পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
চতুৰ্থ অধ্যায়।

শুনি বৌদ্ধে বোলে ভাল ভাল। তোমৰা উঠি আগে ঝাম্প দিয়া আমি চাওঁ, পৰে আমিও উঠি ঝাম্প দিম। এই শুনি শঙ্কৰচাৰ্য্যে পদুমাক উঠিবে পাচিলা। পাচে পদ্মাচাৰ্য্যে যাই মঠে উঠি বোলে “যদি বেদাঃ প্ৰমাণস্যঃ” এই বুলি ঝাম্প দিলা, তাতে পদুমাৰ বাম পাও কিছো খোৰাই দেখি বৌদ্ধে ভঙ্গ নামানে। পাচে শঙ্কোৰাচাৰ্য্যে বোলে বেদত কিছো সংশয় নাই। “যদি” পদ উচ্চাৰণে সংশয় মিলিল, এতেকেহে পদুমাৰ কিছো পাও লৰিল, এহি বুলি পদুমিক উঠিবে পুনু পাচিলা। পাচে পদুমা গুৰুক প্ৰণাম কৰি মঠে উঠি বোলে হে গঙ্গে তুমি সাখী “ঈশ্বৰো সত্যঃ বেদাঃ প্ৰমাণ-প্ৰমাণপ্ৰমাণমেব” এই বুলি ঝাম্প দিলা৷ পাচে পদুমাৰ আগৰ পাও খোৰা গুচিল। পাচে বেদ সত্য জানি, বৌদ্ধ সবে অন্তৰিবে লৈলা কাশী ৰাজাও লজ্জিত ভৈলা। পাচে শঙ্কৰচাৰ্য্যে খড়গ ধৰি বৌদ্ধক কাটি নিৰ্মূল কৰিলা। পাচে কাশী ৰাজাকো বৰ্ণাশ্ৰম ধৰ্ম্মক দেখাইলা। পাচে বৌদ্ধৰ মুদ মেলি বেদ মূল শাস্ত্ৰ মানে আনি লোকতো বৰ্ণাশ্ৰম ধৰ্ম্মক দেখাই চতুৰ্থাশ্ৰম সন্ন্যাসক শ্ৰেষ্ঠ কৰি