সমললৈ যাওক

সৎসম্প্ৰদায় কথা/তৃতীয় অধ্যায়—পুৰাণ সূৰ্য্য প্ৰকাশ

ৱিকিউৎসৰ পৰা

[ ১৫ ]

তৃতীয় অধ্যায়।

পুৰাণ সূৰ্য্য প্ৰকাশ।

 দ্বাপৰ যুগ গৈলে এই কলিযুগ প্ৰৱৰ্ত্তিল। ইহাতে শ্ৰীকৃষ্ণে পুৰ্ণে আসিছিল। যদি বোলা গত কলিযুগত কিহেতু ঈশ্বৰ পুৰ্ণে নাহে। তাক বিষ্ণুপুৰাণে কহে শুনা। বিষ্ণুএ বোলন্ত ভূভাৰ হৰণ অল্প কাৰ্য্য; মোৰ অংশস্বৰূপ কেশে কৰিতে পাৰে বুলি, ধলা কলিয়া দুই ডালি কেশক যদু কুলত পাঞ্চি দিলা। তাৰে ধলা কেশে ৰাম, কলিয়া কেশে কৃষ্ণ হুই ভূমিৰ ভাৰ হৰি ধৰ্ম্মকো ৰাখি পুনু বিষ্ণুতে লীন গৈলা। ইবাৰ কলিত সৰ্ব্বাৱতাৰ কাৰণ শ্ৰীকৃষ্ণ ব্ৰহ্মানন্দ মূৰ্ত্তি গোলোক বৈকুণ্ঠ হন্তে নৰৰূপে অৱতৰি ঐশ্বৰ্য্য, ধৰ্ম্ম, যশ, শ্ৰী, জ্ঞান, বৈৰাগ্য, এইষড়্‌ ঐশ্বৰ্য্যক পুৰ্ণৰূপে দেখাইলা। নিজ যশ প্ৰকাশি দেৱ, দৈত্য, দানৱ, ৰাক্ষস, নৰ, পশু, পতঙ্গ, তৰু, তৃণ, লতা, সমস্তকে তাৰিলা। ভূমিৰো মহাভাৰ সংহৰি ধৰ্ম্মকো পুৰ্ণে ৰাখিলা। ভাৰত [ ১৬ ] ভূমিৰ জীৱক কৃপায়ে নিজগুণ প্ৰকাশ কৰি উদ্ধৱত ভাগৱত কহিলা; তাতে মৈত্ৰেয়কো পাই বিদুৰত ভাগৱত কহিবে আদেশিলা। এহিৰূপে ভাৰতৰ লোক সমস্তক কৃপায়ে পুৰাণ সূৰ্য্যক পৃথিবীত থই গোকুল মথুৰা দ্বাৰকাবাসি সমে কৃষ্ণ সূৰ্য্য অস্ত গৈলা। উদ্ধৱক মাত্ৰ ধৰ্ম্ম ৰক্ষাৰ্থে ইঠাইতে থৈলা। অদ্যাপিয়ো বদৰিকাশ্ৰমত নৰনাৰায়ণৰ সত্ৰত ভাগৱত শুনি আছে। পাচে শ্ৰীকৃষ্ণ যাইবাৰ জানি পৰীক্ষিতক ৰাজ্য দি যুধিষ্ঠিৰাদিয়ো স্বৰ্গে গৈল। পাচে কলিৰ ছয় কুৰি বৎসৰ গৈলে গঙ্গাৰ দ্বাৰত মৈত্ৰেয়ে অনন্তৰ পাৰাৱত সম্প্ৰদায়ে ভাগৱত বিদুৰত ৰহস্যে কহিলা। এতেকে ভূমিত প্ৰকাশ নহৈল। পাচে এই ভবিষ্যত কথা নাৰদৰ মুখে ব্যাসে শুনি বৈকুণ্ঠী সম্প্ৰদায় সহিতে এক কৰি লিখি দ্বাপৰৰ আদিতে শুকদেৱক পঢ়াই থৈছিল। পাচে কলিৰ আঠকুৰি বাইশ বৎসৰ গৈলে গঙ্গাতীৰত ব্ৰহ্মসভাত বসি শুকদেৱে সেই ভাগৱতক পৰীক্ষিতত কহিলা। তাতে উগ্ৰশ্ৰৱা সুতক যোগ্য দেখি ভাগৱত কৈবাক আদেশি গৈল। যদি বোলা শুকদেৱে অকুলীন সুতক ভাগৱত কৈবে কিয় আজ্ঞা কৰিলে, তাৰ [ ১৭ ] উত্তৰ ব্ৰহ্মাণ্ড পুৰাণে কহে শুনা; পৃথুৰাজা ক্ষত্ৰিয় তান যজ্ঞত ইন্দ্ৰ আহুতি সমে বৃহস্পতিৰ আহুতি মিশ্ৰ কৰি হোম দিলে; তাতে ৰোমহৰ্ষণ জাত ভৈলা। ঋষিয়ে মূলবেদৰ পাঠক নহৈল; কিন্তু বেদৰ সংহিতা পুৰাণ পাঠক হৈল; এতেকেসে শুকদেৱে তান পুত্ৰ উগ্ৰশ্ৰৱা সুতক ভাগৱত কৈবে আদেশিলা। পাচে কলিৰ ডেৰ হাজাৰ বৎসৰ গৈলে নৈমিষাৰণ্যত শুকদেৱৰ আজ্ঞায়ে সেই সুতে ষড় সম্প্ৰদায় তুলি সৌনকাদি মুনিসৱত কহিলা; তাতে বহু ব্ৰাহ্মণ শ্ৰোতা ভৈল, কাৰণ পুৰাণ-সূৰ্য্য পৃথিৱীত বহু প্ৰকাশ ভৈল। আনো ধৰ্ম্মশাস্ত্ৰ মানে তান অনুৱৰ্ত্তি হই পৃথিৱীত প্ৰকাশিল। এতেকে কলিত বৰ্ণাশ্ৰম-ধৰ্ম্মতো অধিক ভক্তি-ধৰ্ম্ম প্ৰৱৰ্ত্তিল। আকে জানি পুৰাণ সূৰ্য্যক প্ৰণামি হৰিবোল হৰি৷

বন্দে ভাগৱতং শাস্ত্ৰং পুৰাণাৰ্কমিহোদিতং।
যৎপ্ৰকাশাৎ সৰ্ব্বধৰ্ম্মাৎ ভক্তিধৰ্ম্মোহতিৰিষ্যতে॥
 ইতি শাস্ত্ৰোৎপত্তিসম্প্ৰদায়কথায়াং
 পুৰাণসূৰ্য্যপ্ৰকাশো নাম
 তৃতীয়োহধ্যায়ঃ।

⸺৹⸺