“বৎস মা বদ”। মাতৃৰ এই আজ্ঞা মানি বাৰ বৎসৰ নামাতে দেখি পগলা বুলি মাতে। পাচে একদিনা ব্ৰাহ্মণী শাক ভিক্ষাক গৈলা৷ তান গৃহে ভিক্ষাৰ্থে ক্ষপণকাচাৰ্য্য আসিলা। পাগলা বালকক দেখি মনে গুণিলা মাতিলে মাতৃৰ আজ্ঞা ছন্ন যাই, নামাতিলে ভিক্ষুক আচাৰ্য্য বিমুখে যাই। এহি ধৰ্ম্ম শঙ্কটত মাতিলা।
একা ক্ষপণক শকোহৰ্ত্তা তত্ৰ ক্ষপণক দশকাকাশা।
যত্ৰ ক্ষপণক দশকাকাশা তত্ৰ ক্ষপণক কাশাকাশা॥
এই শুনি দৰিদ্ৰ বুলি আচাৰ্য্য অন্য গৃহে গৈলা। পাচে তান মাতৃ ভিক্ষালই আসিল। লগৰ বালকসবে কৈল বোলে মাই তোমাৰ পগলাই আজি মাতিছে। ব্ৰাহ্মণী শুনি বালকক বোলে “বৎস কা বাৰ্ত্তা”? বালক বোলে—
“অস্মিন্ মহামোহময়ে কটাহে সূৰ্য্যাগ্নিনারাত্ৰিদিবেন্ধনেন।
মাসৰ্ত্তুদৰ্ব্বীপৰিঘট্টনেন ভূতানি কালঃ পচতীতি বাৰ্ত্তা॥”
ব্ৰাহ্মণী শুনি বোলে নামাতে দেখিহে পগলা বোলো, মহা সুবুদ্ধি বালক; এই বুলি স্নান ভোজন কৰাই বস্ত্ৰ পিন্ধাই গোবিন্দ মুণ্ডনাচাৰ্য্যৰ ঠাই পঢ়িবে দিলা।