পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
সাহিত্য


ইয়াৰখন্দ, খোটান, গোবী মৰু, চীন, সুমাত্ৰা দ্বীপ পৰ্য্যটন কৰে। ১২৯৫ খ্ৰীঃ অব্দত এওঁ ভেনিচলৈ ঘূৰি যায়।

 ১৬ পৃঃ মোজেচ ( মূষা)•••এওঁ খ্ৰীঃ পূঃ ১৫৭১ অব্দত মিচৰ দেশত উপজিছিল। জীৱনৰ আৰম্ভতে এওঁ ভেঁড়া-চৰোৱা ব্যৱসায় কৰিছিল। কথিত আছে, যে মোজেচে ঈশ্বৰৰ আদেশত ইহুদীবিলাকক মিচৰৰপৰা পেলেষ্টাইনলৈ লৈ আছে। এওঁ ইয়াৰ চিনাই পৰ্ব্বতত উঠোঁতে ভগবানৰপৰা কিছুমান বাণী শুনিবলৈ পায়। মোজেচে সেইবোৰ আদেশবাণী ইহুদীবিলাকৰ মাজত প্ৰচাৰ কৰে। মোজেচ ইহুদী-ধৰ্ম্মবিধি প্ৰণয়ন কৰোঁতা।

 ৬৩ পৃঃ ত্ৰিতয় কাৰ্য্য••• [ ত্ৰিতয়•••৩ সংখ্যা, তিনি ] কৰ্ম্ম, অজ্ঞান আৰু সংসাৰ ভয়।

 ৬৩ পৃঃ কৰ্ম্মজড়•• [ জড়—অচল, এতেকে আৱদ্ধ ] কৰ্ম্মত আৱদ্ধ বা আসক্ত।

 ৬৩ পৃঃ সংসাৰ-ভয়•••[ সংসাৰৰ ভয় ] জন্ম-মৃত্যুৰ ভয়; সংসাৰত পুনঃ পুনঃ জম্মি নানা লালাত ভোগ কৰা ভয়।

 ৬৪ পৃঃ সগুণ-নিৰ্গুণ ভক্তি, ভগবানত গুণ আৰোপ কৰি সাকাৰ ভাৱে কৰা ভক্তি, আৰু ভগবান সকলো গুণৰ অতীত বুলি ভাবি নিৰাকাৰ ভাৱে কৰা ভক্তি।

 ৮৭ পৃঃ মহা অনুভৱ••মহানুভৱ।

 ৯৬ পৃঃ বঁটা বাহন•••পুৰস্কাৰ।

 ১০২ পৃঃ ত্ৰিদিব••• [ ত্ৰি•••তিনি--ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ; দিব—ক্ৰীড়া কৰা, দীপ্তি পোৱা ] স্বৰ্গ।