সমললৈ যাওক

সৎসম্প্ৰদায় কথা/পঞ্চম অধ্যায়—পৰমহংসধৰ্ম্মপ্ৰকাশ

ৱিকিউৎসৰ পৰা

[ ২৫ ]

পঞ্চম অধ্যায়।

পৰমহংস ধৰ্ম্ম প্ৰকাশ।

 পাচে পৰমহংস ধৰ্ম্ম দেখাইতে ব্যাসক গুৰু লৈবে মনে মুৰাৰি ভট্টক সঙ্গে লই উত্তৰে চলি সৰস্বতীৰ তীৰে বৃক্ষমূলে ৰহিলা, তাতে ব্যাসে ছদ্মৰূপে আসি অনেক শাস্ত্ৰ বাদ কৰিলা। দুইৰো ভঙ্গ জয় নাই দেখি ব্যাসে মুৰাৰি ভট্টক বোলে কাৰ ভঙ্গ কাৰ জয় কহ। ভট্ট বোলে—

“শঙ্কৰঃ শঙ্কৰঃ সাক্ষাৎ ব্যাসো নাৰায়ণস্তথা।
দ্বয়োৰ্ব্বিবাদসংপ্ৰাপ্তে কিঙ্কৰঃ কিম্বদিস্যতি॥”

 এই শুনি ব্যাসে হাসি চিন দিলা। শঙ্কৰচাৰ্য্যক বোলে তুমি সদাশিৱ তোমাৰ গুৰু কেনে হৈবো। এখন তুমি দক্ষিণক চলা। দ্বাৰকাৰ সন্মুখত মাহুৰ নাম পৰ্ব্বত আছে। তাৰে গিৰি নাৰায়ণ শৃঙ্গত দত্তাত্ৰেয় গোসাঞি আছে। তাঙ্কে তুমি গুৰু কৰা যাই। এই ব্যাসৰ উপদেশে শঙ্কৰচাৰ্য্যে দক্ষিণে যাই দ্বাৰকাৰ সমুখে মাহুৰ পৰ্ব্বত পাইল। তাৰ গিৰি নাৰায়ণ শৃঙ্গ অতি উচ্চ। লংঘিবে নাপাৰি শিষ্য সব তলে বসিলা। শঙ্কৰাচাৰ্য্যে একলে উঠন্তে কাপুৰ [ ২৬ ] পুথি হাতৰ কমণ্ডলু কটিৰ কপিন খসি খসি পৰিলা। তাকে নচাই উঠিল গই; পাচে শৃঙ্গৰ গহ্বৰে দিগম্বৰ পুৰুষ এক দেখি বোলে “কোভবান্?” দত্তে বোলে সৰ্ব্বত্ৰ এক; এই তান অভেদ বচন শুনি শঙ্কৰচাৰ্য্যে প্ৰদক্ষিণে প্ৰণাম কৰি জ্ঞান পুচিলা। পাচে দত্তে আগে সন্ন্যাস মন্ত্ৰ স্মৰণ কৰাই পাচে পৰমহংস ধৰ্ম্ম কহিলা। পাচে শঙ্কৰচাৰ্য্যে পুনু প্ৰণাম কৰি বোলে হে গুৰু এই ধৰ্ম্মক কলিত কোনে কোনে পালিবেক। দত্তে বোলে তুমি আগে বাৰাণসীত প্ৰৱৰ্ত্তাইবা পাচে বিষ্ণু অংশী কতো পাৰ্ষদাংশী কতো যোগেশ্বৰাংশী বহু মহন্ত অৱতৰি তোমাৰ এই ধৰ্ম্মক পালিবেক আৰু যাবচ্চন্দ্ৰ দিৱাকৰ তাবে কীৰ্ত্তি ৰহি, বেক। এই আজ্ঞা পাইলা। পাচে শঙ্কৰাচাৰ্য্যে দত্তক প্ৰণাম কৰি গিৰিনাৰায়ণ শৃঙ্গৰ নামি শিষ্য সমে বাৰাণসীক আসিলা। পাচে পৰমহংসধৰ্ম্মৰ মূলশাস্ত্ৰ গীতা ভাগৱত বেদান্তৰ মতে জ্ঞানক প্ৰধান কৰি টীকা ৰচিলা আৰু আনন্দগিৰি ও বেদান্তৰ ভাষ্যৰ টীকা ৰচিলা। এই দুই টীকাৰ মতে নিৰাকাৰ ব্ৰহ্মৰ ভক্তি প্ৰৱৰ্ত্তাইলা। আকে নিৰ্গুণ ভক্তি বোলে। পাচে বাৰাণসীৰ চাৰিদিশে [ ২৭ ] চাৰি যোগেশ্বৰক আচাৰ্য্য পাতিলা। পশ্চিমে ৰামানন্দ, উত্তৰে মাধবাচাৰ্য্য, পূৰ্ব্বে সদানন্দ, দক্ষিণে হৰিব্যাস। পাচে এই চাৰি যোগেশ্বৰে স্বকীয় স্বকীয় নাম ধৰ্ম্ম কৰি প্ৰৱৰ্ত্তাইলা। পশ্চিমে ৰামানন্দৰ প্ৰবৰ্ত্তনী—ৰাম নাম, ধৰ্ম্মমানসপূজা, কৰ্ম্মতীৰ্থাটন। উত্তৰে মাধবাচাৰ্য্যৰ প্ৰবৰ্ত্তনি—যুগল কৃষ্ণ-নাম, ধৰ্ম্ম আত্মা পৰিচয়, কৰ্ম্ম গুৰু পৰিচয়। পূৰ্ব্বে সদানন্দৰ প্ৰবৰ্ত্তনি—তিনি তাৰক-নাম, ধৰ্ম্ম-যাত্ৰা মহোৎসৱ, কৰ্ম্ম-সংকীৰ্ত্তন। দক্ষিণে বিষ্ণু শ্যামৰ প্ৰবৰ্ত্তনি নাম নাৰায়ণ, ধৰ্ম্ম ঈশ্বৰ পূজা, কৰ্ম্ম সদাচাৰ। এই ৰূপে চাৰি আচাৰ্য্যৰ প্ৰবৰ্ত্তনি চাৰিদিশে ভৈলা। পাচে শঙ্কবাচাৰ্য্যে বহুকাল থাকি কবিষাগ্নি কৰি ভৌতিক দেহ দহি বৈদ্যনাথত লয় গৈলা। দেখা বৰ্ণাশ্ৰম ধৰ্ম্মতো হৰি বিমুখৰ গতি নাই জানি-পৰম হংস ধৰ্ম্মতে হৰিভক্তি দেখাইলা। হেনয় কৃপাময় শঙ্কৰক স্মৰি হৰি বোল হৰি।

 ব্ৰহ্মচাৰী গৃহী চৈব বান প্ৰস্থী যতিশ্চ বা।
 বিনাবৈষ্ণৱসঙ্গেন নতৰন্তি ভৱাৰ্ণবং॥
ইতি সৎসম্প্ৰদায়কথায়াং পৰমহংসধৰ্ম্ম প্ৰকাশো নাম
 পঞ্চমোহধ্যায়ঃ।