পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিশিষ্ট।

[ এই পুথিত ব্যৱহাৰ কৰা কঠিন শব্দ আৰু বাক্যাংশৰ অৰ্থ,
আৰু বিশিষ্ট লোকৰ পৰিচয়। ]

 ১৩ পৃঃ চিয়ামত••••••ইচলাম ধৰ্মাৱলম্বীসকল চিয়া আৰু চুন্নী নামে দুই সম্প্ৰদায়ত বিভক্ত। ভাৰতবৰ্ষ, তুৰ্কীস্থান, তুৰস্ক আৰু আৰবত চুন্নী আৰু পাৰস্যত চিয়ামতৰ প্ৰাধান্য দেখা যায়। চুন্নীসকলে মোহম্মদৰ পাচত আবুবক্কৰ, ওমাৰ, ওচমান আৰু আলিক যথাক্ৰমে খলিফা পদৰ উত্তৰাধিকাৰী বুলি স্বীকাৰ কৰে। চিয়াসকলে মোহম্মদৰ জোঁৱায়েক আৰু ভায়েক আলিক উত্তৰাধিকাৰী আৰু ভগবানৰ অৱতাৰ বুলি স্বীকাৰ কৰে।

 ১৫ পৃঃ জাইগীৰদাৰ•••[ জাইগীৰ⸺পুৰস্কাৰ স্বৰূপ ৰজাই যি মাটি দিয়ে ] ৰজাই পুৰস্কাৰস্বৰূপে দিয়া ভূমিৰ অধিকাৰী।

 ১৬ পৃঃ কুব্ৰাই খাঁ (কুবলা খাঁ। ত্ৰয়োদশ শতিকাৰ মধ্য এচিয়াৰ এজন বিখ্যাত ৰজা। এওঁৰ ৰাজ্য চীনৰ বিখ্যাত প্ৰাচীৰৰ ওচৰ পাইছিল গৈ। এওঁ ৰোমলৈ দূত পঠাই পোপৰ লগত মিত্ৰতা কৰিছিল।

 ১৬ পৃঃ মাৰ্কোপোল (মাৰ্কপলো) এজন বিখ্যাত ভ্ৰমণকাৰী। এওঁ ইটালিৰ ভেনিচ নগৰত ১২৪৪খ্ৰীঃ অব্দত উপজিছিল। মাৰ্কোপোলে চিৰিয়া, বোগদাদ, খোৰাসান, বাল্খ,