পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চতুৰ্থ অধ্যায়।

বৌদ্ধ খণ্ডন।

লোকাশ্চ সম্প্ৰদায়ঞ্চ কথয়ন্নিহ সাধনাং।
সম্প্ৰদায়ং প্ৰবক্ষ্যামি লোকানুগ্ৰহকাৰকং॥

 পাচে কলিৰ তিন হাজাৰ আঠ শত বাৱন্ন বৎসৰ গৈলে দেবাংশী বিক্ৰমাদিত্য ৰজা ভৈল; যাৰ নৱৰত্ন সভাৰ কীৰ্ত্তি অদ্যাপিয়ে আছে। সেই ৰাজাৰ দিনত কাশীদেশত কলিৰ মূৰ্ত্তি বৌদ্ধ প্ৰৱল হুই ধৰ্ম্মশাস্ত্ৰমানে সকল দেশৰ আগ্ৰহি আনি বৈদ্যনাপৰ গিৰি গুহাত পেলাই মৃদদি ঢাকি থৈল। পাচে বৌদ্ধে পাশুপত্ৰ নামে শাস্ত্ৰ দেখাই বেদৰ বিহিত ধৰ্ম্ম নাশ কৰি সকল লোকক ম্লেচ্ছ কৰিলেক। সেই বেলা তাৰ ভয়ে বিবেকিসবে মনে সদাশিৱক আৰাধিলা। পাচে ধৰ্ম্মনাশ যাইবে দেখি সদাশিৱে পাৰ্ব্বতীৰ সাপ ছলে কাশীৰ দক্ষিণ ভাগে এক ব্ৰাহ্মণীত ঔৰষ বিনাই জন্মিলা। উপজি বোলন্ত “হে মাতঃ কিমদ্মি”। ব্ৰাহ্মণী বিস্ময় হুই বোলে