সাহিত্য - সপ্তম ভাগ/পৰিশিষ্ট

ৱিকিউৎসৰ পৰা
[ ১৫৩ ]

পৰিশিষ্ট।

[ এই পুথিত ব্যৱহাৰ কৰা কঠিন শব্দ আৰু বাক্যাংশৰ অৰ্থ,
আৰু বিশিষ্ট লোকৰ পৰিচয়। ]

 ১৩ পৃঃ চিয়ামত••••••ইচলাম ধৰ্মাৱলম্বীসকল চিয়া আৰু চুন্নী নামে দুই সম্প্ৰদায়ত বিভক্ত। ভাৰতবৰ্ষ, তুৰ্কীস্থান, তুৰস্ক আৰু আৰবত চুন্নী আৰু পাৰস্যত চিয়ামতৰ প্ৰাধান্য দেখা যায়। চুন্নীসকলে মোহম্মদৰ পাচত আবুবক্কৰ, ওমাৰ, ওচমান আৰু আলিক যথাক্ৰমে খলিফা পদৰ উত্তৰাধিকাৰী বুলি স্বীকাৰ কৰে। চিয়াসকলে মোহম্মদৰ জোঁৱায়েক আৰু ভায়েক আলিক উত্তৰাধিকাৰী আৰু ভগবানৰ অৱতাৰ বুলি স্বীকাৰ কৰে।

 ১৫ পৃঃ জাইগীৰদাৰ•••[ জাইগীৰ⸺পুৰস্কাৰ স্বৰূপ ৰজাই যি মাটি দিয়ে ] ৰজাই পুৰস্কাৰস্বৰূপে দিয়া ভূমিৰ অধিকাৰী।

 ১৬ পৃঃ কুব্ৰাই খাঁ (কুবলা খাঁ। ত্ৰয়োদশ শতিকাৰ মধ্য এচিয়াৰ এজন বিখ্যাত ৰজা। এওঁৰ ৰাজ্য চীনৰ বিখ্যাত প্ৰাচীৰৰ ওচৰ পাইছিল গৈ। এওঁ ৰোমলৈ দূত পঠাই পোপৰ লগত মিত্ৰতা কৰিছিল।

 ১৬ পৃঃ মাৰ্কোপোল (মাৰ্কপলো) এজন বিখ্যাত ভ্ৰমণকাৰী। এওঁ ইটালিৰ ভেনিচ নগৰত ১২৪৪খ্ৰীঃ অব্দত উপজিছিল। মাৰ্কোপোলে চিৰিয়া, বোগদাদ, খোৰাসান, বাল্খ, [ ১৫৪ ] ইয়াৰখন্দ, খোটান, গোবী মৰু, চীন, সুমাত্ৰা দ্বীপ পৰ্য্যটন কৰে। ১২৯৫ খ্ৰীঃ অব্দত এওঁ ভেনিচলৈ ঘূৰি যায়।

 ১৬ পৃঃ মোজেচ ( মূষা)•••এওঁ খ্ৰীঃ পূঃ ১৫৭১ অব্দত মিচৰ দেশত উপজিছিল। জীৱনৰ আৰম্ভতে এওঁ ভেঁড়া-চৰোৱা ব্যৱসায় কৰিছিল। কথিত আছে, যে মোজেচে ঈশ্বৰৰ আদেশত ইহুদীবিলাকক মিচৰৰপৰা পেলেষ্টাইনলৈ লৈ আছে। এওঁ ইয়াৰ চিনাই পৰ্ব্বতত উঠোঁতে ভগবানৰপৰা কিছুমান বাণী শুনিবলৈ পায়। মোজেচে সেইবোৰ আদেশবাণী ইহুদীবিলাকৰ মাজত প্ৰচাৰ কৰে। মোজেচ ইহুদী-ধৰ্ম্মবিধি প্ৰণয়ন কৰোঁতা।

 ৬৩ পৃঃ ত্ৰিতয় কাৰ্য্য••• [ ত্ৰিতয়•••৩ সংখ্যা, তিনি ] কৰ্ম্ম, অজ্ঞান আৰু সংসাৰ ভয়।

 ৬৩ পৃঃ কৰ্ম্মজড়•• [ জড়—অচল, এতেকে আৱদ্ধ ] কৰ্ম্মত আৱদ্ধ বা আসক্ত।

 ৬৩ পৃঃ সংসাৰ-ভয়•••[ সংসাৰৰ ভয় ] জন্ম-মৃত্যুৰ ভয়; সংসাৰত পুনঃ পুনঃ জম্মি নানা লালাত ভোগ কৰা ভয়।

 ৬৪ পৃঃ সগুণ-নিৰ্গুণ ভক্তি, ভগবানত গুণ আৰোপ কৰি সাকাৰ ভাৱে কৰা ভক্তি, আৰু ভগবান সকলো গুণৰ অতীত বুলি ভাবি নিৰাকাৰ ভাৱে কৰা ভক্তি।

 ৮৭ পৃঃ মহা অনুভৱ••মহানুভৱ।

 ৯৬ পৃঃ বঁটা বাহন•••পুৰস্কাৰ।

 ১০২ পৃঃ ত্ৰিদিব••• [ ত্ৰি•••তিনি--ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ; দিব—ক্ৰীড়া কৰা, দীপ্তি পোৱা ] স্বৰ্গ। [ ১৫৫ ]  ১০৩ পৃঃ দুন্দুভি•••ভাঙৰ পটহ, নাগৰা।

 ১০৩ পৃঃ ত্ৰিদশ—[ তিনি দশা যাৰ অৰ্থাৎ দেৱতা ] যাৰ চিৰকাল যৌৱন আছে; দেৱতা।

 ১০৩ পৃঃ সৌৰভৰ দৰে শুৱালে আনন্দ•••[ সৰস্বতীয়ে আনন্দৰামক পদ্ম আসনত বহুৱাত ] আনন্দৰাম পদ্মফুলৰ সুগন্ধৰ দৰে তাত শোভা পালে।

 ১০৪ পৃঃ শক্তিশেল—অস্ত্ৰ বিশেষ; ৰাৱণে এই অস্ত্ৰেৰে লক্ষ্মণক অচেতন কৰিছিল।

 ১১০ পৃঃ শম্পা•••বিদ্যুৎ।

 ১১০ পৃঃ গৰ্ভত্ৰাস•••অন্তৰৰ ভয়।

 ১১০ পৃঃ ব্ৰজ••••গোষ্ঠ; মথুৰাৰ ওচৰত থকা গোকুল; শ্ৰীকৃষ্ণ বাল্যকালত ইয়াতেই ডাঙৰ হৈছিল।

 ১১০ পৃঃ বৃষ্টি-দড়া [ দড়া- ডাঙৰ দীঘল জৰী] বৰষুণৰ ধাৰ।

 ১১১ পৃঃ ঝঞ্জাবাত [ ঝঞ্জা যুক্ত যি বাত ] বৰ বেগে বোৱা বতাহ; বতাহ বৰষুণ।

 ১১১ পৃঃ পাণিনি—এওঁৰ মাতৃৰ নাম দাক্ষীদেবী। খ্ৰীঃ ৭০০ বছৰ পূৰ্ব্বত এওঁ পঞ্জাবৰ শলাতুৰ গাৱঁত ওপজে। প্ৰথমে পাটালিপুত্ৰত এওঁ লিখা পঢ়া শিকিছিল; পাচত হিমালয় পৰ্ব্বতত তপস্যা কৰি ব্যাকৰণ শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰে। এওঁ এখন ব্যাকৰণ ৰচনা কৰে। এই ব্যকৰণখন “পাণিনি ব্যাকৰণ” নামে প্ৰসিদ্ধ। [ ১৫৬ ]  ১১১ পৃঃ কৰ্ণখাদক•••শ্ৰীধৰ কন্দলীৰ কাণখোৱা পুথিৰ পদ্যত লিখা সংস্কৃত অনুবাদ পুথি।

 ১৪৩ পৃঃ কল•••বৃহৎ, ভয়ঙ্কৰ।

  ,, ক্ৰোঞ্চমিথুন•••[ ক্ৰোঞ্চ—বক; মিথুন—স্ত্ৰী-পুৰুষ ] এজোৰা বক।

 ১৪৪ পৃঃ কবল•••গ্ৰাস।

  ,, নিস্বন••(নি-স্বন্+অল ) ধ্বনি, ৰব।

  ,, দ্বৈপায়ন•••( দ্বীপ+অয়ন, ষ্ণ) যমুনা দ্বীপত ব্যাসৰ জন্ম হৈছিল, সেই কাৰণে ব্যাসক দ্বৈপায়ন বলে।

 ১৪৬ পৃঃ সৌজন্য (সুজন+ষ্ণ্য ) শিষ্টাচাৰ, সজ ব্যৱহাৰ।

 ১৪৭ পৃঃ উচ্ছাস [ উদ-শ্বস ( শ্বাস প্ৰশ্বাস কৰা )+ঘঞ্‌ ] বিকাশ।

 ১৪৮ পৃঃ কপিল•••কৰ্দ্দমৰ ঔৰসত দেবহূতিৰ গৰ্ভত এওঁৰ জন্ম হয়। এৱেই সাঙ্খ্যদৰ্শন প্ৰণয়ন কৰিছিল।

 ১৪৮ পৃঃ পাতঞ্জল•••পাতঞ্জলিয়ে যোগকাণ্ডৰ এখন দৰ্শন শাস্ত্ৰ এই দৰ্শনক পাতঞ্জল বোলে। পাতঞ্জল শব্দে পাতঞ্জলিকো বুজায়। পাতঞ্জলিৰ পিতৃৰ নাম প্ৰাচীন যোগ।

 ১৪৮ পৃঃ ৰুচি•••প্ৰজাপতি বিশেষ; আকুতিৰ লগত এওঁৰ বিয়া হয়। এওঁলোকৰ যজ্ঞ আৰু দক্ষিণ নামে দুটা যমজ পুত্ৰ- কন্যা জন্মে।

 ১৭৮ পৃঃ সুৰথ•••চৈত্ৰৰ পুত্ৰ। এৱেঁই পৃথিবীত পোনতে দুৰ্গা পূজা প্ৰচলন কৰে। সমস্ত ভূমণ্ডলত এওঁ ৰাজচক্ৰবৰ্ত্তী আছিল। [ ১৫৭ ]  ১৪৮ পৃঃ হানিবল•••খ্ৰঃ পূঃ ২৪৭ অব্দত এওঁ কাৰ্থেজ নগৰত জন্মে। এওঁৰ পিতৃ হামিলকাৰও এজন বিখ্যাত সেনাপতি আছিল। হানিবলে ন বছৰ বয়সতে, চিৰকাল ৰোমৰ বিপক্ষে যুদ্ধ কৰিম বুলি পিতৃৰ ওচৰত প্ৰতিজ্ঞা কৰে। এওঁ অলপ ডাঙৰ হৈয়েই পোনতে ৰণুৱাৰ কাম কৰে, পাচত সেনাপতি হৈ প্ৰায় সমস্ত স্পেইন অধিকাৰ কৰে। তাৰ পাচত তেওঁ বহুত সৈন্য লৈ স্থলপথে ইটালী আক্ৰমণ কৰে। ৰোমসেনাপতিয়ে হানিবলক বাধা দিব নোৱাৰি হানিবলৰ কাৰ্থেজ আক্ৰমণ কৰে; তাকে দেখি হানিবলে নিজৰ দেশ ৰক্ষা কৰিবলৈ উলটি অহাত ৰোমসেনাপতিৰ লগত ৰণ হয়। হানিবল ৰণত হাৰি পলাই ফুৰে আৰু শেষত বিচ খাই আত্মহত্যা কৰে (খ্ৰঃ পূঃ ১৮৩)।

 ১৪৮ পৃঃ নেপোলিয়ন•••১৭৮২ খ্ৰীষ্টাব্দত কৰ্চিকা দ্বীপত এওঁ জম্মিছিল। দহ বছৰ বয়সতে এওঁ সৈনিক বিদ্যালয়ত ভৰ্ত্তি হয় আৰু পোন্ধৰ বছৰ বয়সলৈ তাত শিক্ষালাভ কৰে। ফৰাচী ৰাষ্ট্ৰ- বিপ্লবৰ পাচত দেশত সাধাৰণতন্ত্ৰ স্থাপিত হোৱাত নেপোলিয়ন পোনতে “কনচল” পাচত “ৰজা” হয়। ইউৰোপৰ অন্যান্য শক্তিৰ লগত এওঁ কেইবা বাৰো ৰণ কৰে। শেষত ৱাটাৰলু নামে ঠাইৰ যুদ্ধত নেপোলিয়ন হাৰি বন্দী হয়। এওঁ মৃত্যুৰ পূৰ্ব্বক্ষণলৈ চেণ্টহেলিনা দ্বীপত অৱদ্ধ হৈ আছিল। নেপোলিয়ন ১৮২১ খ্ৰীষ্টাব্দত মৰে।

 ১৪৮ পৃঃ প্ৰতীচ্য ••• [ প্ৰতীচী—পশ্চিম দিক)+ ণীয় ] পশ্চিম দিশত জন্মা, পশ্চিমদেশীয়। [ ১৫৮ ]  ১৪৮ পৃঃ জুলীয়চ চীজাৰ•••এওঁ ৰোমসেনাপতি। এওঁৰ বাহুবলতে ৰোমৰাজ্য বিস্তাৰ হৈছিল। খ্ৰীষ্ট পূৰ্ব্ব ৫৫ বছৰ আগত এওঁ বৃটন দ্বীপো জয় কৰিছিল।

 ১৫১ পৃঃ সমাহাৰ•••(সম—আ—হৃ + ঘঞ্‌) সংগ্ৰহ, সমূহ।

 ১৫১ পৃঃ মঞ্চ•••বেদী, টং, ওখ চাং।

⸻⸻