পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
সৎসম্প্ৰদায় কথা।

মুণ্ডনাচাৰ্য্যে সিদ্ধিফলিত পাঠ দিলা। পাঠ দি বোলে বালক অ আ ই ঈ উ ঊ ক্ৰমে পঢ়াঁ৷ বালকে বোলে গুৰু কমনে পঢ়িম চল নাপাওঁ। অ অক্ষৰে নিৰাকাৰ ব্ৰহ্মকে কহে। তাত শব্দ-ব্ৰহ্মৰ প্ৰবৃত্তি নচলে। আ অক্ষৰে সাকাৰ প্ৰকৃতিক কহে। তাতেহে শব্দ-ব্ৰহ্মৰ প্ৰবৃত্তি। আগে আ পঢ়ি পাচে অ পঢ়িবে চল পাওঁ; ব্যতিক্ৰমে কেমনে পঢিম। এইৰূপে অ আ দুটি অক্ষৰতে সাত দিন বালকে সহিতে বাদ কৰি ভঙ্গাইবে নাপাৰি মুণ্ডনাচাৰ্য্যে সমাধি ধৰিল৷ তাতে সদাশিৱে দেখা দি বোলে হে মুণ্ডন কেনে খেদ কৰহ যে পগলা বালক সেই মঞি। মোক তঞি কি বাদে পাবস। পাচে মুণ্ডনাচাৰ্য্যে এই দেখি সমাধি এৰি বোলে কি দেখিলো; ভাল আৰু বাদ কৰি চাওঁ। এই বুলি বাদ কৰন্তে দেখে বালকৰ পঞ্চমুখ, শিৰে জটা, হাতে ত্ৰিশূল, গাৱে ভস্ম, কটিত বাঘচাল—এই চিন সাক্ষাতে দেখি মুণ্ডনাচাৰ্য্যে দণ্ডৱতে প্ৰণাম কৰি বোলে প্ৰভু তুমি ঈশ্বৰ সদাশিৱ। মঞি নাজানি তোমাৰ লগে বাদ কৰোঁ অপৰাধ ক্ষমা কৰাঁ; এই বুলি তুতি নতি কৰি শঙ্কৰাচাৰ্য্য নাম দিলা। তাঙ্কে গুৰু কৰি বেদান্তৰ