সৎসম্প্ৰদায় কথা/চতুৰ্থ অধ্যায়—বৌদ্ধ খণ্ডন

ৱিকিউৎসৰ পৰা

[ ১৮ ]

চতুৰ্থ অধ্যায়।

বৌদ্ধ খণ্ডন।

লোকাশ্চ সম্প্ৰদায়ঞ্চ কথয়ন্নিহ সাধনাং।
সম্প্ৰদায়ং প্ৰবক্ষ্যামি লোকানুগ্ৰহকাৰকং॥

 পাচে কলিৰ তিন হাজাৰ আঠ শত বাৱন্ন বৎসৰ গৈলে দেবাংশী বিক্ৰমাদিত্য ৰজা ভৈল; যাৰ নৱৰত্ন সভাৰ কীৰ্ত্তি অদ্যাপিয়ে আছে। সেই ৰাজাৰ দিনত কাশীদেশত কলিৰ মূৰ্ত্তি বৌদ্ধ প্ৰৱল হুই ধৰ্ম্মশাস্ত্ৰমানে সকল দেশৰ আগ্ৰহি আনি বৈদ্যনাপৰ গিৰি গুহাত পেলাই মৃদদি ঢাকি থৈল। পাচে বৌদ্ধে পাশুপত্ৰ নামে শাস্ত্ৰ দেখাই বেদৰ বিহিত ধৰ্ম্ম নাশ কৰি সকল লোকক ম্লেচ্ছ কৰিলেক। সেই বেলা তাৰ ভয়ে বিবেকিসবে মনে সদাশিৱক আৰাধিলা। পাচে ধৰ্ম্মনাশ যাইবে দেখি সদাশিৱে পাৰ্ব্বতীৰ সাপ ছলে কাশীৰ দক্ষিণ ভাগে এক ব্ৰাহ্মণীত ঔৰষ বিনাই জন্মিলা। উপজি বোলন্ত “হে মাতঃ কিমদ্মি”। ব্ৰাহ্মণী বিস্ময় হুই বোলে [ ১৯ ] “বৎস মা বদ”। মাতৃৰ এই আজ্ঞা মানি বাৰ বৎসৰ নামাতে দেখি পগলা বুলি মাতে। পাচে একদিনা ব্ৰাহ্মণী শাক ভিক্ষাক গৈলা৷ তান গৃহে ভিক্ষাৰ্থে ক্ষপণকাচাৰ্য্য আসিলা। পাগলা বালকক দেখি মনে গুণিলা মাতিলে মাতৃৰ আজ্ঞা ছন্ন যাই, নামাতিলে ভিক্ষুক আচাৰ্য্য বিমুখে যাই। এহি ধৰ্ম্ম শঙ্কটত মাতিলা।

একা ক্ষপণক শকোহৰ্ত্তা তত্ৰ ক্ষপণক দশকাকাশা।
যত্ৰ ক্ষপণক দশকাকাশা তত্ৰ ক্ষপণক কাশাকাশা॥

 এই শুনি দৰিদ্ৰ বুলি আচাৰ্য্য অন্য গৃহে গৈলা। পাচে তান মাতৃ ভিক্ষালই আসিল। লগৰ বালকসবে কৈল বোলে মাই তোমাৰ পগলাই আজি মাতিছে। ব্ৰাহ্মণী শুনি বালকক বোলে “বৎস কা বাৰ্ত্তা”? বালক বোলে—

“অস্মিন্ মহামোহময়ে কটাহে সূৰ্য্যাগ্নিনারাত্ৰিদিবেন্ধনেন।
মাসৰ্ত্তুদৰ্ব্বীপৰিঘট্টনেন ভূতানি কালঃ পচতীতি বাৰ্ত্তা॥”

ব্ৰাহ্মণী শুনি বোলে নামাতে দেখিহে পগলা বোলো, মহা সুবুদ্ধি বালক; এই বুলি স্নান ভোজন কৰাই বস্ত্ৰ পিন্ধাই গোবিন্দ মুণ্ডনাচাৰ্য্যৰ ঠাই পঢ়িবে দিলা। [ ২০ ] মুণ্ডনাচাৰ্য্যে সিদ্ধিফলিত পাঠ দিলা। পাঠ দি বোলে বালক অ আ ই ঈ উ ঊ ক্ৰমে পঢ়াঁ৷ বালকে বোলে গুৰু কমনে পঢ়িম চল নাপাওঁ। অ অক্ষৰে নিৰাকাৰ ব্ৰহ্মকে কহে। তাত শব্দ-ব্ৰহ্মৰ প্ৰবৃত্তি নচলে। আ অক্ষৰে সাকাৰ প্ৰকৃতিক কহে। তাতেহে শব্দ-ব্ৰহ্মৰ প্ৰবৃত্তি। আগে আ পঢ়ি পাচে অ পঢ়িবে চল পাওঁ; ব্যতিক্ৰমে কেমনে পঢিম। এইৰূপে অ আ দুটি অক্ষৰতে সাত দিন বালকে সহিতে বাদ কৰি ভঙ্গাইবে নাপাৰি মুণ্ডনাচাৰ্য্যে সমাধি ধৰিল৷ তাতে সদাশিৱে দেখা দি বোলে হে মুণ্ডন কেনে খেদ কৰহ যে পগলা বালক সেই মঞি। মোক তঞি কি বাদে পাবস। পাচে মুণ্ডনাচাৰ্য্যে এই দেখি সমাধি এৰি বোলে কি দেখিলো; ভাল আৰু বাদ কৰি চাওঁ। এই বুলি বাদ কৰন্তে দেখে বালকৰ পঞ্চমুখ, শিৰে জটা, হাতে ত্ৰিশূল, গাৱে ভস্ম, কটিত বাঘচাল—এই চিন সাক্ষাতে দেখি মুণ্ডনাচাৰ্য্যে দণ্ডৱতে প্ৰণাম কৰি বোলে প্ৰভু তুমি ঈশ্বৰ সদাশিৱ। মঞি নাজানি তোমাৰ লগে বাদ কৰোঁ অপৰাধ ক্ষমা কৰাঁ; এই বুলি তুতি নতি কৰি শঙ্কৰাচাৰ্য্য নাম দিলা। তাঙ্কে গুৰু কৰি বেদান্তৰ [ ২১ ] সূত্ৰ মানে পঢ়িবে লৈলা। এহি ৰূপে আনো ব্ৰহ্মচাৰী সন্ন্যাসী আসি তাঙ্কে গুৰু কৰিলা। পাচে শঙ্কৰাচাৰ্য্যে বেদান্তৰ ভাষ্য কৰি ভাষ্যকাৰ নাম লৈলা। পাচে আনন্দ লহৰী ক্ৰমে গোপালস্তৱ, শিৱস্তৱ, দুৰ্গাস্তৱ, ভুজঙ্গস্তৱ, সূৰ্য্যস্তৱ, আনো স্তৱ কৰি শিষ্যবৰ্গক দিলা৷ পাচে শিষ্য সমে দক্ষিণে চলিলা। সি দেশৰ কৰ্ম্মকাণ্ডী ঈশ্বৰৰ পন্থ নাজানে দেখি নদীৰ কূলত বৃক্ষৰ মূলত বসিলা। পাচে শিষ্য পঠাই ভিক্ষা খুজি নাপাই আপোনাৰ পাৰিষদ নন্দীক স্মৰিলা। পাচে নন্দী আসিলা ধোবা হুই নদীত কাপুৰ ধুইবে নামিলা; শঙ্কৰচাৰ্য্যে দেখি পদুমা নাম কাঢ়ি মাতিলা; পদুমা আসি প্ৰণাম কৰি বোলে গুৰু কিবা আজ্ঞা। শঙ্কৰে বোলে এই ব্ৰাহ্মণবৰ্গ বাদ কৰি ভঙ্গ কৰ। এই শুনি পদুমা যাই ব্ৰাহ্মণসবক বাদ কৰি ভঙ্গাইলা৷ পাচে ব্ৰাহ্মণসবে বোলে তোমাৰ কিবা নাম। পদুমাই বোলে মোৰ নাম গুৰু সে জানে। ব্ৰাহ্মণে বোলে তোমাৰ গুৰু কৈত আছে। পদুমায়ে বোলে নদীৰ কূলত এই বৃক্ষৰ মূলত আছে। এহি শুনি ব্ৰাহ্মণসবে হাতে হাতে উপায়ন লই বৃক্ষমূলে [ ২২ ] যাই শঙ্কৰাচাৰ্য্যক প্ৰণাম কৰি জ্ঞান পুচিলা। শঙ্কৰাচাৰ্য্যে বোলে ব্ৰাহ্মণৰ গুৰু নহওঁ ৰাজাৰো গুৰু নহওঁ। এই পদুমায়ে তোমাৰ গুৰু। এহি বুলি দক্ষিণ মঠৰ আচাৰ্য্য পাতি পদ্মাচাৰ্য্য নাম দি বাৰাণসীক গৈলা। তৈৰপৰাই বৌদ্ধে শুনি শঙ্কৰাচাৰ্য্যক ভোজন কৰাবা নিলে, শঙ্কৰাচাৰ্য্য যাইবে দেখি বৌদ্ধে পাতত অন্ন দিছে মানুষৰ মুণ্ডৰ খোলাত জল দিচে। পাচে দ্বন্দ্ব লগাই সেই জল গুচাই আপুনাৰ কমণ্ডলুৰ জলে আচান্ত কৰি বসিলা; বৌদ্ধে দেখি বোলে ভাল ভাল আমাৰ শাস্ত্ৰক নিন্দা কৰস ভোজন কৰি তোৰ লগে বাদ কৰো, যাৰ শাস্ত্ৰ মিচা হুই ৰাজা তাকে কাটিবে। শঙ্কৰচাৰ্য্যে বোলে, “এবমস্তু”; আমিও ভোজন কৰি বাদ কৰিম। এই কথা বান্ধি সবে কাশীৰাজাৰ দ্বাৰে গৈলা৷ ৰাজাও বৌদ্ধৰ শিষ্য। দ্বাৰত দুই স্তম্ভ পুতি দুখান কৰত্‌ আড়ি বাদ কৰিবে দিলা। তাতে শঙ্কৰাচাৰ্য্যৰ বৌদ্ধৰ লগে বাদ ভৈলা; পাচে বৌদ্ধে ভঙ্গ হুই ভঙ্গ নামানে দেখি শঙ্কৰচাৰ্য্যে বোলে এই মঠ গোট সাক্ষাতে আছে। আতে উঠি ঝাম্প দিয়া। যাৰ হাত পাও নাভাঙ্গে তাৰেহে শাস্ত্ৰ সত্য। এই [ ২৩ ] শুনি বৌদ্ধে বোলে ভাল ভাল। তোমৰা উঠি আগে ঝাম্প দিয়া আমি চাওঁ, পৰে আমিও উঠি ঝাম্প দিম। এই শুনি শঙ্কৰচাৰ্য্যে পদুমাক উঠিবে পাচিলা। পাচে পদ্মাচাৰ্য্যে যাই মঠে উঠি বোলে “যদি বেদাঃ প্ৰমাণস্যঃ” এই বুলি ঝাম্প দিলা, তাতে পদুমাৰ বাম পাও কিছো খোৰাই দেখি বৌদ্ধে ভঙ্গ নামানে। পাচে শঙ্কোৰাচাৰ্য্যে বোলে বেদত কিছো সংশয় নাই। “যদি” পদ উচ্চাৰণে সংশয় মিলিল, এতেকেহে পদুমাৰ কিছো পাও লৰিল, এহি বুলি পদুমিক উঠিবে পুনু পাচিলা। পাচে পদুমা গুৰুক প্ৰণাম কৰি মঠে উঠি বোলে হে গঙ্গে তুমি সাখী “ঈশ্বৰো সত্যঃ বেদাঃ প্ৰমাণ-প্ৰমাণপ্ৰমাণমেব” এই বুলি ঝাম্প দিলা৷ পাচে পদুমাৰ আগৰ পাও খোৰা গুচিল। পাচে বেদ সত্য জানি, বৌদ্ধ সবে অন্তৰিবে লৈলা কাশী ৰাজাও লজ্জিত ভৈলা। পাচে শঙ্কৰচাৰ্য্যে খড়গ ধৰি বৌদ্ধক কাটি নিৰ্মূল কৰিলা। পাচে কাশী ৰাজাকো বৰ্ণাশ্ৰম ধৰ্ম্মক দেখাইলা। পাচে বৌদ্ধৰ মুদ মেলি বেদ মূল শাস্ত্ৰ মানে আনি লোকতো বৰ্ণাশ্ৰম ধৰ্ম্মক দেখাই চতুৰ্থাশ্ৰম সন্ন্যাসক শ্ৰেষ্ঠ কৰি [ ২৪ ] দেখাইতে গিৰি পুৰি পৰ্ব্বত সৰস্বতী সাগৰ ভাৰতি এই প্ৰমুখে সন্ন্যাসীৰ দশ নাম দি বাৰাণসীৰ চাৰি দিশি চাৰি মঠ পাতিলা। এইৰূপে সদাশিৱে জন্ম লই বৌদ্ধক খণ্ডি লোকত বেদাচাৰ ধৰ্ম্ম ৰাখিলা। হেনয় হৰিহৰ মূৰ্ত্তিক বন্দি হৰি বোল হৰি।

যোহ জনিধৰ্ম্মৰক্ষাৰ্থে জন্মশূন্যোহপি শঙ্কৰঃ।
তস্মৈ বৌদ্ধবিখণ্ডায় নমো হৰিহৰাত্মনে॥
 ইতি সৎসম্প্ৰদায়কথায়াং বৌদ্ধখণ্ডনো নাম
 চতুৰ্থোহধ্যায়ঃ।

⸺৹⸺