ৰঙ্গিলী/দশম অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৩৩ ] [ ৩৪ ] তাইক আৰু নেভাবোঁ।” কিন্তু যিমানেই “নেভাবোঁ নেভাবোঁ”, বুলি মনত পাঙে, সিমানেই তাইৰ সুন্দৰ মুখখনি, গজেন্দ্ৰগামিনী খোজটো, মনৰপৰা আঁতৰ নহয়। সেই ওৰে নিশাটো তেওঁ ভালকৈ শুব নোৱাৰিলে। ভাবি ভাবি মনত স্থিৰ কৰিলে যে এই কথাটোৰ সমিধান তেওঁৰ লগৰীয়া বন্ধ সৎৰামৰপৰা নাপালে আৰু আন ঠাইত পাবলৈ নাই— যিহেতু সৎৰাম বৰ বুধিয়ক। এই কথা ভাবি-চিন্তি পিছদিনা দুপৰীয়া তেওঁ খাই বই উঠি সখিয়েক সৎৰামৰ ঘৰলৈ আহিল।

 যি সময়ত শান্তিৰামে সৎৰামৰ ঘৰৰ দুৱাৰমুখত ঠিয় হৈ মাত লগাইছিল— ‘সখি! ঘৰত আছানে, সেই সময়ত সৎৰামে চ’ৰাঘৰৰ, নিজৰ শোৱনি খোঁটালীটোত বান্দৰ এটাক কিবা কিবি শিকাই আছিল। মাক ভনীয়েক উভয়ে ঘৰৰ খোৱা-লোৱা কাৰবাৰত ব্যস্ত আছিল। বাপেক ৰজাঘৰলৈ গৈছিল। শান্তিৰামৰ মাত শুনা মাত্ৰকে বান্দৰটোক তাৰ নিজ ঠাইত বন্ধি থৈ সৎৰামে মিচিককৈ হাঁহি এটা মাৰি আগবাঢ়ি ওলাই আহি কলে— “সখি! আজিনো আমাৰ কি ভাগ্য যে তুমি এইখিনি পালাহি।”

 শান্তিৰাম – “সখি! বৰ লেঠা এটাত পৰি তোমাক বুধি এটা সুধিবলৈ আহিলোঁ।

 সৎৰাম – “এৰা সখি! লেঠাত নপৰিলে হঠাত আমাৰ এইখিনি পালাহিহেতেন জানো? গল নিশা ৰজাঘৰলৈকো নগল। আজিকালি তোমাৰ ধাউতি গাঁও-ভূইৰ গাভৰুসকললৈহে। দুখীয়া লগ সমনীয়াকনো কেলেই লাগিছে?”

 শান্তিৰাম – ‘যোৱা সখি! তোমাক মই বুধি সুধিবলৈ আহিলোঁ। মই কোনো কথা কবলৈ নৌ পাওঁতেই তুমি আৰু আমাক দুখীয়া দেখি পেংলাইহে কৰিবলৈ ধৰিলা।” [ ৩৫ ]  সৎৰাম – “সখি! বেয়া পালানে কি? বাৰু আহা, আহা, বেয়া নাপাবা।” এই বুলি সৎৰামে শান্তিৰামক হাতত ধৰি লৈ গৈ নিজৰ বিছনাত বহুৱালে; আৰু কোনো কথা-বতৰা হোৱাৰ আগেৰেই সৎৰামে ভিতৰলৈ গৈ কলহৰপৰা ঢালি দুবাটি ফটিকা আনি এবাটি সখিয়েক শান্তিৰামক পিয়ালে আৰু আন বাটি নিজে পিলে। তাৰ পিছত সখিয়েকক তামোল এখন খুৱালে আৰু ধপাত এচিলিমো খুৱাই লৈ কলে— “কোৱা সখি! গাঁৱে-ভূৱেনো কত কি লেথা লগালা। কোনজনী গাভৰুতনো মজিলা।”

 শান্তিৰাম – “সখি! তোমতনো আৰু কি লুকাম। তুমি জানাই। মই সদায় দিখৌত আমাৰ হিন্দু চুবুৰিৰ ঘাটত বৰ বাওঁ।

 সৎৰাম – “জানে তো; আৰু তাৰ লগে লগে এইটোও জানো যে তুমি গাঁৱৰ সকলোবিলাক গাভৰুৰে ৰূপ লাৱণ্য ধ্যান কৰা। গাঁৱৰ গাভৰুবিলাকেও তোমাক “বৰশীবোৱা কানাই” বুলি মাতে।

 শান্তিৰাম – “সখি! দৰাচলতে তুমি বৰ টেঙৰ। মই কবলৈ নৌ পাওঁতেই দেখোন তুমি আগচা।”

 সৎৰাম – “সখি! টেঙৰ হব নোৱাৰিলে আজি-কালি সংসাৰত ৰব নোৱাৰি। টেঙৰ নহলেনো কেনেকৈ সদায় আমাৰ স্বৰ্গদেৱক সন্তোষ দিম? বাৰু। মই আৰু আগ নেভেটো, তুমি কোৱা।”

 শান্তিৰাম – “সখি! সঁচাকৈয়ে মই বৰশী বোৱাৰ লগে লগে গাৱৰ এটাইবিলাক গাভৰুক চাওঁ। এটাইবিলাকৰ ভিতৰতে মই তোলন কাকতীৰ জীয়েক পদুমীক ধুনীয়া দেখি আজি এবছৰে তাইৰ প্ৰেমতে মজিলোঁ, ডুবিলোঁ। কি হল সখি! কব নোৱাৰোঁ। খাওঁতে, শোওতে, উঠোতে, বহোঁতে কেৱল তাহলৈহে মনত পৰে। পিছত গল কালি আজি এবছৰে চুপ চুপি তাইক ঘাটত অকলৈ লগ পাই [ ৩৬ ] কৈ পেলালো— “পদুমি! মই তোমাক ভাল পাওঁ। তুমি ভাল পোৱানে?” তাই দেখোন মোৰ কথাষাৰত কোনো উত্তৰ নিদি গুচি গল। কি জানি তাই বেয়া পাই মাক বাপেকক মই তাইক নৈৰ ঘাটত জোকালো বুলি লগাই দি অনৰ্থ ঘটায়! কি জানি তাই মোক ঘিণ কৰে। সখি! মই একো উৱাদিহকে পোৱা নাই।”

 সৎৰাম – “বাৰু সখি! কোৱাচোন গাঁৱৰ মানুহে তাই কেনে বিধৰ ছোৱালী বুলি কয়।

 শান্তিৰাম – “গাৱৰ মানুহৰ কেৱে কেৱে কয় – তাই হেনো অহঙ্কাৰী বিধৰ ছোৱালী। কেৱে কেৱ কয় তাই হেনো গহীন বিধৰ। সখি! কোনটো সঠিক মই হলে কব নোৱাৰে।

 সৎৰাম – “বাৰু সখি! আৰু এটা কথা সেধো। তুমি যে তাইক ভাল পোৱা সেইটো নো কি বিধৰ? তুমি তাইৰে সৈতে গোপন পীৰিতি কৰিব খোজা, নে তাইক জীৱনৰ লগৰী কৰি লব খোজা?

 শান্তিৰাম – “সখি! তাইক মই মোৰ জীৱনৰ লগৰী, ধৰ্মপত্নী স্বৰূপেহে পাবলৈ খোজোঁ। তাইলৈ মই কোনো পাপ ভাব কৰিব নোৱাৰোঁ।”

 সৎৰাম – “সখি! বুজিলোঁ৷ তোমাৰ হৃদয়ৰ কথা। তুমি তাইকে মন প্ৰাণ সমৰ্পিলা। তোমাক তোমাৰ যৌৱনৰ তেজে আৰু তাইৰ ৰূপ-মাধুৰীয়ে তাইৰ গোলাম কবিলে! কিন্তু সখি! তোলন কাকতী দেখোন আমাৰ বিপক্ষ বুঢ়াগোহাঁইৰ ফৈদৰ মানুহ। তোলনে তাৰ জীউতো গলেও তাইক তোমালৈ নিদিয়ে। তেনেকুৱা স্থলত তুমি তাইৰ আশা এৰা ভাল। তাইৰ নিচিনা বা তাইতকৈও কত ভাল ধুনীয়া ধুনীয়া ছোৱালী পাবা।”

 শান্তিৰাম – “সখি! অৱশ্যে এইটো সঁচা যে তাইৰ বাপেকে [ ৩৭ ] তাইক মোলৈ কেতিয়াও নিদিয়ে। তথাপি মোৰ মনে দেখোন নামানে। তাইৰ মনটো কেনেকৈ পাওঁ সখি! তাৰে এটা বুধি দিয়া।”

 সৎৰাম – “সখি! চেষ্টা কৰিলে তাইৰ মনটো পাবা। পুৰুষৰ অসাধ্য কি আছে? তুমি একাষাৰ কথা ঘপহকৈ কৈয়ে যে তাইৰ মনটো পাবা এইটো আশা কৰা তোমাৰ ভুল। চেষ্টা কৰি চোৱা। আকৌ এদিন অকলৈ লগ পাবলৈ চেলু বিচাৰি থাকা। চেষ্টাৰ বলত, বুধিৰ বলত মানুহে বনৰীয়া হাতী-মহকো ধৰি বশ কৰিব লাগিছে। তুমি এজনী গাভৰুকে বশ কৰিব নোৱাৰিবানে?

 শান্তিৰাম – সখি! তাইক অকলৈ লগ পোৱাটো বৰ টান কথা। তাই প্ৰায় সততে লগৰীয়াৰ লগতহে পানী নিবলৈ আহে। দৈৱাৎ সেই দিন যি মই অকলৈ লগ পালো। সেই দিনাৰেপৰা আজিলৈকে তাই আৰু নৈৰ ঘাটলৈ অকলৈ অহা নাই।

 সৎৰাম – সখি! এই মাহটো বাট চোৱা চ'তৰ নিশা-বিহু আহিব লাগিছে; সেই নিশা-বিহুতে লগ ধৰিবা।

 শান্তিৰাম – “সখি? কিনো কম। তাই অগেয়ে নিশা-বিহুত ফুৰিছিল। কিন্তু গল বছৰ তাই নিশা-বিহুলৈ অহা নাছিল। বোধকৰো গাভৰু হোৱা দেখি মাকবাপেকে মানা কৰিছে।

 সৎৰাম – “কোনো প্ৰকাৰে আক তাক লগাইনো তাইক এইবাৰ নিশা-বিহুলৈ আনিব নোৱাৰিনে?

 শান্তিৰাম – “সখি! মোৰ সেইটো সাধ্য নাই। আজি-কালি আমাৰ চুবুৰিৰ কোঁচ-কলিতাসকলৰ জীয়াৰীবোৰেই দশ হলে নিশা-বিহুলৈ যাবলৈ এৰে। সখি! ভাল কথাটো মনত পেলালা। মই কথা এটা ভাবি পাইছোঁ। আমাৰ ৰঙ্গিলী গাভৰুক এটায়ে জানে। তাই প্ৰসিদ্ধ নাচনিয়াৰ। আন কি ৰজা, ৰাজমাও ইত্যাদিসকলেও ভাইৰ [ ৩৮ ] নৃত্য-গীত শলাগে। তাইক সকলোৱে ভাল পায়। তাই কোনো এটা কথা যাকে তাকে খাটিলেই সেই কামটো সিদ্ধি নোহোৱাকৈ নেথাকে। তাই যদি এইবাৰ আমাৰ হিন্দু চুবুৰিলৈ গৈ হিন্দু সঙ্গীহঁতক নাচিবলৈ গাবলৈ মাতে তেন্তে বোধকৰো কেৱে ‘না’ কৰিব নোৱাৰিব। সেইদেখি সখি! মই তোমাক খাটো তুমি মোৰ নাম-ধাম নোকোৱাকৈ ৰঙ্গিলী গাভৰুৰ হতুৱাই তাইক এইবেলি নিশা-বিহুলৈ আনিব নোৱাৰিবনে?”

 সৎৰাম — “হয় সখি! তুমি আচল উপায়টো ভাবিছা। বাৰু মই তোমাৰ সলনি ৰঙ্গিলীক খাটি-লুটি তাইৰ হতুৱাই পদুমীক উলিয়াই অনাই তোমাৰ বুকুত পেলাই দিয়াম। কিন্তু সখি! এটা কথা,ৰঙ্গিলীয়ে জানিবা তাইক আনি তোমাৰ বুকুত দিলে, তাইও জানিবা তোক “ভালপাওঁ” বুলি কলে, তথাচ তুমি মাক বাপেকে নিদিলে তাইক কেনেকৈ পাবা?”

 শান্তিৰাম — “সখি! তাই যদি মোক “ভালপাওঁ” বুলি কয়, তেন্তে তাইক মই পলুৱাই নি আঁতৰত বিয়া কৰাম। মোৰ জেঠাইৰ ঘৰলৈ নি তাইক তাতে বিয়া কৰাম। তাইক আমাৰ হিন্দু মতে বিয়া কৰাই লব পাৰিলেই আৰু এক তোলন নেলাগে দহ তোলনেও আমাক এৰা-এৰি কৰাব নোৱাৰিব।”

 সৎৰাম — “বাৰু সখি! মই সোধো তুমি বেজাৰ নাপাই উত্তৰ দিবা। তাইক নো কেনি কোন বাটেদি পলুৱাই নিবা।”

 শান্তিৰাম — “গাৱৰ ম’হ নিয়া বাটেৰে নিম।”

 সৎৰাম — “মহ নিয়া বাটত যদি হেঙাৰ দি থয়।”

 শান্তিৰাম — “ভূঁইতলিৰ বাটেৰে নিম।”

 সৎৰাম — “তাতে যদি ভেটা থাকে।” [ ৩৯ ]  শান্তিৰাম – “তেন্তে পানী অনা বাটেৰে নিম।”

 সৎৰাম – “তাতো যদি বাধা হয়।”

 শান্তিৰাম – “তেন্তে নৈয়েদি ভটীয়াই—”

 সৎৰাম – (মদৰ ৰাগি লাগি) “ধন্য সখি! ধন্য তোমাৰ প্ৰেম! বাৰু বেয়া নাপাবা। অলপ ধেমালি কৰোঁ। এটা গীত গাওঁ। তুমি শুনা।

গীত—

তোকে যে কেনেকৈ পাম ঐ লাহৰি!
    তোক যে কেনেকৈ পাম।
ভালপোৱা ভাবেৰে, ভালপোৱা মনেৰে।
   চাবি যে লাহৰি ভালপোৱা মনেৰে চাবি।
ভালপোৱা মনেৰে চাম ঐ যে লাহৰি!
      ভালপোৱা মনেৰে চাম;
কিন্তু বিধি যে মোৰ অথালি—বিধি যে মোৰ পথালি
     তোকে যে কোনটো বাটেৰে নিম
 অনা বাটেৰে, ম’হ নিয়া বাটেৰে নিবি।
  ঐ যে সোণাই ঐ ম’হ নিয়া বাটেৰে নিবি
ম’হ অনা বাটতে ম’হ নিয়া বাটতে হেঙাৰ
 ঐ যে লাহৰি ম'হ নিয়া বাটতে হেঙাৰ,
ভূঁইতলিৰ বাটেদি নিবি ঐ যে সোণাই ঐ।
      ভূঁইতলিৰ বাটেৰে নিবি।
তাতে যে মোৰ ভেটা, ঐ তাতে যে মোৰ লেঠা ঐ
      সেই বাটে কেনেকৈ নিম

[ ৪০ ]

পানী অনা বাটেৰে পানী নিয়া বাটেৰে
 নিবি ঐ যে সোণাই ঐ পানী, নিয়া বাটেৰে নিবি।
তাতো যে মোৰ কাঁইট ঐ তাতো যে মোৰ জেং ঐ
   তাতো যে মোৰ থইছে কাঁইট।
নাৱেৰে যে ভটীয়াই নিবি ঐ যে লাহৰি
     ভটীয়াই যে নাৱেৰে নিম;
অচিনাকি দেশত ঐ অচিনাকি বেশত ঐ
     সুখেৰে যে কটামে কাল।

 শান্তিৰাম — ‘সখি! তোমাৰো আৰু ভাল বুধি দিয়া। তৎক্ষণাৎ বিহুৰ গীত এটা জুৰি পেলালা। যি কি নহওক সখি। তোমাৰ দিহা পৰামৰ্শ মতেই চলিম। এতিয়া উঠিবহে খোজো।”

 সৎৰাম — “সখি! আজি গধূলি ৰজাঘৰলৈ যাব৷ নে? কালি স্বৰ্গদেৱে তোমাৰ বিচাৰ লৈছিল। স্বৰ্গদেৱে পচি খেলিব খুজিছিল। পিছত তুমি নথকাত চাৰিজন নহল দেখি খেলা নহল। আজি আহিবলৈ হেলা নকৰিবা।

 শান্তিৰাম — “নিশ্চয় যাম সখি! এতিয়া উঠো হে।”

 সৎৰাম — “ৰবা সখি! আৰু এটুপি অমৃত লৈ যোৱা।”

 শান্তিৰাম — “সখি! সৰহকৈ খালে কেনেবাকৈ বলীয়া হৈ ঢলং-পলং কৰিব পাৰোঁ। বাটত ঢলং-পলং কৰি গলে দেউতাই বুজি পাব। দেউতাই মই মদ খোৱা বুলি বুজি পালে বৰ বেজাৰ পাব। জানায়েতো সখি! মোৰ দেউতা গুৰুঘৰৰ মেধি। মেধিৰ লৰাক মদত মুখ দিয়া শুনিলে আৰু কি থব।”

 সৎৰাম — “ৰবা সখি! ৰজাঘৰত স্বৰ্গদেৱৰ লগত চাৰি-পাঁচ বাটিলৈকে লব পাৰা এতিয়া আমি নিছলাৰ ঘৰত হলে দুটি পিলেই [ ৪১ ] ৰাগি ধৰে। তুমি যেতিয়াই আমাৰ আৰু স্বৰ্গদেৱৰ লগ বুলি দেউতাৰে জানে তেতিয়ানো তোমাৰ দেউতাৰে তুমি মদ খোৱানে নোখোৱা এই কথা নজনাকৈ আছেনে?”

 শান্তিৰাম — “সখি! তোমাক আৰু কথাৰে বলে নোৱাৰোঁ। বাৰু, যদি মৰম কৰি আৰু এবাটি খুৱাব খুজিছা তেন্তে আনা।”

 শান্তিৰামৰ এই কথাত সৎৰামে ভিতৰলৈ গৈ আকৌ দুবাটি মদ আনিলে। এবাটি শান্তিৰামক খুৱালে; ইবাটি নিজে খালে। খাবৰ পৰত “হে মোৰ অমৃত! শান্তিৰাম সখিয়ে যেন পদুমীক লভে। আমাৰ শান্তিৰাম সখিৰ হবখোজা ঘৈণীৰ অৰ্থে এই বাটি” বুলি সৎৰামে মদ পিলে। শান্তিৰামেও সৎৰামক সেইলেখীয়া আশীৰ্বাদ দি অমৃত পান কৰি উঠি নিজা ঘৰ পালেহি।

একাদশ অধ্যায়

⸺*⸺

ৰজাৰ ভিতৰুৱা ৰংচ’ৰাত বিহ-বিৰিখৰ গুটি

 গধূলি গৈ নিশা আৰম্ভ হৈছে। স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ, সৎৰাম, জয়ৰাম, মনাই এই এটাই কেউজনাই ভিতৰুৱা ৰংচ’ৰাত বহি ধেমালি আৰম্ভ কৰিছে। সৎৰামে এবোৰ চোলা-চুৰিয়া পিন্ধি, পাগুৰি এটা মুৰত মাৰি, হাতত লাখুটি এডাল লৈ ৰজাৰ আগত খোজকাঢ়ি ফুৰিছে। জয়ৰামে তেওঁৰ মূৰৰ ওপৰত এটি জাপি