পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
চতুৰ্থ অধ্যায়।

সূত্ৰ মানে পঢ়িবে লৈলা। এহি ৰূপে আনো ব্ৰহ্মচাৰী সন্ন্যাসী আসি তাঙ্কে গুৰু কৰিলা। পাচে শঙ্কৰাচাৰ্য্যে বেদান্তৰ ভাষ্য কৰি ভাষ্যকাৰ নাম লৈলা। পাচে আনন্দ লহৰী ক্ৰমে গোপালস্তৱ, শিৱস্তৱ, দুৰ্গাস্তৱ, ভুজঙ্গস্তৱ, সূৰ্য্যস্তৱ, আনো স্তৱ কৰি শিষ্যবৰ্গক দিলা৷ পাচে শিষ্য সমে দক্ষিণে চলিলা। সি দেশৰ কৰ্ম্মকাণ্ডী ঈশ্বৰৰ পন্থ নাজানে দেখি নদীৰ কূলত বৃক্ষৰ মূলত বসিলা। পাচে শিষ্য পঠাই ভিক্ষা খুজি নাপাই আপোনাৰ পাৰিষদ নন্দীক স্মৰিলা। পাচে নন্দী আসিলা ধোবা হুই নদীত কাপুৰ ধুইবে নামিলা; শঙ্কৰচাৰ্য্যে দেখি পদুমা নাম কাঢ়ি মাতিলা; পদুমা আসি প্ৰণাম কৰি বোলে গুৰু কিবা আজ্ঞা। শঙ্কৰে বোলে এই ব্ৰাহ্মণবৰ্গ বাদ কৰি ভঙ্গ কৰ। এই শুনি পদুমা যাই ব্ৰাহ্মণসবক বাদ কৰি ভঙ্গাইলা৷ পাচে ব্ৰাহ্মণসবে বোলে তোমাৰ কিবা নাম। পদুমাই বোলে মোৰ নাম গুৰু সে জানে। ব্ৰাহ্মণে বোলে তোমাৰ গুৰু কৈত আছে। পদুমায়ে বোলে নদীৰ কূলত এই বৃক্ষৰ মূলত আছে। এহি শুনি ব্ৰাহ্মণসবে হাতে হাতে উপায়ন লই বৃক্ষমূলে