পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সৎসম্প্ৰদায় কথা।

দেখাইতে গিৰি পুৰি পৰ্ব্বত সৰস্বতী সাগৰ ভাৰতি এই প্ৰমুখে সন্ন্যাসীৰ দশ নাম দি বাৰাণসীৰ চাৰি দিশি চাৰি মঠ পাতিলা। এইৰূপে সদাশিৱে জন্ম লই বৌদ্ধক খণ্ডি লোকত বেদাচাৰ ধৰ্ম্ম ৰাখিলা। হেনয় হৰিহৰ মূৰ্ত্তিক বন্দি হৰি বোল হৰি।

যোহ জনিধৰ্ম্মৰক্ষাৰ্থে জন্মশূন্যোহপি শঙ্কৰঃ।
তস্মৈ বৌদ্ধবিখণ্ডায় নমো হৰিহৰাত্মনে॥
 ইতি সৎসম্প্ৰদায়কথায়াং বৌদ্ধখণ্ডনো নাম
 চতুৰ্থোহধ্যায়ঃ।

⸺৹⸺