ। Bhaskarjyoti Bhuyan (বাৰ্তা) ১৩:৩৭, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  5. সমৰ্থন জনালোঁ৷ Pallabi Dutta.Baruah (বাৰ্তা) ১৪:১২, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  6. সমৰ্থন কৰিলোঁ৷Pranamikaadhikary (বাৰ্তা) ১৫:৩৪, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  7. আগ্ৰহী। সমৰ্থন জনালোঁ।দীপকজ্যোতি মহন্ত (বাৰ্তা) ১৬:২৭, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  8. উপস্থিত থাকিবলৈ চেষ্টা কৰিম।Rumi Borah~aswiki (বাৰ্তা) ২২:২৭, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  9. সমৰ্থন৷ Gitartha.bordoloi (বাৰ্তা) ১২:৫৫, ৩০ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  10. সমৰ্থন৷ হানিফ আলী (বাৰ্তা) ১৮:৩৫, ৩০ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
  11. সমৰ্থন জনালোঁ৷ -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) ২২:৫৮, ১ মে' ২০২২ (IST)[উত্তৰ দিয়ক]
  12. উপস্থিত থাকিবলৈ যত্ন কৰিম।- অনামিকা(চুমু) বড়া (বাৰ্তা) ১৫:৩৮, ২ মে' ২০২২ (IST)[উত্তৰ দিয়ক]
  13. সমৰ্থন জনালোঁ৷ ৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) ২১:০১, ২ মে' ২০২২ (IST)[উত্তৰ দিয়ক]
  14. সমৰ্থন জনালোঁ । Baruah ranuj (বাৰ্তা) ১৫:১৩, ৩ মে' ২০২২ (IST)[উত্তৰ দিয়ক]
  15. মই বহুদিন ৱিকিউৎসত একো কৰা নাই৷ সেয়েহে কৰ্মশালাত অংশগ্ৰহণ কৰাৰ যি ক্ৰাইটেৰিয়া, সেয়া সম্ভৱতঃ মই পূৰ্ণ কৰিব নোৱাৰিম৷ তথাপি কৰ্মশালাখন সফল হোৱাৰ কামনা কৰিলো৷ Babulbaishya (বাৰ্তা) ২১:০৮, ৪ মে' ২০২২ (IST)[উত্তৰ দিয়ক]
  16. মই নিজে উপস্থিত থাকিব নোৱাৰিম যদিও কৰ্মশালাখনৰ বাবে শুভকামনা জনাইছোঁ। Joli Rumi (বাৰ্তা) ০৭:০৩, ৯ মে' ২০২২ (IST)[উত্তৰ দিয়ক]
অসমীয়া ৱিকিউৎসৰ কেইগৰাকীমান সদস্য

বিৰোধ[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

  1. যিহেতু এই কৰ্মশালাৰ কাৰ্যসূচী দুদিনীয়া হ'ব সেইহেতু আমি দুৰৈৰ পৰা উপস্থিত হোৱা সকলৰ থকা খোৱাৰ ব্যৱস্থা কেনে হ'ব ? নিজাববিয়াকৈ কৰিব লাগিব নে ইয়াৰ বাবে কিবা ব্যৱস্থা হ'ব? অহা-যোৱা গাড়ি ভাৰাও আছে। হানিফ আলী (বাৰ্তা) ০৯:৪০, ২৩ এপ্ৰিল ২০২২ (IST
পূৰ্বৰ অভিজ্ঞতাৰ পৰা দেখিছো, এনে কৰ্মশালাবোৰৰ সম্পূৰ্ণ খৰচ, যেনে থকা, খোৱা-বোৱা আৰু যাতায়ত- সকলো ফাউণ্ডেচনে বহন কৰে। এইবাৰো নিশ্চয় কৰিব। এই বিষয়ে সমন্বয়ক ঈশান জ্যোতি বৰাই সদুত্তৰ দিব পাৰিব। Babulbaishya (বাৰ্তা) ১০:২৭, ২৩ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
হানিফ আলী: চিন্তাই কৰিব নালাগে৷ থকা-খোৱাৰ সুবিধা আৰু আন খৰচ পাবা৷ Gitartha.bordoloi (বাৰ্তা) ১২:৫৯, ৩০ এপ্ৰিল ২০২২ (IST)[উত্তৰ দিয়ক]
কৰ্মশালাৰ এটি মুহূৰ্ত

অংশগ্ৰহণকাৰী[সম্পাদনা কৰক]

  1. ঈশান জ্যোতি বৰা (talk) 14:56, 8 June 2022 (UTC)
  2. Bhaskarjyoti Bhuyan (talk) 14:59, 8 June 2022 (UTC)
  3. Nayan j Nath (talk) 15:05, 8 June 2022 (UTC)
  4. Rumi Borah~aswiki (talk) 16:21, 8 June 2022 (UTC)
  5. প্ৰণামিকা অধিকাৰী Pranamikaadhikary (talk) 17:18, 8 June 2022 (UTC)
  6. Gitartha.bordoloi (talk) 07:53, 9 June 2022 (UTC)
  7. Baruah ranuj (talk) 08:11, 9 June 2022 (UTC)
  8. ৰাজদ্বীপ ৰাজবংশী (talk) 09:17, 9 June 2022 (UTC)
  9. Babulbaishya (talk) 10:13, 9 June 2022 (UTC)
  10. দীপকজ্যোতি মহন্ত
  11. Kuldhar Rabha (talk) 12:38, 9 June 2022 (UTC)
  12. অনামিকা(চুমু) বড়া (talk) 16:00, 9 June 2022 (UTC)
  13. হানিফ আলী (talk) 06:17, 10 June 2022 (UTC)

কাৰ্যসূচী[সম্পাদনা কৰক]

প্ৰাক্-কৰ্মশালা বৈঠক (১০-০৬-২০২২)[সম্পাদনা কৰক]

সময় : সন্ধ্যা ০৮:২০-১০:৪৫লৈকে
সংক্ষিপ্ত ৰূপত আলোচিত হোৱা বিষয়সমূহ

প্ৰাক্-কৰ্মশালাৰ বৈঠকত সমল ব্যক্তি জয়ন্ত নাথৰ সৈতে অসমীয়া ৱিকিউৎসৰ কেইগৰাকীমান সদস্য

(১) স্কেনাৰ প্ৰকল্প : অসমীয়া পুৰণি-ন, আপুৰুগীয়া গ্ৰন্থসমূহ স্কেনিং কৰিবলৈ অসমীয়া ভাষাৰ ৱিকিউৎসক এটা উচ্চ-পৰ্যায়ৰ স্কেনাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হয়৷ কৰ্মশালাৰ সমল ব্যক্তি জয়ন্ত নাথৰ মতে, এই প্ৰকল্পৰ বাবে কমেও ৪০-৫০খন কিতাপ যোগাৰ কৰি ল'ব পাৰিলে আমি স্কেনাৰ এটাৰ বাবে সমূহীয়াকৈ আবেদন জনাব পাৰোঁ৷ এইধৰণৰ কামৰ বাবে অসমীয়া ভাষাৰ ৱিকিউৎসৰ এজন সদস্য বা স্বেচ্ছাসেৱকে দায়িত্ব ল'লে তেওঁক চিআইএছ-এটুকেৰ ফালৰ পৰা উপযুক্ত পাৰিশ্ৰমিক দিয়াটো নীতিগত কথা বুলি জয়ন্ত নাথে দোহাৰে৷ স্কেনাৰটো প্ৰয়োজনবিশেষে অসমৰ এঠাইৰ পৰা আন এঠাইলৈ নিব পৰা যাব আৰু অসমীয়া ৱিকিউৎসৰ অভ্যন্তৰীন বিচাৰ-বিবেচনামতে ইয়াৰ ব্যৱহাৰ হ'ব৷ এনেধৰণৰ প্ৰকল্প অন্যান্য ভাষাৰ ৱিকিউৎসত ইতিমধ্যেই আৰম্ভ হৈছে৷

(২) GLAM প্ৰকল্প : GLAM ৰ অৰ্থ হৈছে Galleries, Library, Archive and Museums)৷ একোটা বিশেষ অঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সমল বা সংগ্ৰহিত তথ্যসমূহ বিভিন্ন কৌশলেৰে ৱিকিপিডিয়া বা ৱিকিউৎসত সংৰক্ষণ কৰাৰ এক বিশেষ প্ৰকল্প৷ উদাহৰণস্বৰূপে, আমি অসমৰ সংগ্ৰহালয় বা ঐতিহ্যমণ্ডিত ঠাইৰ কতৃপক্ষৰ লগত যোগাযোগ কৰি তেওঁলোকৰ দ্বাৰা সংৰক্ষিত সমলসমূহৰ ছবি তুলি ৱিকিপিডিয়াৰ প্ৰকল্পত সংৰক্ষণ কৰিব পাৰোঁ৷ প্ৰকল্পটো Photo documentationৰ লেখীয়া৷ ইয়াৰ বাবে প্ৰয়োজনীয় কেমেৰাকে আদি কৰি সঁজুলি চিআইএছ-এ২কেয়ে যোগান ধৰিব৷

(৩) গ্ৰন্থ সংগ্ৰহ: পুৰণি গ্ৰন্থৰ বাবে আমি অসমৰ প্ৰধান বিশ্ববিদ্যালয়সমূহৰ পুথিভঁৰালৰ লগত বুজাবুজিৰ চুক্তি বা যিকোনো উপযুক্ত উপায়েৰে যোগাযোগ কৰিব পাৰোঁ আৰু তেওঁলোকৰ দ্বাৰা সংগ্ৰহিত কিতাপ ৱিকিউৎসৰ বাবে আগবঢ়াবলৈ অনুৰোধ কৰিব পাৰোঁ৷ আমি কথা পাতিব পাৰোঁ ব্যক্তিগতভাৱে গ্ৰন্থ-সংগ্ৰহ কৰি ৰখা ব্যক্তিৰ লগত৷ নতুবা বিশ্ববিদ্যালয়ৰ লগত অসমীয়া ৱিকিউৎস মধ্যস্থতাকাৰী হিচাপে জড়িত হৈ চিআইএছ-এটুকেৰ লগত এইবিষয়ত পোনপটীয়াকৈ কথা পাতিব পাৰি৷

ইয়াৰ উপৰি অটিআৰএছ, কপিৰাইট, কথাছবিৰ কপিৰাইট আৰু ৱিকিউৎসত কথাছবিৰ ট্ৰেন্সক্লুছন, ৱিকিপিডিয়াত নিৰপেক্ষতা, সম্পাদনা নীতি, সামাজিক মাধ্যমত ৱিকিপিডিয়াৰ সক্ৰিয়তা আদি বিষয়সমূহত থূলমূলকৈ আলোকপাত কৰা হয়৷

প্ৰথম দিন (১১-০৬-২০২২)[সম্পাদনা কৰক]

সময়- পুৱা ৯ঃ০০ বজাৰ পৰা আবেলি ৪ঃ৩০ বজালৈকে আলোচনাৰ সংক্ষিপ্ত বিৱৰণ-

(ক) অসমীয়া ৱিকিউৎসৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সামৰি সদস্য ঈশান জ্যোতি বৰাই এক সংক্ষিপ্ত বিৱৰণৰ উপস্থাপন কৰে।

(খ) সমল ব্যক্তি জয়ন্ত নাথে ভাৰতীয় কপিৰাইট আইন সম্পৰ্কীয় কথা-বতৰাৰে প্ৰথমদিনৰ মুখ্য কাৰ্যসূচীৰ দিশে আগবাঢ়ি যায়।

(গ) মুদ্ৰণ সংশোধন পৃষ্ঠাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰথমে কমন্সৰ পৰা কিতাপৰ নাম কপি কৰি লৈ ৱিকিউৎসত কিতাপৰ সূচী তৈয়াৰ কৰণৰ কাৰিকৰী কৌশল সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে।

(ঘ) বেটুপাত, প্ৰথম পৃষ্ঠা, উকা পৃষ্ঠা ইত্যাদিৰ সংশোধনেৰে পৃষ্ঠা তালিকা তৈয়াৰ কৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আগবঢ়াই ব্যৱহাৰিকভাৱে ইয়াৰ কাৰ্যকৰী কৰণত গুৰুত্ব দিয়া হয়।

(ঙ) মুদ্ৰণ সংশোধনৰ ক্ষেত্ৰত উচ্চতৰ বিকল্প সমূহ যেনে দুটা স্তম্ভত ভাগ হৈ থকা পাঠ্য উদ্ধাৰ কৰি মূল পাঠ্যৰ দৰেই পুনৰ সংশোধন কৰণৰ বিকল্প উপায় সম্পৰ্কে প্ৰশিক্ষণ।

(চ) ট্ৰান্সক্লুড কৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য আগবঢ়াই প্ৰশিক্ষক জয়ন্ত নাথে ইয়াৰ ব্যৱহাৰিক কৌশল সমূহৰ প্ৰশিক্ষণ দিয়ে। ট্ৰান্সক্লুড হোৱা কিতাপ সমূহ pdf, epub ইত্যাদি আৰ্হিত কিদৰে মোবাইল, লেপটপ আদিত পঢ়িব পৰাকৈ আগবঢ়াই দিব পাৰি সেইসম্পৰ্কে অৱগত কৰে।

(ছ) কেনেধৰণৰ ভৱিষ্যত পন্থা হাতত ল'লে অসমীয়া ৱিকিউৎসৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে ইত্যাদি সম্পৰ্কীয় এক বিশেষ কৌশলৰ আৰ্হি উপস্থাপন কৰি প্ৰশিক্ষক গৰাকীয়ে প্ৰথমটো দিনৰ কাৰ্যসূচীৰ সামৰণি মাৰে।

দ্বিতীয় দিন (১২-০৬-২০২২)[সম্পাদনা কৰক]

সময়- পুৱা ৯ঃ০০ বজাৰ পৰা আবেলি ৪ঃ৩০ বজালৈকে

আলোচনাৰ সংক্ষিপ্ত বিৱৰণ-

(ক)উপপৃষ্ঠাৰ সংযোগঃ ইতিমধ্যে ট্ৰান্সক্লুড কৰি সম্পূৰ্ণ হৈ থকা কিতাপ এখনত উপপৃষ্ঠা কেনেকৈ সংযোগ কৰা হয় সেই বিষয়ে তত্ত্ব-কথা কিতাপখনৰ জৰিয়তে প্ৰশিক্ষক জয়ন্ত নাথে অৱগত কৰে। লগতে প্ৰায় ছয়/সাতখন কিতাপৰ উপপৃষ্ঠা সংযোগৰ কাম সদস্যসকলে ব্যৱহাৰিকভাৱে কৰে।

(খ)উচ্চতৰ মুদ্ৰণ সংশোধনঃ এই ক্ষেত্ৰ প্ৰশিক্ষক জয়ন্ত নাথে ছবি থকা পৃষ্ঠা, ভিন্নধৰণৰ পৰিসীমা থকা পৃষ্ঠা, চিত্ৰ আৰু আখৰ একেলগে থকা পৃষ্ঠা, হাতেলিখা আলোচনীৰ পৃষ্ঠা, ৰঙীন আখৰযুক্ত পৃষ্ঠা, সুকীয়া ফণ্টযুক্ত আখৰ(বাক্য) থকা পৃষ্ঠা আদি জটিল সাঁচযুক্ত পৃষ্ঠাৰ মুদ্ৰণ সংশোধন সম্পৰ্কে প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰে।

(গ)প্ৰথম দিনৰ পুনৰালোচনাঃ ৱিকিউৎসৰ ভৱিষ্যত পন্থা কি কি হ'ব সেই সম্পৰ্কে পুনৰ আলোচনা কৰা হয়। সৰ্বাধিক দৰ্শন প্ৰাপ্ত কিতাপসমূহৰ মুদ্ৰণ সংশোধন শুদ্ধকৈ কৰি পৃষ্ঠা তালিকা আৰু উপপৃষ্ঠা সংযোগ কৰি সম্পূৰ্ণ কৰাৰ প্ৰথম লক্ষ্য লোৱা হয়।

ছবি-ভঁৰাল[সম্পাদনা কৰক]

কৰ্মশালাৰ বিভিন্ন ছবি চাবলৈ/জমা কৰিবলৈ কমন্সত এইটো শ্ৰেণী সৃষ্টি কৰা হৈছেঃ https://commons.wikimedia.org/wiki/Category:As_Wiki_Workshop_2022